Logo
image

চুলিৰ যতন লোৱাত এইবিধ ফুল ব্যৱহাৰ কৰক

চুলিক লৈ প্ৰায়ভাগ লোকেই সচেতন৷ অকালতে চুলি পকিলে বা চুলি সৰিবলৈ ধৰিলে বিভিন্নজনে ভিন ভিন হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে৷ কিন্তু, জানি আচৰিত হ’ব যে সকলোৰে পৰিচিত জবা ফুল চুলিৰ বাবে উপকাৰী৷ জবা ফুলৰ লগতে ইয়াৰ পাত ব্যৱহাৰ কৰি চুলি সৰা আৰু  অকালতে চুলি পকা বন্ধ কৰিব পৰা যায়৷ জবা ফুল আৰু ইয়াৰ পাত চুলিৰ বাবে ইমানেই উপকাৰী যে ভাৰতীয় আয়ুৰ্বেদিক শাস্ত্ৰত চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰৰ বিষয়ে বিশেষভাৱে উল্লেখ আছে৷ উল্লেখ কৰা হ’ল চুলিৰ যতনৰ ক্ষেত্ৰত জবা ফুলৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ–
- জবা ফুলৰ পাতে প্ৰাকৃতিকভাৱে ক’লাজেনৰ উৎপাদন বঢ়োৱাত সহায় কৰে৷ জবা ফুলত থকা ভিটামিন ‘চি’য়ে শৰীৰত ক’লাজেনৰ মাত্ৰা বৃদ্ধি কৰে৷ ক’লাজেনত থকা এমিনো এচিডে চুলি বৃদ্ধি কৰাৰ লগতে মজবুত কৰে৷ 
- জবা ফুল আৰু ইয়াৰ পাতে প্ৰদাহ কমায়৷ যদি চুলিৰ গুৰিত খজুৱতি, জ্বলা-পোৰা অথবা অস্বস্তি বাঢ়ে, তেন্তে জবা ফুল বা জবা ফুলৰ পাত ব্যৱহাৰ কৰিব পাৰে৷ জবা ফুলত থকা বিটা কেৰোটিন নামৰ উপাদান বিধে চুলিৰ গুৰিত সুৰক্ষা স্তৰৰ সৃষ্টি কৰে৷ তদুপৰি ই স্কাল্পৰ আদ্ৰৰ্তা বজাই ৰখাত সহায় কৰে৷
- জবা ফুল আৰু জবাফুলৰ পাতক প্ৰাকৃতিক কণ্ডিছনাৰ বুলিও কোৱা হয়৷ জবা ফুলৰ হেয়াৰপেক প্ৰস্তুত কৰি চুলি আৰু স্কাল্পত লগালে উপকাৰ পোৱা যায়৷ 
- চুলি সৰা বন্ধ কৰিবলৈ প্ৰাচীন কালৰে পৰা জবা ফুল আৰু ইয়াৰ পাত ব্যৱহাৰ হৈ আহিছে৷ চুলি পাতল হ’লে জবা ফুলৰ হেয়াৰপেক ব্যৱহাৰ কৰিলে নতুনকৈ চুলি গজিবলৈ আৰম্ভ হয়৷ ইয়াত থকা ভিটামিন ‘চি’য়ে  দুৰ্বল ফলিকল সমূহক মজবুত কৰি তোলে৷ ফলত সেই স্থানত চুলি গজা আৰম্ভ হয়৷