Logo
image

জাগীৰোডত টাটাৰ ২৭ হাজাৰ কোটিৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক আৰু নতুন দিল্লীৰ প্ৰতিনিধি, ১ মাৰ্চঃ দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনত এক মাইলৰ খুঁটি হোৱাৰ দিশে আগবাঢ়িছে অসমে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক সাকাৰ ৰূপ দিয়াৰ লক্ষ্যৰে ইলেক্ট্ৰনিক প্ৰযুক্তিৰ ক্ষেত্ৰখনত আৰু এখোঁজ আগবঢ়াই অসমত বৃহৎ ঔদ্যোগিক বিনিযোগত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ জাগীৰোডৰ কাগজ কলৰ ভূমিত দেশৰ শীৰ্ষতম ঔদ্যোগিক প্ৰতিষ্ঠান টাটা গ্ৰুপে স্থাপন কৰিব ছেমিকণ্ডাক্টৰ প্ৰকল্প৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত অসম আৰু গুজৰাটত সৰ্বমুঠ ১.২৬ লাখ কোটি টকা ব্যয়ৰে টাটা গ্ৰুপক ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ স্থাপনত অনুমোদন জনায়৷ কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই অভিলাষী প্ৰকল্পৰ অনুমোদনৰ কথা ৰাজহুৱা কৰিছে৷ জাগীৰোডৰ কাগজ কলৰ ভূমিত টাটাৰ ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণৰ প্ৰকল্পৰ বাবে ২৭ হাজাৰ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰিছে৷ এই প্ৰকল্পত উৎপাদন আৰম্ভ হোৱাৰ লগে লগে ইলেক্ট্ৰনিক অট’মোবাইল ক্ষেত্ৰখনত ভাৰত আত্মনিৰ্ভৰ হৈ পৰাৰ আশা ব্যক্ত কৰা হৈছে৷ ইলেক্ট্ৰনিকছ প্ৰযুক্তিৰ ক্ষেত্ৰখনত ছেমিকণ্ডাক্টৰ চিপ এক অভিন্ন অংগ হিচাপে বিবেচিত কৰা হয়৷ বৰ্তমান চৰকাৰে ইলেক্ট্ৰনিক বাহন নিৰ্মাণত গুৰুত্ব দিয়াৰ ছেমিকণ্ডাক্টৰ চিপৰ চাহিদা অভূতপূৰ্ব হাৰত বৃদ্ধি পাব ধৰিছে৷ বিশেষকৈ ইলেক্ট্ৰনিক বাহন, বেটাৰী, গেজেট্‌ছ, মোবাইল, কম্পিউটাৰ আদিত ছেমিকণ্ডাক্টৰ বহুলভাৱে ব্যৱহাৰ হয়৷ যাৰ ফলত ভাৰতে ইমান দিনে বিদেশী ৰাষ্ট্ৰৰ পৰা ছেমিকণ্ডাক্টৰ চিপ আমদানি কৰি আহিছে৷ বিশেষকৈ টাইৱান, চীন, দক্ষিণ কোৰিয়া, নেডাৰলেণ্ডৰ পৰাই ছেমিকণ্ডাক্টৰ আমদানি কৰি আহিছে ভাৰতে৷ আমেৰিকাৰ বিখ্যাত বাহন নিৰ্মাতা প্ৰতিষ্ঠান টেচলাৰে ভাৰতত নিৰ্মাণ কাৰখানা স্থাপনৰ বাবে সাজু হোৱাত স্বাভাৱিকতেই ছেমিকণ্ডাক্টৰৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ এনে কাৰণতে জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ অনুমোদনে অসম তথা সমগ্ৰ দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে অন্যতম আশাৰ বাৰ্তা হৈ পৰিছে৷ এই প্ৰকল্প আৰম্ভ হ’লেই অসমৰ বহু শিক্ষিত নিবনুৱাৰ সংস্থাপনৰো বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, জাগীৰোডৰ প্ৰকল্পটো বাস্তৱায়িত কৰিব ‘টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড’ (টি এছ এ টি) নামৰ এক নতুন কোম্পানীয়ে৷ মৰিগাঁওস্থিত জাগীৰোডৰ উক্ত প্ৰকল্পটোৰ লগতে গুজৰাটৰ আন দুটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবেও কেবিনেট কমিটীয়ে সৰ্বমুঠ ১.২৬ লাখ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে৷ কোৱা হৈছে অসমৰ টি এছ এ টি ছেমিকণ্ডাক্টৰে থলুৱা ফ্লিপ চিপ আৰু আই এছ আই পি (ইণ্টিগ্ৰেটেড ছিষ্টেম ইন পেকেজ) প্ৰযুক্তিৰ বিকশ কৰিব৷ উৎপাদন হ’ব দৈনিক ৪.৮ কোটি ছেমিকণ্ডাক্টৰ ইউনিট৷ সমৰি ল’ব স্বয়ংচালিত, বৈদু্যতিক যান-বাহন, কনজিউমাৰ ইলেক্ট্ৰনিক, টেলিকম, মোবাইল ফোন আদিত ব্যৱহাৰযোগ্য ছেমিকণ্ডাক্টৰ ডিভাইচ৷ এশ দিনৰ ভিতৰত প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব৷ লক্ষণীয়ভাৱে টি এছ এ টিৰ প্ৰকল্পটোৰ বাবে ৰাজ্য চৰকাৰে জাগীৰোডত ইতিমধ্যে ভূমিৰ আৱণ্টন সাজু কৰি ৰাখিছে৷ বন্ধ হৈ পৰা জাগীৰোডৰ কাগজ কল কাৰখানাৰ ভূমি উক্ত প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব৷ এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা বিবৃতিত জনাইছে যে জাগীৰোড আৰু গুজৰাটৰ দুয়োটা প্ৰকল্পৰ নিৰ্মাণকাৰ্য ১০০ দিনৰ ভিতৰত আৰম্ভ হ’ব৷ প্ৰতি মাহত ৫০,০০ ৱেফাৰ আৰু প্ৰতি বছৰ ৩০০ কোটি চিপছ প্ৰস্তুত কৰা হ’ব৷ জাগীৰোডৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলে লাভ কৰিব প্ৰথমটো ছেমিকণ্ডাক্টৰ ইউনিট৷ মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে টাটা ইলেক্টনিকছ আৰু টাইৱানৰ পাৱাৰচিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্প’ৰেশ্বনৰ মাজত এক বুজাবুজি চুক্তি সম্পন্ন হৈছে৷ প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ক বাস্তৱায়িত কৰাৰ উপৰি বিশ্বৰ ছেমিকণ্ডাক্টৰ জগতত ভাৰতে অদূৰ ভৱিষ্যতত নেতৃত্ব প্ৰদান কৰিব পাৰিব৷ লক্ষণীয়ভাৱে অসম চৰকাৰে কিছু দিন পূৰ্বে এক ছেমি কণ্ডাক্টৰ নীতি প্ৰস্তুত কৰিছিল৷ ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গৃহীত হৈছিল৷ ইয়াৰ পাছতই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত একাধিকবাৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি আলোচনাত মিলিত হৈছিল৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটোৰ জৰিয়তে প্ৰত্যক্ষভাবে ৫ হাজাৰ আৰু পৰোক্ষভাৱে ২ হাজাৰ লোকে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব৷