Logo
image

মানসিক অত্যাচাৰ সহিব নোৱাৰি যুৱকৰ আত্মহত্যাঃ অভিযুক্ত অধিবক্তা স্বাতী বিধান বৰুৱাক জে'ললৈ প্ৰেৰণ

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ২ মাৰ্চঃ মানসিক অত্যাচাৰেৰে এজন যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত অধিবক্তা স্বাতী বিধান বৰুৱাক আদালতে জে'ললৈ প্ৰেৰণ কৰে। শনিবাৰে অভিযুক্ত অধিবক্তা স্বাতী বিধান বৰুৱাক জালুকবাৰী আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি অভিযুক্ত অধিবক্তা স্বাতী বিধান বৰুৱাক ১৪ দিনৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ পাণ্ডুত বৃহস্পতিবাৰে এজন যুৱকৰ আত্মহত্যাৰ খবৰ পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শুকুৰবাৰে পুৱা মনচুৰ আলম নামৰ যুৱকজনৰ মৃতদেহ নিজ গৃহৰ বাথৰুমত উদ্ধাৰ হৈছিল। মৃত মনচুৰ আলমৰ ঘৰ পাণ্ডু কেবিনত। অধিবক্তা স্বাতী বিধান বৰুৱাৰ মানসিক অত্যাচাৰৰ বলি হৈ মনচুৰে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। দীৰ্ঘ দিন ধৰি মনচুৰ আলমক অভিযুক্ত স্বাতী বিধান বৰুৱাই মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে।

পৰিয়ালে জনোৱা অনুসৰি লিংগ পৰিৱৰ্তন কৰা বিধান বৰুৱা ওৰফে স্বাতীয়ে বহু দিন ধৰি বিয়া পাতিবলৈ মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল যুৱকজনক। লিংগ পৰিৱৰ্তন কৰা বিধান বৰুৱা মনচুৰ আলমৰ বিৰুদ্ধে ধৰ্ষণ, প্ৰতাৰণাৰ গোচৰ ৰুজু কৰিছিল পাণবজাৰ মহিলা আৰক্ষী থানাত। সেই গোচৰ মৰ্মে যুৱকজনে কাৰাবাস খাটিছিল আৰু বৰ্তমানো গোচৰ চলি আছিল। মন কৰিবলগীয়া বিষয় যে বৃহস্পতিবাৰে গুৱাহাটীৰ মালিগাঁৱত মনচুৰ আলম নামৰ যুৱকজনে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই উত্তেজিত স্থানীয় ৰাইজে বিধান বৰুৱাৰ বাসগৃহত উপস্থিত হৈ বহু সামগ্ৰী ভাঙি ছিগি লণ্ড-ভণ্ড কৰি বিস্তাৰ ক্ষতি সাধন কৰিছিল। আনকি বিধান বৰুৱাৰ বাসগৃহত থকা আদালতৰ নথি-পত্ৰসমূহ উত্তেজিত জনতাই জ্বলাই দিছিল।

ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই ঘটনাক লৈ জালুকবাৰী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত পৰৱৰ্তী সময়ত স্বাতী বিধান বৰুৱাক আৰক্ষীয়ে পাণবজাৰ মহিলা আৰক্ষী থানালৈ লৈ যায়৷ পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰাই জালুকবাৰী আৰক্ষীয়ে অভিযুক্ত অধিবক্তা স্বাতী বিধান বৰুৱাক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই জে'ললৈ প্ৰেৰণ কৰে। অভিযুক্ত স্বাতী বিধান বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০৬/৫০৬ নং ধাৰাৰ অধীনত জালুকবাৰী থানাত ১০৮/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে, আৰক্ষীয়ে মৃত মনচুৰ আলমৰ কবলৰ পৰা এটা ছুইচাইড নোট জব্দ কৰে। ছুইচাইড নোটত অভিযুক্ত স্বাতী বিধান বৰুৱাই তেওঁক কিদৰে উৎপীড়ন চলাইছিল সকলো কথা বৰ্ণনা কৰি থৈ যায় মৃত মনচুৰে। পৰিয়ালৰ লোকে প্ৰশাসনক যুৱকজনৰ মৃত্যুৰ উচিত তদন্ত দাবী জনাইছে।