Logo
image

আম্বানি পুত্ৰৰ প্ৰাক্‌-বিবাহত এটাৰ পাছত আনটো চমকঃ তিনি খানৰ নৃত্য, ৰিহানাৰ ৭৫ কোটিটকীয়া সংগীতানুষ্ঠান

জামনগৰ, ৪ মাৰ্চঃ গুজৰাটৰ বাণিজ্য নগৰী জামনগৰত যোৱা তিনিদিন ধৰি তাৰকাৰ ভিৰ৷ কি বলীউড, কি হলীউড, নামী-দামী তাৰকাৰ সমাগম ঘটিছে চহৰখনৰ ৰিলায়েন্স গ্ৰীণছ নামৰ বিলাসী ৰিজ’ৰ্টখনত৷ উদ্যোগপতি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানি আৰু বীৰেন মাৰ্ছেণ্টৰ কন্যা ৰাধিকা মাৰ্ছেণ্টৰ প্ৰাক বিবাহ অনুষ্ঠানৰ বাবে এই সমাগম৷ কোন নাই তাত! দীপিকা পাড়ুকন, ৰণবীৰ সিং, ৰণবীৰ কাপুৰ, আলিয়া ভাট, অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ, কিয়াৰা আদৱানি, সিদ্ধাৰ্থ মালহোত্ৰা, ছাইনা নেহৱাল, ছানায়া কাপুৰ, অনন্যা পাণ্ডে, আদিত্য ৰয় কাপুৰ, হাৰ্দিক পাণ্ডে, শচীন তেণ্ডুলকাৰ, এম এছ ধোনী, বৰুণ ধাৱান, শ্ৰদ্ধা কাপুৰ, ছঈফ আলী খান, কৰীণা কাপুৰ, নিতু কাপুৰ, মাধুৰী দীক্ষিতকে ধৰি আন অজস্ৰ তাৰকা অভিনেতা-অভিনেত্ৰী তথা ক্ৰীড়াবিদ৷ আহিছে আনকি হলীউডৰ পপ তাৰকা ৰিহানাও৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজিত প্ৰাক বিবাহ অনুষ্ঠানৰ দ্বিতীয় দিনা শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় ‘ৰিহানা নাইট’৷ য’ত উপস্থিত থাকে অভিনয় তথা ক্ৰীড়া জগতৰ জনপ্ৰিয় তাৰকা খেলুৱৈসকলৰ লগতে বিল গেটছকে ধৰি দেশ-বিদেশৰ  উদ্যোগপতিসকল৷ থাকে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পো৷ শাৰী পিন্ধি অনুষ্ঠানত ভাগ লয় ইভাংকাই৷ প্ৰায় দুঘণ্টা জুৰি অনুষ্ঠিত হোৱা  ৰিহানা নাইটত হলীউডৰ পপ তাৰকাগৰাকীয়ে  ১৯টা গানেৰে মঞ্চ কঁপায়৷ এই সময়ছোৱাত  ৰিহানাৰ গানৰ তালে তালে নাচি উঠে উপস্থিত অভ্যাগতসকল৷ গানৰ উপৰি ৰিহানাই মঞ্চত আম্বানি পৰিয়ালৰ সদস্যসকলৰ সৈতে খালী ভৰিৰে নৃত্যও কৰে৷ ৰিহানাৰ হাতত হাত ধৰি নাচে নিতা আম্বানি, ৰাধিকা মাৰ্ছেণ্ট, শ্ল'কা মেহতা, আকাশ আম্বানি আৰু অনন্ত আম্বানিয়েও৷ উল্লেখ্য যে হলীউডৰ পপ তাৰকা ৰিহানাই প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠান পৰিৱেশন কৰে৷ ইয়াৰ বাবে আম্বানি পৰিয়ালে  তেওঁক দিবলগা হয় প্ৰায় ৭৫ কোটি টকাৰ মাননী৷ ৰিহানাৰ সংগীতানুষ্ঠানৰ উপৰিও ৰাধিকা-অনন্তৰ প্ৰাক বিবাহ অনুষ্ঠানৰ মঞ্চত প্ৰাণঢালি নাচে বলীউডৰ তিনি খান– শ্বাহৰুখ, ছলমান আৰু আমিৰ খানে৷ শনিবাৰে নিশা তাৰকা অভিনেতা তিনিজনে দাক্ষিণাত্যৰ ‘আৰ আৰ আৰ’ নামৰ জনপ্ৰিয় ছবিখনৰ ‘নাটু নাটু’ গীতটোৰ তালে তালে কান্ধত কান্ধ মিলাই দীৰ্ঘসময় ‘হুকষ্টেপ’ কৰে৷ তিনি খানৰ এই নৃত্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টো দেখি উচ্চাসিত হৈ পৰে ‘নেট দুনিয়া’৷ তেওঁলোকৰ মতে যিটো কাম ভাৰতৰ আগশাৰীৰ পৰিচালক-প্ৰযোজকসকলে কৰি দেখুৱাব পৰা নাই সেই কাম কৰি দেখুৱালে মুকেশ আম্বানিয়ে৷ পুত্ৰ-বোৱাৰীৰ প্ৰাক বিবাহ অনুষ্ঠানত বলীউডৰ তিনি খান– শ্বাহৰুখ, ছলমান আৰু আমিৰ খানক একেলগে নচুৱাই দেখুৱালে তেওঁ৷ আনহাতে অনুষ্ঠানৰ মঞ্চত মুকেশ আম্বানি আৰু পত্নী নীতা আম্বানিয়েও ‘প্যাৰ হুৱা ইকৰাৰ হুৱা...’ শীৰ্ষক গীতটোত অভিনয় কৰি অভ্যাগতসকলক অভিভূত কৰে৷ গীতটোত এটা ছাতি লৈ মঞ্চত ওলায় আম্বানি দম্পতী৷ মুঠৰ ওপৰত পুত্ৰ-বোৱাৰীৰ প্ৰাক বিবাহ উৎসৱত আম্বানি পৰিয়ালে দিয়ে চমকৰ পাছত চমক৷ উল্লেখ্য যে অহা ১২ জুলাইত অনন্ত আম্বানি আৰু ৰাধিকাৰ বিবাহ সম্পন্ন হ’ব৷ বিবাহ অনুষ্ঠানৰ বাবেও আম্বানি পৰিয়ালে ৰাজকীয় অভ্যৰ্থনাৰ  আয়োজন কৰিছে৷ য’ত উপস্থিত থাকিব মন্ত্ৰী তথা ৰাজনৈতিক নেতাৰ লগতে দেশ-বিদেশৰ অতিথিবৃন্দ৷