Logo
image

অসমৰ বাবে পৃথক বিধিৰে আহি আছে ‘কা’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ ফেব্ৰুৱাৰীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিধি প্ৰস্তুত কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ প্ৰাকমুহূৰ্ততে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিধি প্ৰস্তুতৰ জাননী জাৰি কৰিব কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ ‘কা’ বিধি প্ৰস্তুতৰ পাছতেই বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত আশ্ৰয় লোৱা অ-মুছলমান বিদেশীয়ে নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব৷ অৱশ্যে নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ লগে লগে অসম, পশ্চিমবংগকে ধৰি সমগ্ৰ দেশতে পুনৰ আন্দোলন আৰম্ভ হোৱাৰ আশংকাতেই এতিয়া কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অতি কৌশলপূৰ্ণভাৱে লোকসভা নিৰ্বাচনৰ অধিসূচনাৰ আগে আগে বিধি প্ৰস্তুতৰ বাবে সাজু হৈছে৷ যাতে নিৰ্বাচনী প্ৰচাৰৰ ধামখুমীয়াত ‘কা’ বিৰোধী আন্দোলন-প্ৰতিবাদক নিস্তেজ কৰিব পৰা যায়৷ লক্ষণীয়ভাৱে বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীৰ অঞ্চলক বাদ দি সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ‘কা’ৰ কাৰ্যকৰীকৰণৰ পৰিকল্পনা কৰিলেও অসমৰ বাবে ‘কা’ বিধি পৃথক হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো অসমৰ বাবে ‘কা’ৰ পৃথক বিধি প্ৰস্তুতৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ কেইবাটাও প্ৰস্তাৱসহ এক গোপন পত্ৰ প্ৰেৰণ কৰিছে দিছপুৰে৷ অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে নাগৰিকত্ব সংশোধনী আইনৰ পৃথক বিধি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে৷ গৃহ মন্ত্ৰণালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসমত ‘কা’ৰ জৰিয়তে আৱেদন প্ৰক্ৰিয়াৰ সময়সীমা তিনি মাহ ধাৰ্য কৰাৰ বাবে প্ৰস্তাৱ দিয়া হৈছে৷ বিশেষকৈ অসমত হিন্দু বাংলাদেশীৰ বাবে নাগৰিকত্বৰ আৱেদনৰ সময়সীমা অধিক দীঘলীয়া হ’লে প্ৰতিবাদ-আন্দোলন বৃদ্ধি পোৱাৰো আশংকা ব্যক্ত কৰিছে ৰাজ্য চৰকাৰে৷ উল্লেখ্য, ২০১৯ চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল৷ অৱশ্যে ‘কা’ বিধি প্ৰস্তুতত মোদী চৰকাৰে পলম কৰি আহিছে যদিও এইবাৰৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি বিধি প্ৰস্তুতৰ বাবে সাজু হৈছে৷ ইফালে, গৃহ মন্ত্ৰণালয়ৰ কতৃৰ্ত্বশীল সূত্ৰই উদ্ধৃতিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ‘কা’ৰ জৰিয়তে নাগৰিকত্ব লাভৰ বাবে অ-মুছলমান অনুপ্ৰৱেশকাৰীয়ে অনলাইন প’ৰ্টেলত আৱেদন কৰিব লাগিব৷ ইতিমধ্যে গৃহ মন্ত্ৰণালয়ে অনলাইন প’ৰ্টেল সাজু কৰিছে৷ অৰ্থাৎ আৱেদনৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব৷ আৱেদনকাৰী বিদেশীয়ে নিজৰ নাম-ঠিকনা লিখি কোনো ভ্ৰমণ নথি-পত্ৰ দাখিলৰ অবিহনে কেৱল ভাৰতত প্ৰৱেশ কৰা বছৰটো উল্লেখ কৰিব লাগিব অনলাইন প’ৰ্টেলত৷ নাগৰিকত্বৰ এই আৱেদন প্ৰক্ৰিয়াত কোনো ধৰণৰ অতিৰিক্ত নথি পত্ৰৰ প্ৰয়োজন নহ’ব বুলিও গৃহ মন্ত্ৰণালয়ৰ সূত্ৰটোৱে সদৰী কৰিছে৷ অৱশ্যে আৱেদনৰ সময়ত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰাৰ চন অৰ্থাৎ বৰ্ষ উল্লেখ কৰিব লাগিব৷ ইয়াৰ পাছতেই সংশ্লিষ্ট কতৃৰ্পক্ষই আৱেদনকাৰীৰ নথিৰ সত্যাসত্য পৰীক্ষা কৰি প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব৷ পৰৱৰ্তী পৰ্যায়ত ২০১৪ চনৰ ৩১ ডিচেম্বৰ পূৰ্বে ভাৰতত আশ্ৰয় লোৱাৰ নথি আৰু ধৰ্মৰ প্ৰমাণ থকা যিকোনো অনুমোদিত নথি দাখিল কৰিব লাগিব৷ নিজৰ দেশত ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হোৱা বিষয়টোৰ প্ৰমাণৰ প্ৰয়োজন হ’ব নে নহয় তাক নিশ্চিত কৰা নাই যদিও ধৰ্ম আৰু ভাৰতত আশ্ৰয়ৰ লোৱাৰ প্ৰমাণ হিচাপে উদাহৰণ স্বৰূপে কোনোবাই যদি নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সময়ত ধৰ্ম ঘোষণা কৰিছিল, সেই নথি দিব পাৰিব৷ যদি কোনোবাই ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰ লাভ কৰি আইনখনত উল্লেখ কৰা ৬টা ধৰ্মৰ ভিতৰত এটা ধৰ্ম হিচাপে ঘোষণা কৰিছে তেন্তে সেয়া গ্ৰহণযোগ্য হ’ব৷  ঠিক তেনেদৰে ধৰ্ম ঘোষণা কৰা যিকোনো ধৰণৰ চৰকাৰী নথি গ্ৰহণ কৰা হ’ব৷ উল্লেখ্য, বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত পশ্চিম বংগত বিজেপি কৰ্মীৰ এক সমাৱেশক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল- ‘দিদী (মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে) প্ৰায়ে আমাৰ শৰণাৰ্থী ভাইসকলক ‘কা’ সন্দৰ্ভত বিপথে পৰিচালিত কৰে৷ মই স্পষ্টকৈ কওঁ যে ‘কা’ দেশৰ আইন আৰু কোনেও ইয়াক বাধা দিব নোৱাৰে৷  সকলোৱে নাগৰিকত্ব লাভ কৰিবলৈ গৈ আছে৷  এয়া আমাৰ দলৰ প্ৰতিশ্ৰুতি৷’ লক্ষণীয়ভাৱে ‘কা’ৰ বিধি প্ৰস্তুতৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে প্ৰতিবাদ দমনৰ বাবে সম্পূৰ্ণ সাজু হৈছে৷ ইতিপূৰ্বে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে সকলো জিলাৰ আৰক্ষী অধীক্ষকক বিষয়া-কনিষ্টবলৰ ছুটী বাতিল কৰিবলৈ নিৰ্দেশ দি ‘কা’বিৰোধী প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে অনুশীলন কৰিবলৈও পৰামৰ্শ দিছে৷