Logo
image

অংকৰ প্ৰশ্নপত্ৰৰে পৰীক্ষাৰ্থীক গিনিপিগ সজালে ছেবাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতে কন্দুৱালে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীক৷ বৃহস্পতিবাৰে অনুষ্ঠিত গণিতৰ প্ৰশ্ন-পত্ৰ ইমানেই জটিল যে অংকত চোকা বহু ছাত্ৰ-ছাত্ৰীয়েও ত্ৰাহি মধুসুধন সুঁৱৰিবলগীয়া হৈছে৷ মেট্ৰিক পৰীক্ষাৰ অংকৰ প্ৰশ্নকাকত দেখি কপালৰ ঘাম ওলাইছে বহু শিক্ষক-শিক্ষয়িত্ৰীৰো৷

এই লৈ ছাত্ৰ-ছাত্ৰীসকল হতাশ আৰু আতংকিত হৈ পৰাৰ উপৰি শিক্ষাগুৰু আৰু অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে৷ কি কাৰণত ‘ছেবা’ই অংকৰ প্ৰশ্ন কাকতেৰে পৰীক্ষাৰ্থীসকলক গিনিপিগ সজালে, সেই লৈ সচেতন সমাজ আৰু বিদ্বৎ মহল চিন্তিত হৈ পৰিছে৷ অভিযোগ মতে, অংকৰ প্ৰশ্নকাকতখন কেৱল জটিলেই নহয়– বিসংগতিপূৰ্ণও৷ গণিতৰ পাঠ্যপুথিৰ পুনৰালোচনা অধ্যায়ৰ তৃতীয় খণ্ড পৰিমিতি পাঠ্যক্ৰমত নাছিল যদিও পৰীক্ষাত সেই পাঠটোৰ পৰা দুটা প্ৰশ্ন দিয়া হয়– ১২ নং আৰু ২১ নং প্ৰশ্ন৷ পুনৰালোচনা অধ্যায়ৰ পৰা ৬ নম্বৰৰ প্ৰশ্ন আহিব লাগিছিল যদিও প্ৰশ্নকাকতত ৭ নম্বৰৰ প্ৰশ্ন দিয়া হৈছে৷ স্থানাংক জ্যামিতি অধ্যায়ৰ পৰা একেধৰণৰ দুটা প্ৰশ্ন আহিছে– ১৪ আৰু ৩৩ নম্বৰ প্ৰশ্ন৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অংকৰ প্ৰশ্ন কাকতৰ কেইবাটাও প্ৰশ্ন কঠিন৷ বাস্তৱিকতে এইবাৰৰ অংকৰ প্ৰশ্ন কাকতৰ ২৪ শতাংশ প্ৰশ্নই জটিল– ১১ নং, ১২ নং, ১৬ নং, ৪৬ নং, ৫৩ নং, ৫৫ নং, ৫৭ নং, ৬১ নং, ২১ নং আৰু ৩০ নং প্ৰশ্ন জটিল৷ আশ্চৰ্যজনকভাৱে ৫৩ নং, ৫৫ নং, ৫৭ নং আৰু ৬১ নং প্ৰশ্ন কেইটা গণিতৰ পাঠ্যপুথিৰে অন্তৰ্গত নহয়৷ স্থানাংক জ্যামিতিৰ অনুশীলনী ৭.৪ৰ প্ৰশ্নবোৰ ‘পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়’ বুলি পাঠ্যক্ৰমত উল্লেখ থকাৰ পাছতো এই অনুশীলনীৰ পৰা দিয়া হৈছে ৫৫ নং প্ৰশ্নটো৷  

কেৱল সেয়ে নহয়, গণিতৰ পাঠ্যপুথিৰ পৰা যিকেইটা প্ৰশ্ন দিয়া হৈছে– সেইকেইটাৰ সিংহভাগেই হৈছে কিতাপখনত থকা আটাইতকৈ টান প্ৰশ্নকেইটাৰ অন্যতম৷ কোৱা বাহুল্য যে ইতিপূৰ্বে মেট্ৰিক পৰীক্ষাৰ বাবে পঢ়িবলৈ পৰীক্ষাৰ্থীসকলে চৈধ্যমাহ সময় পাইছিল৷ এতিয়া দহ মাহতে সকলো সামৰিব লাগে৷ ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ প্ৰশ্নকাকতৰ প্ৰশ্নৰ ধৰণ সলনি কৰা হ’ল আৰু ইয়াৰ বাবে শিক্ষকক প্ৰশিক্ষণ দিয়া হ’ল– পৰীক্ষাৰ আগে আগে৷ তেতিয়ালৈ বিদ্যালয়ত দশম শ্ৰেণীত পাঠদান প্ৰায় শেষেই হৈছিল৷ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে অনুশীলনৰ বাবে সময়েই নাপালে৷ এইবাৰেই হয়তো শেষবাৰৰ বাবে অনুষ্ঠিত হ’ল মেট্ৰিক পৰীক্ষা৷ অন্তিমটো পৰীক্ষাত কোমল বয়সীয়া ছাত্ৰ-ছাত্ৰীক লৈ অযথা পৰীক্ষা-নিৰীক্ষা কৰা হ’ল৷ যিকোনো প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত থকা নিয়ম এইবাৰ গণিতৰ প্ৰশ্নকাকতত মানি চলা হোৱা নাই৷ প্ৰথমে দিয়া বস্তুনিষ্ঠ প্ৰশ্নকেইটাৰ প্ৰায় ৩২টাৰ উত্তৰ দীঘলীয়াকৈ দিবলগীয়া অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বাবে বেছি সময় দিবলগীয়া হ’ল৷ ১২ নং আৰু ১৬ নং প্ৰশ্ন দুটা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হয়নে নহয়, সেয়াও  লাখটকীয়া প্ৰশ্ন৷ এয়া গণিতৰ প্ৰশ্ন কাকত নে বুদ্ধিমত্তাৰ পৰীক্ষা? ১২ নং, ১৫ নং, ১৬ নং, ২১ নং, ৩৩ নং আৰু ৩৪ নং প্ৰশ্নকেইটা অতি জটিল– ইয়াৰে এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ অতি মেধাৱী শিক্ষাৰ্থীকো প্ৰায় আধাঘণ্টা সময় লাগে৷ ৫৫ নং আৰু ২১ নং প্ৰশ্ন দুটাৰ ক্ষেত্ৰতো বিপদত পৰিছে পৰীক্ষাৰ্থী৷ ১৬ নং প্ৰশ্নটো ৰ নম্বৰৰ প্ৰশ্ন হ’বই নোৱাৰে বুলিও অভিযোগ উঠিছে৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী আৰু বিজ্ঞানৰ প্ৰশ্নকাকতক লৈয়ো ছাত্ৰ-ছাত্ৰীসকল হতাশ হৈছে৷ কিন্তু গণিতৰ প্ৰশ্নকাকতে ছাত্ৰ-ছাত্ৰীসকলক জোলোকা- জোলোকে পানী খুৱালে৷ প্ৰায় সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়েই তেওঁলোকে পাবলগীয়া নম্বৰক লৈ আতংকিত হৈ পৰিছে আৰু সংশ্লিষ্ট সকলোৰে হস্তক্ষেপ কামনা কৰিছে৷