Logo
image

কুইন বাদ, ৬টা সমষ্টিত নতুন প্ৰাৰ্থী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ মাৰ্চঃ ‘টু প্লাছ ৱান’ ফৰ্মূলাৰে অৱশেষত মিত্ৰদল অগপলৈ দুখন আৰু ইউপিপিএললৈ এখন আসন আগবঢ়াই নিজৰ ভাগত ১১ খন আসন ৰাখি প্ৰাৰ্থী চূড়ান্ত কৰিবৰ বাবে পুনৰ নতুন দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰিকা, অগপৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত এক সংবাদমেল সম্বোধন কৰি সমাগত লোকসভা নিৰ্বাচনত বৰপেটা আৰু ধুবুৰী সমষ্টি অসম গণ পৰিষদক আৰু কোক্‌ৰাঝাৰ লোকসভা সমষ্টি ইউ পি পি এলক প্ৰদান কৰাৰ কথা সদৰী কৰে৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সৈতে হোৱা আলোচনামৰ্মে এই সিদ্ধান্ত লোৱা বুলি তেওঁ উল্লেখ কৰে৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়– ‘অগপ-ইউপিপিএলৰে মিত্ৰতাৰে লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি৷ ইউপিপিএলক কোক্‌ৰাঝাৰ এৰি দিয়া হৈছে৷ অগপক দুখন আসন দিয়া হ’ল৷ যদিও তেওঁলোকে তিনিখন বিচাৰিছিল, দুখনহে পাব৷ বৰপেটা আৰু ধুবুৰী অগপক দিয়া হ’ল৷ ধুুবুৰীৰ জনগাঁথনিৰ বাবেই ধুবুৰীৰ আসনখনো এজেপিক দিয়া হ’ল৷ ১১খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ আজি নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকতে প্ৰাৰ্থী তালিকা চূড়ান্ত হ’ব৷ নিশা হয়তো তালিকা গম পোৱা যাব৷’ ইফালে বিজেপিয়ে প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও এখন সম্ভাব্য প্ৰাৰ্থী তালিকা ‘আমাৰ অসমে’ লাভ কৰিছে৷ এই তালিকা অনুসৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যকো দিয়া হ’ব লোকসভাৰ দলীয় প্ৰাৰ্থিত্ব৷ সম্ভাব্য প্ৰাৰ্থী তালিকা অনুসৰি কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল বা ৰামেশ্বৰ তেলীয়ে, যোৰহাটত তপন গগৈয়ে, নগাঁৱত সুৰেশ বৰাই, ডিফুত অমৰছিং টিছুৱে, শিলচৰত পৰিমল শুক্লবৈদ্যই, কৰিমগঞ্জত কৃপানাথ মাল্লাই, দৰং-ওদালগুৰিত দিলীপ শইকীয়াই, তেজপুৰত ৰঞ্জিত দত্তই, বৰপেটাত ফণীভূষণ চৌধুৰীয়ে, ধুবুৰীত জাভেদ ইছলামে, কোকৰাঝাৰত ৰাজু কুমাৰ নাৰ্জাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে গুৱাহাটীত বিজুলী কলিতা মেধিয়ে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে৷ এই তালিকাৰ পৰা দেখা গৈছে যে গুৱাহাটীত এইবাৰ বাদ পৰিল বৰ্তমানৰ কুইন ওজা৷ ১৪টা লোকসভা সমষ্টিৰ ছটাতেই আহিল নতুন প্ৰাৰ্থী৷ গুৱাহাটীত বিজুলী কলিতা মেধি, তেজপুৰত ৰঞ্জিত দত্ত, কৰিমগঞ্জত কৃপানাথ মাল্লা, কোক্‌ৰাঝাৰত ৰাজু কুমাৰ নাৰ্জাৰী, নগাঁৱত সুৰেশ বৰা, ডিফুত অমৰছিং টিছু হৈছে নতুন প্ৰাৰ্থী৷ ইফালে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেনাৰসৰ পৰা, ৰাজনাথ সিঙে লক্ষ্ণৌৰ পৰা, অমিত শ্বাহে গান্ধীনগৰৰ পৰা, কিৰেণ ৰিজিজুৱে পশ্চিম অৰুণাচল প্ৰদেশৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷