Logo
image

মানসিক চাপৰ পৰা মুক্ত হ’বলৈ এইখিনি কৰক

বৰ্তমান সময়ত মানুহৰ ব্যস্ততা বৃদ্ধি পোৱাৰ ফলত মানসিক চাপো বৃদ্ধি পাইছে৷ মানসিক চাপৰ পৰা হাত সাৰিবলৈ খাদ্যৰ লগতে শৰীৰ চৰ্চা অত্যন্ত প্ৰয়োজন৷ কিছুমান খাদ্য নিয়মীয়াকৈ খালে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷
নহৰুঃ বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে৷
ব্ৰকলিঃ ব্ৰকলিত ছালফ’ৰাফেন নামৰ এবিধ উপাদান থাকে৷ ফলত ব্ৰকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে৷
মিঠা আলুঃ মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোৰ্টিছোল হৰমনৰ ক্ষৰণ৷ মিঠা আলু বা ৰঙা আলুয়ে এইবিধ হৰমনৰ ক্ষৰণ কমায়৷ ফলত মন ভালে থাকে৷
কণীঃ কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে৷ তদুপৰি কণীত ক’লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিষ্ক শীতল কৰি ৰাখে৷ ফলত মন ভালে থাকে৷
সামুদ্ৰিক মাছঃ ছালমন বা এনে জাতীয় সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ আৰু ভিটামিন ‘বি’ থাকে৷ ফলত এনে মাছ খালে মানসিক চাপ কমে৷
কাবুলী বুটঃ কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিষ্কৰ বাবে সাংঘাতিক উপকাৰী৷ ইয়াত থকা এল-ট্ৰিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে৷
ব্লু বেৰীঃ প্ৰতিদিনে যদি কেইটামান ব্লু বেৰী খাব পাৰে, তেন্তে মন প্ৰফুল্ল হৈ থাকে৷ ইয়াত থকা ফ্লেভান’য়েড নামৰ এণ্টিঅক্সিডেণ্টে কম সময়ৰ ভিতৰতে মানসিক অৱসাদ বা চাপ আঁতৰায়৷