Logo
image

সাঁচিপাতৰ পুথি, মাজুলীৰ মুখাশিল্পলৈ ‘জি আই টেগ’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ মাৰ্চঃ অসমৰ বাবে পুনৰ আহিছে এটা ভাল খবৰ৷ গুৰুজনাৰ অপূৰ্ব এটা সৃষ্টি মাজুলীৰ মুখা শিল্প আৰু সাঁচিপাতৰ পুথিয়ে লাভ কৰিছে জি আই টেগ৷ কৃষ্টি কটিয়া নামৰ এটা অনুষ্ঠানৰ আবেদন ভিত্তিত অসম তথা মাজুলীৰ মুখা শিল্পক ভৌগলিক স্বীকৃতি প্ৰদান কৰা হৈছে৷ মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি মুখা শিল্পই অসমৰ ঐতিহ্য বহন কৰি আহিছে৷ প্ৰসিদ্ধ মুখা শিল্পী পদ্মশ্ৰী সন্মানপ্ৰাপক হেমচন্দ্ৰ গোস্বামীয়ে মুখা শিল্পৰ ভৌগলিক স্বীকৃতিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই আহিছিল৷ অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰণালয়ৰ ইণ্ডাষ্ট্ৰী প্ৰমোচন এণ্ড ইণ্টাৰনেল ট্ৰেড বিভাগে গুৰু জনাৰ সৃষ্টি মুখা শিল্পৰ লগতে সাঁচিপাতৰ পুথিলৈ ভৌগলিক মান্যতা প্ৰদান কৰে৷ মুখা শিল্প আৰু সাঁচিপাতৰ পুথিলৈ এই স্বীকৃতি প্ৰদান কৰাৰ কাৰ্যত আদৰণি জনাইছে মাজুলীৰ সত্ৰসমূহে৷ একাংশ লোকে মুখা শিল্পকলৈ  কৰি অহা বেপাৰ এই স্বীকৃতিৰ পাছৰ পৰা বন্ধ হ’ব বুলিও আশা ব্যক্ত কৰিছে৷ উল্লেখ্য, জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্বন অৱ গুডছ এক্ট ১৯৯১ৰ অধীনত ইতিপূৰ্বে অসমৰ আন ১১ বিধ সামগ্ৰীয়ে ভৌগলিক সূচক লাভ কৰিছে৷ অসমৰ মূগা মুতা, অৰ্থডক্স চাহ, অসম মুগা ছিল্কৰ ল’গ’, কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, জহা চাউল, কোমল চাউল-বোকা চাউল, কাজিনেমু, চকুৱা চাউল, ডিমাচাৰ পানীয় জুডিমা আৰু অসমীয়া গামোচাই৷ তদুপৰি অসমৰ আন ৯ বিধ সামগ্ৰী ক্ৰমে অসমীয়া গহনা, মাজুলীৰ মুখাশিল্প, মাজুলীৰ পাণ্ডুলিপি চিত্ৰকলা, জাপি, টেৰাকোটা শিল্প, মিচিঙৰ হস্ততাঁত সামগ্ৰী, ঢোল, পানী মেটেকা শিল্প আৰু বড়োৰ বাদ্যযন্ত্ৰ জ’থাৰ জি আই টেগৰ বাবে আবেদন জনাইছিল যদিও বৰ্তমান ইয়াৰে মাজুলীৰ মুখাশিল্প আৰু পাণ্ডুলিপি চিত্ৰকলাক জি আই টেগৰ স্বীকৃতি প্ৰদান কৰে৷ অৱশ্যে অসমৰ দুবিধ সামগ্ৰী ঔটেঙা আৰু কাৰ্বি বস্ত্ৰ শিল্পৰ জি আই টেগৰ আবেদন নাকচ কৰিছে৷