Logo
image

ইউৰিক এচিড? এইবোৰ ফল খালে সকাহ পাব

আজি-কালি বহুতৰে মুখত ইউৰিক এচিডৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷  ইউৰিক এচিড বঢ়াটো ভাল লক্ষণ নহয়৷ ইউৰিক এচিড বাঢ়িলে কিডনীৰ সমস্যা হ’ব পাৰে৷ তদুপৰি ইউৰিক এচিডে হৃদৰোগ, উচ্ছ ৰক্তচাপ, ডায়েবেটিছ, ফেটি লিভাৰৰ আশংকা বৃদ্ধি কৰে৷ ইউৰিক এচিড হৈছে শৰীৰৰ বৰ্জ্য পদাৰ্থ৷ পিউৰিণসমৃদ্ধ খাদ্য বেছিকৈ খালে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়৷ ফলত হাত-ভৰিৰ গাঁঠি ফুলাৰ লগতে বিষ অনুভৱ হয়৷ পুৰুষৰ ক্ষেত্ৰত সাধাৰণতে দেহত ৩.৪-৭.০ এম জি আৰু মহিলাৰ ক্ষেত্ৰত ২.৪-৬.০ এম জি ইউৰিক এচিড থাকিব লাগে৷ ইয়াতকৈ মাত্ৰা বেছি হ’লে ইউৰিক এচিডৰ সমস্যাত আক্ৰান্ত হোৱা বুলি কোৱা হয়৷ 
ইউৰিক এচিড বাঢ়িলে সামুদ্ৰিক মাছ, ছাগলীৰ মাংস, পালেং শাক, ব্ৰকলি, মাশ্বৰূম, দাইল, এলক’হল, চেনি, আদি খোৱা অনুচিত৷ কিন্তু কিছুমান ফল আছে– যিবোৰ খালে, ইউৰিক এচিডৰ সমস্যাত সকাহ পোৱা যায়৷ উল্লেখ কৰা হ’ল কোনবোৰ  ফলে  ইউৰিক এচিডত সকাহ দিয়ে– 
- আজি-কালি বহুতে ঘৰতে চেৰীৰ খেতি কৰে৷ চেৰীত ভিটামিন বি-৬, ভিটামিন এ, ভিটামিন কে, ভিটামিন চি আৰু ভিটামিন বি থাকে৷ তদুপৰি ৰঙা চেৰীত ফচফৰাচ, পটাচিয়াম, মেগনেচিয়াম, কপাৰ, আয়ৰন আৰু কেলচিয়াম থাকে৷ এইবোৰ উপাদানে ইউৰিক এচিডৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে৷ 
- ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰা আন এবিধ ফল হৈছে কিউই৷ এইবিধ ফলত ভিটামিন চি, ভিটামিন ই, পটাছিয়াম আৰু ফোলেট থাকে৷ এইকেইবিধ উপাদানে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাৰ লগতে দেহৰ ক্ষতিকাৰক টক্সিন বাহিৰলৈ উলিয়াই দিয়ে৷ 
- ইউৰিক এচিড নিয়ন্ত্ৰণত ৰখাত ভাল কাম কৰা আন এবিধ ফল হৈছে কল৷ কলত পিউৰিন নামৰ উপাদানবিধ অতি কম পৰিমাণে থাকে৷ কলে এনাৰ্জি বঢ়ায়৷ ইউৰিক এচিডৰ সমস্যাত ভুগিলে কল খাওক, উপকাৰ পাব৷ 
- নিতৌ আপেল খালেও ইউৰিক এচিড নিয়ন্ত্ৰণ হয়৷ আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ তদুপৰি থাকে মেলিক এচিড৷ এইবিধ উপাদানে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে৷