Logo
image

দিল্লীত অক্ষয় কুমাৰ, মাণ্ডিত কংগনা বিজেপি প্ৰাৰ্থী!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২মাৰ্চঃ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত দেশৰ সকলো ‘হাই প্ৰফাইল’ সাংবাদিকক চেৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লোৱা বলীউডৰ তাৰকা অক্ষয় কুমাৰ এইবাৰ নিজেই গেৰুৱা দলটোৰ প্ৰাৰ্থী হ’ব৷ আগন্তুক লোকসভা নিৰ্বাচনত অক্ষয় কুমাৰে দিল্লীৰ চান্দনি চ’ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ বৃহস্পতিবাৰে নিশা ১১ বজাৰ পৰা পুৱতি নিশা চাৰি বজালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসভৱনত হোৱা কেন্দ্ৰীয় নিৰ্বাচনী কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলটোৰ শীৰ্ষসূত্ৰই প্ৰকাশ কৰিছে৷ ২০১৯ চনৰ নিৰ্বাচনত যিবোৰ সমষ্টিত বিজেপি পৰাজিত হৈছিল, বা যি সমষ্টিত সামান্য ব্যৱধানত পৰাজিত হৈছিল, তেনে সমষ্টিত এইবাৰ জনপ্ৰিয় মুখ থিয় কৰি বিজয় অৰ্জন কৰাৰ যি পৰিকল্পনা দলটোৱে গ্ৰহণ কৰিছে, তাৰ অংশ হিচাপেই অক্ষয় কুমাৰ আৰু অন্যান্য কেইজনমান ছবিৰ তাৰকাক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ সিদ্ধান্ত বিজেপিৰ৷ সেই অনুসৰি বিজেপিৰ ঘনিষ্ঠ কংগনা ৰাণাৱতক হিমাচল প্ৰদেশৰ মাণ্ডিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব৷ একেদৰে পশ্চিম বংগৰ আছানছোলত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শত্ৰুঘ্ন সিনহাৰ বিপৰীতে বিজেপিয়ে অৱতীৰ্ণ কৰাব ভোজপুৰী ছবিৰ তাৰকা পৱন সিঙক৷ 
বৃহস্পতিবাৰে মাজনিশাৰ পৰা শুকুৰবাৰে পুৱতি নিশালৈকে হোৱা এই বৈঠকত মুঠতে ১০০খন আসনৰ প্ৰাৰ্থীৰ বিষয়ে বিশদ আলোচনা হয়, য’ত অন্তৰ্ভুক্ত আছিল মূলতঃ উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, অসম, কেৰালা আৰু তেলেংগানাৰ দৰে ৰাজ্য৷ বৈঠকত ‘হাই প্ৰফাইল’ প্ৰাৰ্থী, যেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰাৰ লগতে ২০১৯ চনত বিজেপিৰ প্ৰাৰ্থী পৰাস্ত হোৱা ‘দুৰ্বল’ আসন সন্দৰ্ভত আলোচনা হয়৷ বৈঠকত বাৰণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গান্ধীনগৰত অমিত শ্বাহ আৰু লক্ষ্ণৌত ৰাজনাথ সিঙে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত চূড়ান্ত হয়৷ বিজেপিয়ে প্ৰথমে ১০০ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব, য’ত থাকিব মূলতঃ হেভীৱেইট প্ৰাৰ্থীৰ নাম; যাতে এই তালিকাই ভোটাৰৰ মাজত আস্থাৰ সৃষ্টি কৰাৰ লগতে বিৰোধী দলৰ বুকুতো কঁপনি তুলিব পাৰে৷ সেয়ে এই তালিকাত সাম্প্ৰতিক মোদী মন্ত্ৰীসভাৰ সদস্য অথচ ৰাজ্যসভাৰ সাংসদ যেনে– সৰ্বানন্দ সোণোৱাল, ভূপিন্দৰ যাদব, নিৰ্মলা সীতাৰমণ, জ্যোতিৰাদিত্য সিন্ধিয়া, ভি মুৰুলীধৰণ আদিৰো নাম থাকিব৷ 
প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত গুৰুত্ব দিয়ে প্ৰতিটো সমষ্টিত বিজয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থী কোন হ’ব পাৰে সেই বিষয়ত৷ প্ৰয়োজনত কোনো সমষ্টিত বিজয়ৰ সম্ভাৱনা থকা আন দলৰ প্ৰাৰ্থীক দললৈ আনি প্ৰাৰ্থিত্ব প্ৰদানৰ কৌশল সন্দৰ্ভতো সিদ্ধান্ত লোৱা হয়৷ এনে ক্ষেত্ৰত বিগত পাঁচ বছৰত যি সাংসদ বা মন্ত্ৰীৰ প্ৰদৰ্শন বেয়া, তেনে প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ সিদ্ধান্ত লোৱা হয়৷ সেই অনুসৰি সাম্প্ৰতিক সাংসদৰ ৬০-৭০ জনৰ নাম এইবাৰ কৰ্তন হ’ব৷ এইক্ষেত্ৰত অ’বিচি প্ৰাৰ্থীৰ নাম কৰ্তন নহয়৷ কিয়নো, ২০১৯ চনত ৩০৩ জন বিজয়ী প্ৰাৰ্থীৰ ভিতৰত ৮৫ জন অ’বিচি প্ৰাৰ্থী বিজয়ী হৈছিল৷ এই বৈঠকত উত্তৰ প্ৰদেশৰ ৫০খন আসনকে ধৰি মুঠ প্ত খন ৰাজ্যৰ প্ৰাৰ্থীৰ নাম বিজেপিয়ে চূড়ান্ত কৰিছে৷ কিন্তু কেতিয়াকৈ তেওঁলোকে এই ১০০ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব সেই সন্দৰ্ভত বিজেপিৰ নেতৃত্ব নিশ্চুপ৷ দলৰ এক সূত্ৰৰ মতে, অহা ৩ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত পুনৰ এখন বৈঠক হ’ব আৰু তাৰ পাছতে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে৷