Logo
image

যোৰহাটত গৌৰৱ, গুৱাহাটীত মীৰা, ডিব্ৰুগড়ত লুৰীণজ্যোতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ মাৰ্চঃ বহু জল্পনা-কল্পনাৰ পাছত অৱশেষত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে বিৰোধী ঐক্যমঞ্চই৷ কংগ্ৰেছৰ এটা সূত্ৰই জনোৱা মতে ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ১১টাত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৩টা সমষ্টি মিত্ৰদলক এৰি দিছে৷ সেইসূত্ৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাবে ডিব্ৰুগড় আসনখন, চিপিএমৰ বাবে বৰপেটা আসনখন আৰু তৃণমূল কংগ্ৰেছৰ বাবে শিলচৰ আসনখন এৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ যদিহে শিলচৰ সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা নকৰে তেতিয়া সেইখন আসনত কংগ্ৰেছে নৈঋতা জয়শুক্লাক প্ৰাৰ্থিত্ব দিব বুলিও সদৰী কৰিছে৷ একেটা সূত্ৰই জনোৱা মতে বিগত সময়ছোৱাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া হ’ব বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক৷ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হ’ব যোৰহাট সমষ্টিত৷ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ হ’ব গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী৷ কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়া হ’ব ধুবুৰী সমষ্টিত৷ সেইদৰে কাজিৰঙা সমষ্টিত ৰ’জলিনা তিৰ্কী, লখিমপুৰ সমষ্টিত প্ৰাক্তন সাংসদ ৰাণী নৰহ, শোণিতপুৰত প্ৰেমলাল গঞ্জু, দৰং-ওদালগুৰিত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, কোক্‌ৰাঝাৰত গৰ্জন মুছাহাৰী, কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু ডিফুত জয়ৰাম ইংলেঙক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া হ’ব৷ কংগ্ৰেছৰ সূত্ৰটোৱে জনোৱা মতে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দলসমূহৰ সৈতে কৰা আলোচনাৰ অন্তত কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে কথা পতাৰ পাছত অসমৰ ১৪টা সমষ্টিৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য, দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক সাক্ষাৎ কৰি বহু সময় ধৰি আলোচনা কৰে আৰু ইয়াৰ পাছতে অসমত কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত দীৰ্ঘদিনে অব্যাহত থকা অচলাৱস্থা দূৰ হোৱা বুলি কংগ্ৰেছৰ সূত্ৰটোৱে সদৰী কৰিছে৷ দেওবাৰে চূড়ান্ত কৰা এই প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰাৰ পূৰ্বে এইসন্দৰ্ভত মিত্ৰ দলসমূহৰ সৈতে আলোচনা কৰি প্ৰয়োজনবোধে সাল-সলনি ঘটোৱা হ’ব বুলিও কংগ্ৰেছৰ সূত্ৰটোৱে সদৰী কৰিছে৷