Logo
image

নামনিত বিকাশ যাত্ৰাৰ মাজতে জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

বৰপেটাৰোডৰ পৰা অঞ্জন জ্যোতি নাথ (আমাৰ অসম): নামনি অসমত বিকাশ যাত্ৰাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই উন্মোচন কৰিলে স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি৷ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে জি এল আগৰৱালাৰ জীৱন আৰু কৰ্মৰ বিষয়ে উল্লেখ কৰি এইদৰে কয়– ‘মোৰ সৌভাগ্য যে অসমৰ প্ৰতিষ্ঠিত সাংবাদিক, প্ৰথিতযশা পুৰুষ জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি বৰপেটাৰোডত উন্মোচন কৰিবলৈ পাইছোঁ৷’ উল্লেখ্য, বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত নিৰ্মাণ কৰা হয় বৰপেটাৰোডৰ সু-সন্তান, ‘আমাৰ অসম’কে ধৰি কেইবাখনো কাকত-আলোচনীৰ প্ৰকাশন গোষ্ঠী জি এল পাব্লিকেশ্বন্‌ছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, বিশিষ্ট সমাজকৰ্মী জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি৷ অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱাসকলৰ ভিতৰত অন্যতম জি এল আগৰৱালা৷ ১৯৪০ চনত বৰপেটাৰোডত জন্মগ্ৰহণ কৰা স্বপ্নদ্ৰষ্টা আগৰৱালাই অসমীয়া সাহিত্যৰ গৌৰৱোজ্জ্বল অধ্যায় সামৰি থকা ‘জোনাকী’ আলোচনীৰ একত্ৰ সংকলন প্ৰকাশ কৰাৰ উপৰি অসমীয়া বিশ্বকোষ প্ৰণয়নত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ আগৰৱালাই জি এল পি ছ’চিয়েল চাৰ্কল প্ৰতিষ্ঠাৰে সমাজলৈ বিশেষ বৰঙণি আগবঢ়াইছিল৷ তেওঁ জি এল পি ছ’চিয়েল চাৰ্কলৰ জৰিয়তে কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ বাবে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছিল৷ অসমৰ প্ৰায় সকলো সত্ৰানুষ্ঠান আৰু নামঘৰলৈ বিনামূলীয়াকৈ ভাগৱত আগবঢ়াইছিল৷ ২০১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭২সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি আছিল জি এল আগৰৱালা৷ স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰত স্থাপন কৰা হয় জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি৷ প্ৰণিধানযোগ্য যে বৰপেটাৰোড সাহিত্য সভাই ২০১৯ বৰ্ষতে লোকসাহিত্যৰ গৱেষক ফুলকুমাৰী কলিতা, বি এইচ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সত্যনাথ দাস আৰু বৰপেটাৰোডৰ সু-সন্তান, বিশিষ্ট সাংবাদিক জি আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লৈছিল– জীৱিত অৱস্থাতে৷ ফুলকুমাৰী কলিতাৰ মৃত্যুৰ পূৰ্বে তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ল যদিও জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি নিৰ্মাণত কিছু বিলম্ব হয়৷ যোৱা বছৰ অসম সাহিত্য সভাৰ তদানীন্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলগীয়া বিষ্ণু-জ্যোতি সৰোবৰ প্ৰাংগণত ভূমিপূজন কৰিছিল৷ কিছুমাহ পিছতে ভৱানীপুৰৰ ভাস্কৰ্য শিল্পী হৰেকৃষ্ণ তালুকদাৰৰ দ্বাৰা নিৰ্মিত জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়৷ বৃহস্পতিবাৰৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সৈতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ উপৰি জি এল পাব্লিকেশ্বন্‌ছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সমীৰ আগৰৱালা, সঞ্চালক নেহা আগৰৱালা আৰু মহাপ্ৰৱন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ উপৰি বহু বিশিষ্ট ব্যক্তি৷ আৰম্ভণিতে মুখ্যমন্ত্ৰীক আদৰণি জনায় জি এল আগৰৱালাৰ পুত্ৰ সমীৰ আগৰৱালা আৰু বোৱাৰী নেহা আগৰৱালাই৷ বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত বৰপেটাৰোড সাহিত্য সভাৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক আদৰণি জনায় বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে৷