Logo
image

আঙুৰ টেঙা! বৰপেটা লৈয়েই সন্তুষ্ট আমবাৰী নেতৃত্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ফেব্ৰুৱাৰীঃ এটা সমষ্টিতে সন্তুষ্ট বিজেপিৰ অন্যতম মিত্ৰদল অগপ৷ বৰপেটা, ধুবুৰী, কাজিৰঙা আৰু শোণিতপুৰ লোকসভা সমষ্টি লাগিবই বুলি দাবী কৰা বিজেপিৰ অন্যতম মিত্ৰদল অগপই কেৱল লোকসভা সমষ্টি পায়েই সন্তুষ্ট হ’বলগীয়া হৈছে৷ একেদৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ আনটো মিত্ৰদল ইউ পি পি এলক এৰি দিয়া হ’ব কোক্‌ৰাঝাৰ লোকসভা সমষ্টি৷ ১২টা সমষ্টিত যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে৷ লোকসভা নিৰ্বাচনত এটা মাথোঁ সমষ্টি ভাগত পৰাৰ পাছতো অসন্তুষ্ট হৈয়ো যেন সন্তুষ্ট অগপ নেতৃত্ব! শিয়ালে ঢুকি নাপাই আঙুৰ টেঙা বুলি কোৱাৰ দৰে এটা সমষ্টিতে কাৰ্যতঃ সন্তুষ্টি প্ৰকাশ কৰি অগপ সভাপতি অতুল বৰাই কয়– কোনে কাক কি দিছে, দিয়া নাই সেই সম্পৰ্কে আমি জ্ঞাত নহয়৷ বৰ্তমানে আমাৰ এজনো সাংসদ  নাই৷ আমি বাৰম্বাৰ কৈ আহিছোঁ যে লোকসভাত আমি এইবাৰ আসন নিশ্চিত কৰিম৷’ লোকসভাত আমাৰ আসন নিশ্চিত হ’ব৷ বিজেপিৰে এই পৰ্যন্ত আসন বুজাবুজি সন্দৰ্ভত আমাৰ সৈতে কোনো আলোচনা কৰ নাই৷ উল্লেখ্য, অসম গণ পৰিষদ দলৰ নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন সভা মঙলবাৰে দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয়৷ সভাত বিশেষভাৱে লোকসভা নিৰ্বাচন আৰু দলীয় সংগঠনৰ ওপৰত বিশদভাৱে আলোচনা কৰি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ লগতে মিত্ৰজোটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ ৰণকৌশল গ্ৰহণ কৰে৷ সভাত বুথ পৰ্যায়ৰ পৰা সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে সাংগঠনিক সভা আৰু গণসংযোগ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ সভাই দলৰ এখনি বাৰ্ষিক কৰ্মসূচী (কেলেণ্ডাৰ)ৰ খচৰা প্ৰস্তুত কৰিবলৈ কেইবাজনো বিষয়ববীয়াক দায়িত্ব অৰ্পণ কৰাৰ লগতে দলৰ বাৰ্তালোচনী ‘গণবাৰ্তা’ৰ সম্পাদনা সমিতি আৰু আইন পৰিষদখনো গঠন কৰে৷ সভাত সভাপতিৰ আসনৰ পৰা অতুল বৰাই আগন্তুক দুমাহ লোকসভা নিৰ্বাচনৰ বাবে সকলোকে সক্ৰিয়তাৰে আত্মনিয়োগ কৰিবলৈ আহ৩ান জনোৱাৰ লগতে সকলো সদস্যকে দলীয় শৃংখলা মানি সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থাকি দলৰ হ’কে কাম কৰিবলৈ অনুৰোধ জনায়৷ সভাপতি বৰাই ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ লগতে জাতীয় স্বাৰ্থত দলৰ দৃঢ়তাৰ কথা প্ৰকাশ কৰে৷ তেওঁ কয়– অসম গণ পৰিষদ দল শক্তিশালী হলেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষিত হ’ব৷ সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নৱনিৰ্বাচিত বিষয়ববীয়া সকলক আদৰণি জনাই কয়– দলটোৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সক্ৰিয়তাই দলটোক নতুন গতি দিব পাৰিব৷ সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে সকলোকে সম্ভাষণ জনাই দল শক্তিশালী কৰাৰ বাবে প্ৰতিজন সদস্যক তৎপৰতা বৃদ্ধি কৰিবৰ বাবে আহ্বান জনায়৷ আনহাতে, অগপৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত বিভিন্ন দল-সংগঠনৰ দুই শতাধিক বিষয়ববীয়া আৰু সদস্যই অসম গণ পৰিষদ দলত যোগদান কৰে৷ যোগদানকাৰীসকলক আদৰণি জনায় সভাপতি অতুল বৰাই৷ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি শ্বাহ নৱাজ হুচেইনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদৰ বিষয়ববীয়াই যোগদান কৰে৷ ইফালে, অসম গণ পৰিষদ দলৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী আজি অসম গণ পৰিষদ দলৰ আমবাৰী কাৰ্য্যালয়ত পালন কৰা হয়৷ শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী মুকলি কৰে প্ৰয়াত নগেন শৰ্মাৰ সহধৰ্মিনী ড॰ অলকা দেশাই শৰ্মাই৷ অনুষ্ঠানত দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তদুপৰি এই উদ্দশ্যে পুৱা নাম-প্ৰসঙ্গও অনুষ্ঠিত হয়৷