Logo
image

কংগ্ৰেছৰ ইছ্যু তৰুণ গগৈ এণ্ড ছন্‌ছঃ জয়ন্তমল্ল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ফেব্ৰুৱাৰীঃ ‘অসমত তৰুণ গগৈ এণ্ড হিজ চনছ প্ৰাইভেট লিমিটেড আৰু দিল্লীত গান্ধী নেহৰু ফেমিলী কোম্পানীৰাজ  চলাই থকাটোৱেই কংগ্ৰেছৰ উদ্দেশ্য৷ অসমত গৌৰব গগৈ, দিল্লীত ৰাহুল গান্ধীৰ সংস্থাপনেই দলটোৰ লক্ষ্য৷’ –এই মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ৷ মঙলবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি বৰুৱাই কয়–‘কংগ্ৰেছত ধুমুহা আহিয়েই আছে৷ এই ধুমুহাই কংগ্ৰেছক ভাঙি-চিঙি চুৰমাৰ কৰিব৷’ ইফালে যোৰহাট লোকসভা সমষ্টিৰ ক্ষেত্ৰত আজিয়েই দলীয় বিষয়ববীয়াৰে আলোচনা কৰি নিশালৈ প্ৰতিবেদন দাখিল কৰা হ’ব বুলিও বৰুৱাই সাংবাদিকক জানিবলৈ দিয়ে৷ মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই বৰুৱাই কয়–এতিয়ালৈকে আমি চাৰে এঘাৰখন আসন পোৱাটো চূড়ান্ত হৈছে৷ আমাৰ লক্ষ্য ১৪৷ কিন্তু আঢ়ৈখন আসন লাভ কৰাটো বৰ কষ্টকৰ হ’ব৷ যত খিলঞ্জীয়া ভূমিপুত্ৰই জয়লাভ কৰা অসুবিধা আছে, সেইকেইখনেই আঢ়ৈখন আসন৷’ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইন সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বৰুৱাই কয়–‘আজমল-ওৱেচি সকলোৱে মুছলমান সকল পিছপৰি থকাটো বিচাৰে৷ ওৱেচিয়ে আইনখনক লৈ ভুল ব্যাখ্যা দিছে৷ ওৱেচিয়ে কোৱাৰ দৰে মুছলমানৰ নিকাহ এই আইনে বন্ধ কৰা নাই৷’