Logo
image

আহি আছে পুষ্পা ২

আল্লু-অৰ্জুন অভিনীত পুষ্পাক লৈ নেটিজেন-অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠা৷ কেতিয়াকৈ পুষ্পা-২ মুক্তি পায় তাক লৈ দৰ্শক-অনুৰাগীৰ মাজত কৌতুহলৰ শেষ নাই৷ মিথৰি মুভি মেকাৰ্ছে জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ মাজ ভাগতেই ছবিখনে চিত্ৰগৃহত মুক্তি পাব৷ সংস্থাটিয়ে জনোৱা মতে, ১৫ আগষ্টত ছবিখনে মুক্তি লাভ কৰিব৷ উল্লেখ্য, ২০২১ চনত প্ৰথম মুক্তি পায় দক্ষিণৰ ছবি পুষ্পা৷ ছবিখনে বেছ জনপ্ৰিয়তা লাভ কৰিছিল৷ সুকুমাৰ পৰিচালিত পুষ্পা-২ত অভিনয় কৰিছে আল্লু-অৰ্জুন আৰু ৰশ্মিকা মান্দানাই৷ পাঁচশ কোটি টকা বাজেটৰ সুকুমাৰৰ দ্বাৰা পৰিচালিত ছবিখনত আল্লু অৰ্জন, ৰশ্মিকাৰ লগতে অভিনয় কৰিছে ফাৰহাড ফাৰ্চিলে৷