Logo
image

গৌৰৱ কৌৰৱৰ লগত আছে: পবিত্ৰ মাৰ্ঘেৰিটা

'আমাৰ অসম'ৰ গোৱালপাৰাৰ প্ৰতিবেদক, ২৮ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ কেৱল মিঞাসকলৰ মাজতে থাকিব। কংগ্ৰেছৰ ভৱিষ্যৎ একো নাই। ইতিমধ্যে কংগ্ৰেছৰ বিধায়কৰ পৰা গাঁৱৰ জ্যেষ্ঠ লোকজনৰ বিজেপি গমন যাত্ৰা অব্যাহত আছে। এই মন্তব্য বিজেপিৰ মুখপাত্ৰ তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। 

বুধবাৰে গোৱালপাৰা চহৰৰ নতুন আৱৰ্ত ভৱনত বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকলৰ এখন সাংগঠনিক সভাত হয় সাংসদ মাৰ্ঘেৰিটা। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ এতিয়া শেষ পৰ্যায়ত। কংগ্ৰেছ কেৱল মিঞাসকলৰ বাবে থাকিব। লগতে তেওঁ গৌৱৰ গগৈ সন্দৰ্ভত মন্তব্য দি কয় যে গৌৰৱ গগৈয়ে থিৰাং কৰি লওক যে তেওঁ কৌৰৱ নে পাণ্ডৱৰ লগত আছে। মোৰ মতে গৌৰৱ গগৈ কৌৰৱৰ লগত আছে। গতিকে এইবোৰ নেতাৰ কথাৰ কোনো মূল্য নাই৷ শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কোৱা দলৰ সদস্য গৌৰৱ গগৈ কেতিয়াও অভিমন্যু হ'ব নোৱাৰে৷ তেওঁ কৌৰৱৰ প্ৰতিনিধি৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত ৰাইজে উন্নয়ন দেখিছে। গতিকে ৰাইজে বিজেপিক মৰম দিয়াত  কেতিয়াও কৃপণালি নকৰে বুলি মন্তব্য কৰে সাংসদ মাৰ্ঘেৰিটাই ৷