Logo
image

সুদখোৰৰ বিড়ম্বনা

বিগত কিছুদিন ধৰি অসম চৰকাৰৰ নিৰ্দেশত আৰক্ষী বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে সুদখোৰৰ বিৰুদ্ধে  অভিযান৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ইতিমধ্যে আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে ১৪৩জন সুদখোৰক, আৰু ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে গ্ৰেপ্তাৰ কৰা লোকসকলক৷ যি নহওক, ৰাজ্য চৰকাৰৰ এই পদক্ষেপে নিশ্চিতভাৱে প্ৰভাৱ পেলাব ৰাজ্যৰ জনজীৱনত৷
ভাৰতীয় ইতিহাসত সুদত টকা ধাৰে দিয়া ব্যক্তিৰ আছে এক সুকীয়া পৰিচয়৷ ব্ৰিটিছৰ শাসন কালত দক্ষিণ ভাৰতত টকা সুদৰ বিনিময়ত ধাৰে দিয়া ব্যক্তিসকল চেট্টি (Chetti) বা চেট্টিয়া (Chettiar)বুলি পৰিচিত আছিল৷ এইসকল ব্যক্তিয়েই পৰৱত¹ সময়ত ধন ঋণ দিয়া কাৰ্য সম্প্ৰসাৰিত কৰিছিল মালয়েছিয়া, ছিংগাপুৰ আৰু ফিলিপাইনছ আদি দেশলৈ৷ দক্ষিণ ভাৰতৰ দৰে উত্তৰ ভাৰতত অতীতত শ্বৰফ (Sarrafs), মহাজন, চেইথ আদি উপাধিৰ ব্যক্তিয়ে একো একোটা বেংকৰ দৰে জনসাধাৰণক ঋণদান কৰা, জমা সংগ্ৰহ কৰা আদি কৰ্ম কৰিছিল৷ প্ৰকৃততে স্বাধীনতাৰ পূৰ্বে ভাৰতত ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা হোৱা বেংকবোৰৰ অধিকাংশই আছিল ধনকুবেৰৰ নিয়ন্ত্ৰণত৷ দেশ স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত ভাৰতত স্থাপন হোৱা চৰকাৰী বেংকবোৰৰ প্ৰসাৰে যদিও ব্যক্তিগত ঋণদাতাৰ সংখ্যা হ্ৰাস কৰিলে, তথাপি আজিও সক্ৰিয় এইসকল ব্যক্তি৷ বৰ্তমান ভাৰতত যদিও বেংকৰ শাখাসমূহে নাগৰিকক ঋণদান প্ৰক্ৰিয়া সহজ কৰি তুলিছে, তথাপি সক্ৰিয় ব্যক্তিগত ঋণদাতা বা সুদখোৰসকল৷ অৱশ্যে, এটা কথা স্বীকাৰ কৰিব লাগিব যে সুদখোৰৰ ঋণদান আৰু বেংকৰ ঋণদান প্ৰক্ৰিয়াৰ মাজত থাকে বৃহৎ ব্যৱধান৷ ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডত জড়িত কৃষকৰ কাৰণে আজিও সৰল নহয় বেংকৰ সেৱা৷ এটা বেংকৰ পৰা কৃষকে ঋণ ল’বলৈ প্ৰয়োজনীয় প্ৰথম আৰু প্ৰধান নথি হৈছে ভূমিৰ পট্টা৷ পৰিতাপৰ কথা যে বেলেগ মহাজনৰ ভূমি ভাড়াত লৈ খেতি কৰা কৃষকৰ কাৰণে নাথাকে বেংকৰ ঋণৰ সুবিধা৷ ভাৰতত নব্বৈ দশকৰ পৰা কৃষকৰ আত্মহননৰ বৰ্ধিত কাৰণ হৈছে ব্যক্তিগত উৎসৰ পৰা লোৱা ঋণ৷ খেতি কৰিবলৈ বছৰৰ আৰম্ভণিতে লোৱা ঋণটো, ফচল বিক্ৰীৰ পাছত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া কৃষকজনে প্ৰাকৃতিক দুৰ্যোগ, পৰিৱেশৰ পৰিৱৰ্তন আদি কাৰণত ব্যৰ্থ হ’লেই আহি পৰে ঋণ ঘূৰাই দিয়াৰ হেঁচা৷ ঋণৰ টকা ঘূৰাই দিয়াত ব্যৰ্থ হোৱা কৃষকে কৃষিভূমিতেই কীটনাশক দ্ৰব্য ভক্ষণ কৰি আত্মহত্যা কৰাৰ লক্ষাধিক ঘটনা ঘটিছে ভাৰতত৷
অসমৰ ক্ষেত্ৰত দেখা প্ৰতিচ্ছবি অৱশ্যে ভাৰতৰ বাকী ৰাজ্যতকৈ সম্পূৰ্ণ সুকীয়া৷ অসমৰ চহৰ-নগৰ আৰু গাঁৱে-ভূঞে ঋণদান কাৰ্যত নিয়োজিত আছে হাজাৰৰ অধিক ব্যক্তি৷ অসমত চলি থকা মহিলা আত্মসহায়ক গোটসমূহৰ সিংহভাগৰ প্ৰধান কৰ্ম হৈছে ঋণদান৷ মাহেকত পাঁচৰ পৰা দহ শতাংশ সুদত ঋণদান কৰা আত্মসহায়ক গোটসমূহৰ নথি-পত্ৰসমূহত উল্লেখ থকা বোৱা-কটা, গাহৰি-গৰু-ছাগলী বা মীনপালন কৰ্ম কাচিৎহে কৰে গোটৰ মহিলাসকলে৷ গোটৰ সদস্যসকলৰ মাজত বা সদস্যৰ জৰিয়তে গাঁৱৰ পৰিচিত ব্যক্তিক ঋণদান কৰা কাৰ্যৰ নাথাকে একো নথি-পত্ৰ৷ আত্মসহায়ক গোটৰ বিপৰীতে ব্যক্তিগত ঋণদানকাৰী (যাক অসমত সুদখোৰ বুলি নামাংকন কৰা হৈছে) আজি অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ব্যক্তি৷ পৰিয়ালৰ বিবাহ, দহা-কাজ আদি পাতিবলৈ ধনৰ অভাৱত পৰা মধ্যবিত্ত পৰিয়ালৰ কাৰণে বন্ধ বেংকৰ ঋণ৷ চৰকাৰী চাকৰি কৰা ব্যক্তিৰ কাৰণে বেংকৰ ঋণৰ সুবিধা আছে যদিও ইতিমধ্যে চলি থকা ঋণৰ বাবে বহুতো চাকৰিয়ালে লাভ নকৰে বেংকৰ ঋণ৷ পৰিয়ালৰ কোনোবা এজন আত্মীয়ৰ বেমাৰত বা দুৰ্ঘটনাত জীৱন ৰক্ষা কৰিবলৈ গুৱাহাটীলৈ ঢাপলি মেলিবলৈ প্ৰয়োজন হোৱা ধনৰ প্ৰধান উৎস কিন্তু এইসকল সুদখোৰ৷ বিপদত আপোনজনক সহায় বিচাৰি ব্যৰ্থ হোৱা ব্যক্তি-পৰিয়ালৰ কাৰণে ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা সুদখোৰসকলে ধাৰ দিয়া টকাৰ নিশ্চিত পৰিশোধৰ কাৰণে ধৰুৱাৰ গহনা, এটিএম কাৰ্ড, গাড়ী-মটৰ আদি বন্ধকত ৰাখে৷ সুদৰ হাৰৰ ক্ষেত্ৰত অধিক মুনাফা আহৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰা সুদখোৰসকলে নিৰ্দিষ্ট তাৰিখত উপস্থিত হয়গৈ সুদৰ টকা সংগ্ৰহ কৰিবলৈ৷ পৰিতাপৰ কথা যে সুদখোৰৰ দ্বাৰা আৰোপ কৰা সুদৰ হাৰ নিৰ্ধাৰণ হয় মাহেকীয়া ভিত্তিত আৰু বেংকৰ দ্বাৰা সুদৰ হাৰ নিৰ্ধাৰণ হয় বছৰেকীয়া ভিত্তিত৷ বেংকত ঋণৰ টকা পৰিশোধ নকৰিলে হিচাপ বন্ধ হৈ পৰে আৰু আইনী মেৰপেঁচত কৰ্মচাৰীজন সোমাই পৰে;  আনহাতে সুদখোৰৰ টকা পৰিশোধ নকৰিলে বন্ধকত থোৱা আ-অলংকাৰ বা স্থাৱৰ বা অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰে৷
সাম্প্ৰতিক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সুদখোৰবিৰোধী অভিযানৰ ফলত উৎফুল্লিত হ’ব ঋণৰ বোজাত থকা ব্যক্তিসকল৷ আনহাতে, হঠাতে বিপদত পৰা ব্যক্তিসকলৰ কাৰণে (যাৰ নাই চৰকাৰী চাকৰি বা নিৰ্দিষ্ট আয়ৰ উৎস) নাথাকিব ঋণৰ সুবিধা৷ ভাৰতত ৰিজাৰ্ভ বেংকৰ লগতে ৰাজ্য চৰকাৰৰ অনুমতি লৈ ঋণদান কাৰ্যত আত্মনিয়োগ কৰাৰ নিয়ম আছে যদিও অসমত তেনে পন্থা নলয় সুদখোৰসকলে৷ এনে এক পৰিস্থিতিত ৰাজ্য চৰকাৰে ব্যক্তিগত ঋণদান কাৰ্যত স্পষ্ট নীতি-নিৰ্দেশনা আৰোপ কৰা উচিত হ’ব৷ মহিলা আত্মসহায়ক গোটসমূহক ঋণদান প্ৰক্ৰিয়াত নিয়োজিত কৰাত স্পষ্ট নীতিৰ প্ৰয়োজন আছে৷ জনসাধাৰণৰ স্বাৰ্থত সুদখোৰৰ জে’লযাত্ৰাই ৰাজ্যৰ অৰ্থনীতিত কিমান প্ৰভাৱ পেলাব, সেয়া সময়েহে ক’ব৷