Logo
image

অখিলৰ অৰ্কিড গাৰ্ডেনত লগে-ভাগে এসাঁজ মন্ত্ৰী পীয়ূষৰ

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৩ মাৰ্চঃ ৰাজনীতিৰ পথাৰখন খুবেই খলা-বমা৷ কোন মুহূৰ্তত কাৰ কাষত কোন থিয় দিয়ে, সেয়া আগতীয়াকৈ থিৰাং কৰা কঠিন৷ সদায় বিপৰীত মেৰুত থকা দুজন ৰাজনৈতিক নেতাৰ দেওবাৰে কাজিৰঙাত দেখা গ’ল ব্যতিক্ৰম ৰূপত৷ বিধানসভাৰ ভিতৰে-বাহিৰে সততে ইজনে-সিজনক গালি-গালাজ কৰি থকা দুজন ৰাজনৈতিক নেতাৰ কাজিৰঙাত বন্ধুৰ ৰূপত দেখা গ’ল৷ কাজিৰঙাৰ অৰ্কিড উদ্যানত দেওবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ সেই সময়ত অৰ্কিড উদ্যানত মন্ত্ৰী হাজৰিকাৰ লগত দেখা গ’ল অৰ্কিড উদ্যানৰ কাণ্ডাৰী, শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক৷ অখিল গগৈৰ অৰ্কিড গাৰ্ডেনত লগে-ভাগে এসাঁজ খোৱা মন্ত্ৰী পীয়ূষ হাজৰিকাই সাংবাদিকক এইদৰে ক’লে– ‘ৰাজনৈতিক পথাৰত আমি দুয়ো বিপৰীত মেৰুত৷ দিনৰ পোহৰৰ দৰে সত্য যে অখিল গগৈ যিফালে মই তাৰ ওলোটাফালে৷ আমাৰ দুয়োৰে মাজত ব্যক্তিগত সম্পৰ্ক বেয়া নহয় আৰু সম্পৰ্ক বেয়া কৰিবও নিবিচাৰোঁ৷ দুপৰীয়া মোৰ ভোক লগাত মই নিজেই ফোন কৰি ইয়ালৈ আহিলোঁ৷ অখিলে ভাত খুৱালে আৰু অৰ্কিড উদ্যানখন দেখুৱালে৷ কিন্তু ধন নল’লে৷’ কাজিৰঙাৰ দুৰ্গাপুৰ গাঁৱত অৱস্থিত কাজিৰঙা জাতীয় অৰ্কিড আৰু জীৱ বৈচিত্ৰ্য উদ্যানত অখিল গগৈৰ সৈতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে অৰ্কিড উদ্যান দৰ্শন কৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই আৰু কয়– ‘কাজিৰঙা লোকসভা সমষ্টিত আমি বহু লাখ ভোটত জয়ী হ’ম৷ বিৰোধী ঐক্যমঞ্চ নামতহে আছে৷ তেওঁলোকৰ কোনো কাম নাই৷ এই মুহূৰ্তত তেওঁলোকে নিৰ্বাচন খেলিবলৈ উপযুক্ত প্ৰাৰ্থী বিচাৰি পোৱা নাই৷ কাজিৰঙা আৰু যোৰহাটত তেওঁলোকৰ কোনে খেলিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই৷ সঁচা কথা ক’বলৈ গ’লে তেওঁলোকৰ বৰ্তমান অৱস্থা খুব বেয়া৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ৰাইজৰ কাম হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমৰ কাৰণে কাম কৰিছে৷ গতিকে নৰেন্দ্ৰ মোদীক ৰাইজে পুনৰ প্ৰধানমন্ত্ৰী পাতিব– এয়া দিনৰ পোহৰৰ দৰে সত্য৷ যেতিয়ালৈকে ভাল কাম কৰি থাকিম, কোনো শক্তিয়ে আমাক হৰুৱাব নোৱাৰে৷ কাজিৰঙা সমষ্টিত আমাৰ দলে প্ৰাৰ্থিত্ব দিয়া কামাখ্যা প্ৰসাদ তাচা এজন উপযুক্ত প্ৰাৰ্থী৷ তাছা বহু লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মোৰ দৃঢ় বিশ্বাস৷ ঐক্যমঞ্চৰ নেতা লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত নিৰ্বাচন খেলাৰ কথা আছিল যদিও এতিয়া লখিমপুৰত খেলিব বুলি কথা ওলাইছে৷ আমি ভাল কাম কৰি আহিছোঁ, গতিকে ৰাইজে আমাক সমৰ্থন দিব৷ আমি কেতিয়াও বেয়া কাম নকৰোঁ৷ কৰিলে আমিও হাৰিম৷ যিদৰে কংগ্ৰেছে বেয়া কাম কৰাৰ বাবে ৰাইজৰ সমৰ্থন হেৰুৱালে৷’