Logo
image

বৰুণ-বেৰিকেড সাজু আছুৱে পিছুৱালে আন্দোলন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনত হিন্দু বাঙালীৰ ভোট লাভৰ পৰিকল্পনাৰে নৰেন্দ্ৰ মোদী চৰকাৰে অৱশেষত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে সাজু হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে অসমত ‘কা’বিৰোধী প্ৰতিবাদ দমনৰ বাবে অসম আৰক্ষীয়ে যুদ্ধংদেহী প্ৰস্তুতিৰে নামি পৰিছে৷ আৰক্ষী সঞ্চালকপ্ৰধানে সামাজিক মাধ্যমযোগে প্ৰতিবাদকাৰীক উদ্দেশ্যি ভয়-ভাবুকি দিয়াতে ক্ষান্ত নাথাকি প্ৰতিখন থানাতে ৰাবাৰ বুলেট, কন্দুৱা গেছ, লাঠী আদিও সাজু কৰাৰ নিৰ্দেশ দিছে৷ সমান্তৰালভাৱে যুদ্ধসদৃশ বাতাবৰণ সৃষ্টি কৰি গুৱাহাটীৰ ৰাজপথত কামাণ্ডো, চি আৰ পি এফৰ পদ সঞ্চালনৰ দিহা কৰাৰ উপৰি পথ-উপপথত বেৰিকেড নিৰ্মাণ কৰিছে৷ নিশা ট্ৰাকে ট্ৰাকে বাঁহ আনি গুৱাহাটীৰ চাৰিওদিশে বেৰিকেডেৰে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তুলিছে৷ তদুপৰি জিলাই জিলাই পেট্ৰ’ল পাম্পসমূহক বটল-গেলনত ইন্ধন বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে গেৰেজ তথা টায়াৰৰ দোকানৰ পৰা পুৰণি টায়াৰসমূহ আঁতৰাই পেলোৱাৰ লগতে মজুত থকা ট্ৰায়াৰৰ হিচাপ বিচাৰিও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ এই প্ৰস্তুতিৰ সমান্তৰালভাৱে আৰক্ষীয়ে এতিয়া জনতা ভৱনত সাজু কৰিছে প্ৰতিবাদ প্ৰতিৰোধী ‘বৰুণ’ বাহন৷ বিগত ‘কা’ আন্দোলনৰ সময়ত একাংশ আন্দোলনকাৰীৰ হিংসাত্মক প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিছিল৷ আৰক্ষীৰ গুলীয়ে ১৭ বছৰীয়া ছেম ষ্টেফৰ্ডকে ধৰি ৫জন লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ পূৰ্বৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাক নিশ্চিত কৰাৰ বাবেই আৰক্ষীয়ে জনতা ভৱনত সাজু কৰি ৰাখিছে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে ব্যৱহৃত ‘বৰুণ’ বাহন৷ জনতা ভৱনৰ দিশে আগুৱাই অহা প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবেই নৰ্দমাৰ গেলা পানী ভৰাই সষ্টম কৰি ৰাখিছে আৰক্ষীৰ এখন বৰুণ বাহন৷ কেৱল ইমানেই নহয়, প্ৰতিবাদ দমনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনো সাজু কৰি ৰাখিবলৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জৰুৰী নিৰ্দেশ দিয়া হৈছে৷ ইফালে ‘কা’ বিধি প্ৰস্তুতৰ বাবে মোদী চৰকাৰ সাজু হোৱাৰ পাছতেই বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোঁহাইৰ নেতৃত্বত নাগৰিক সমাজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ তদুপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেইবাজনো নেতা আৰক্ষীৰ হাতত আটকো হৈছে৷ ১৬টা বিৰোধী ৰাজনৈতিক দলেও ‘কা’ৰ বিৰোধিতা কৰি ৰাজ্যপালক সাক্ষাৎ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে৷ ইফালে, আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনেও ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে৷ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ ইফালে, সোমবাৰৰ পৰা আছুৱে ধাৰাবাহিক ‘কা’বিৰোধী আন্দোলনৰ সূচী ঘোষণা কৰিছিল যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ অনুৰোধৰ প্ৰতি সন্মান জনাই ৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ‘বাইক ৰেলী’ কাৰ্যসূচী ৭ মাৰ্চৰ পুৱা ১০ বজালৈ পিছুৱাই দিয়ে৷ ৭ মাৰ্চত পিছবেলা অনুষ্ঠিত হ’বলগীয়া উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ অসুবিধা নোহোৱাকৈ এই কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰি আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– “কা’বিৰোধী আন্দোলনৰ ইতিমধ্যে ঘোষিত আন কাৰ্যসূচীসমূহ পূৰ্বৰ ঘোষণা কৰাৰ দৰেই অনুষ্ঠিত হ’ব৷ ‘কা’ আৰু ‘কা’ৰ নিয়মাৱলী প্ৰয়োগৰ প্ৰচেষ্টাৰ বিৰুদ্ধে অহিংস গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ আগুৱাই নিয়া হ’ব৷’

আন্দোলন দমনৰ নামত তেল ডিপোত গেলনত তেল দিয়া বন্ধ, ৰাজ্যজুৰি হাহাকাৰ কৃষকৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিজেপি বিৰোধী বিভিন্ন দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি ‘নাগৰিকত্ব সংশোধনী আইন’ বা ‘কা’ শীঘ্ৰেই ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছে৷ সেই ঘোষণাৰ পাছতেই তাৰ তীব্ৰ বিৰোধিতা কৰি ৰাজ্যজুৰি বিভিন্ন দল - সংগঠনে এই ঘোষণাৰ বিৰুদ্ধে  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আনকি কাৰ বিৰোধিতা কৰা দল - সংগঠন সমূহে ৰাজ্যজুৰি এই আইন প্ৰৱৰ্তনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে৷ আনহাতে সেই ঘোষণাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০১৯ চনৰ ডিচেম্বৰ মাহত কাৰ বিৰোধিতাৰ নামত বাট-পথত টায়াৰ জ্বলাই যি ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিছিল এইবাৰ তেনে ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে আগতীয়াকৈ কেতবোৰ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে৷ সেই সতৰ্কতা অনুসৰি জুই জলোৱা ঘটনা ৰোধৰ বাবে তেল ডিপো সমূহত গেলন বা তেনে ধৰণৰ পাত্ৰত ডিজেল বা পেট্ৰল দিয়া কাৰ্য শনিবাৰৰ পৰা বন্ধ কৰা হৈছে৷ সমান্তৰালভাবে ৰাজপথত টায়াৰ জ্বলাই যাতে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবেও টায়াৰ মেৰামতি কৰা দোকান, ৱৰ্কশ্বপ সমূহক তেওঁলোকৰ তাত জমা থকা বেয়া বা পৰিত্যক্ত অৱস্থাত থকা পুৰণি টায়াৰ সমূহ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে৷ আনহাতে তেল ডিপোত গেলন বা বটলত তেল দিয়া কাৰ্য বন্ধ হোৱাৰ পাছত অধিক সংকটত পৰিছে ৰাজ্যৰ কৃষক ৰাইজ৷ কিয়নো আজিকালি বেচিভাগ কৃষকে কৃষি কৰ্মৰ বাবে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰে৷ তেনেদৰে কৃষি কৰ্ম কৰা খেতিপথাৰ সমূহ দূৰত থকা বাবে বেচিভাগ কৃষকে গেলন বা বটলজাতীয় পাত্ৰ লৈ আহি তেল ডিপোৰ পৰাই ডিজেল বা পেট্ৰল ক্ৰয় কৰি পাৱাৰ টিলাৰ বা ট্ৰেক্টৰত ব্যৱহাৰ কৰি আহিছে৷ কিন্তু এই নিষেধাজ্ঞাৰ ফলত দুদিন ধৰি কৃষক সকলে তেল ক্ৰয় কৰিব পৰা নাই৷ ফলত কৃষি কৰ্ম সম্পন্ন কৰিব পৰা নোৱাৰাত খেতিৰ এই ভৰপক সময়ত কৃষক ৰাইজ ভীষণ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে কোনো কৃষকে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰখন লৈ পথাৰৰ পৰা তেল ভৰোৱাৰ বাবে ডিপোলৈ নাহে৷ ইয়াৰ বিপৰীতে গেলন বা আন পাত্ৰত ডিপোৰ পৰা তেল ক্ৰয় কৰি লৈ গৈ পথাৰত থকা পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ভৰায়৷ আনকি পানী যোগান কাৰ্যত ব্যৱহৃত মেচিন সমূহতো একেই পদ্ধতি ব্যৱহাৰ কৰা হয়৷ ৰাজ্যৰ আন প্ৰান্তৰৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ কাষৰীয়া ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিত চাৰি শতাধিক কৃষকেও শনিবাৰৰ পৰা পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু পানী উত্তোলন কৰা মেছিন সমূহ চলাব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে৷ এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে শনিবাৰ আৰু দেওবাৰে  চাপৰিৰ কাষৰীয়া ধাৰাপুৰ, গড়ল, কেন্দুকুচিত থকা চাৰিটাকৈ তেল ডিপোত আগৰ দৰে কৃষক সকল গেলন আৰু বটল লৈ তেল নিবলৈ আহিছিল যদিও ডিপোৰ কৰ্মচাৰীয়ে আৰক্ষীয়ে দিয়া নিষেধাজ্ঞাৰ বাবে আগৰ দৰে তেনেকৈ তেল দিয়া নহব বুলি ওভতাই পঠাই৷ ফলত দুদিন ধৰি ব্যাহত হৈ আছে কৃষি কৰ্ম৷ এই সন্দৰ্ভত সমিতিয়ে কৃষি কৰ্ম অব্যাহত ৰখাৰ স্বাৰ্থত দৰকাৰ হলে ধাৰাপুৰস্থিত কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে বিশেষ পৰিচয় পত্ৰ প্ৰদান কৰি হলেও পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু পানীৰ মেছিনত ব্যৱহাৰৰ বাবে তেল দিয়া ব্যৱস্থা বাহাল ৰাখিবলৈ অসম চৰকাৰ, আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে৷