Logo
image

কঁকালৰ বিষৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

কঁকালৰ বিষত আক্ৰান্ত হ’লে কাম-কাজত ব্যাঘাত জন্মাৰ উপৰি কেতিয়াবা ইয়াৰ পৰা গৈ শয্যাশায়ী পৰ্যন্ত হ’ব লগা হয়৷ কঁকালৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ সেয়েহে কঁকালৰ বিষয় দীৰ্ঘদিন আক্ৰান্ত হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ তদুঁপৰি কঁকালৰ বিষৰ পৰা হাত সাৰি থাকিবলৈ হ’লে কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত৷  তেনে কেইটামান সাৱধানতা– 
- উবুৰি হৈ নুশুব৷ গাদীযুক্ত বিছনা ব্যৱহাৰ নকৰিব৷ বিছনাখন ওখ আৰু টান হ’লে পাতল তুলি ব্যৱহাৰ কৰিব লাগে৷
- শোৱাৰ সময়ত মেৰুদণ্ড সাধাৰণ অৱস্থাত আৰু কঁকাল পোন কৰি  ৰাখিব লাগে৷
- যিসকলৰ কঁকালৰ বিষৰ সমস্যা আছে তেওঁলোকে বিছনাৰ পৰা উঠাৰ সময়ত সতৰ্ক হ’ব লাগে৷ ইয়াৰ বাবে কাটি হৈ শুই প্ৰথমে আঁঠু দুটা ভাঁজ কৰি ল’ব৷ তাৰ পাছত লাহে লাহে এফালে কাটি হৈ বহাৰ চেষ্টা কৰক৷ ভৰি দুখন বিছনাৰ পৰা ওলোমাই ৰাখিব লাগে৷ ইয়াৰ পাছত হাতৰ তলুৱাত ভেঁজা দি লাহে লাহে থিয় হ’ব৷ 
- গধুৰ বস্তু দাঙিব নালাগে৷ বিশেষকৈ কান্ধত কোনো ওজন তুলি নল’ব৷ কোনো কাৰণত পিঠিত যদি সাধাৰণ ওজনৰ সামগ্ৰী বহন কৰিবলগা হয় তেন্তে সন্মুখৰ পিনে হাউলিহে বহন কৰিব লাগে৷
- গাড়ী চলোৱাৰ সময়ত ষ্টিয়াৰিং হুইলৰ পৰা ছিটৰ দূৰত্ব আঁতৰাই নল’ব৷ পোন হৈ গাড়ী চলাব লাগে৷
- তলৰ পৰা বা মাটিত পৰি থকা কোনো বস্তু বুটলিবলৈ হ’লে আঁঠুদুটা ভাঁজ কৰি বহাৰ ভংগীতহে বুটলিব৷
- দেহৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ লগতে স্বাস্থ্যসন্মত খাদ্যহে খাব৷
- আধাঘণ্টাতকৈ বেছি সময় একেৰাহে থিয় হৈ বা বহি থাকিব নালাগে৷ দীঘলীয়া সময় খোজ কাঢ়িবলগীয়া হ’লে হিলযুক্ত জোতা বা চেণ্ডেল পৰিধান নকৰিব৷ 
- দৈনিক দৈহিক পৰিশ্ৰম আৰু ব্যায়াম কৰিব লাগে৷ নিতৌ খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিলে সুফল পাব৷
- বহি থকা চকী আৰু মেজৰ মাজত দূৰত্ব বেছি ৰাখিব নালাগে৷ সন্মুখলৈ হাউলি কাম নকৰিব৷ পৰাপক্ষত কঁকালৰ পিছফালে ভেজা দিয়াৰ চেষ্টা কৰক৷ এনেকুৱা ভংগীত বহাৰ অভ্যাস কৰক, যাতে আঁঠু আৰু উৰু মাটিৰ সমান্তৰাল হৈ থাকে৷