Logo
image

৬৩খন দেশত নিৰাপদ ভ্ৰমণ কৰি ঝাৰখণ্ডত ধৰ্ষণৰ বলি বিদেশী পৰ্যটক

ৰাঁচী, ৫ মাৰ্চঃ ঝাৰখণ্ডত স্বামীৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা স্পেইনৰ যুৱতীগৰাকীয়ে আগবঢ়াইছে ঘটনাৰ লোমহৰ্ষক বিৱৰণ৷ ঘটনাৰ দিনা ফাৰ্ণাণ্ডা নামৰ  যুৱতীগৰাকীয়ে স্বামীৰ সৈতে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুৰুমাহাট গাঁৱত দিনটোৰ ভাগৰৰ পাছত নিজৰ তম্বুত বিশ্ৰাম লৈ আছিল৷ ঝাৰখণ্ডৰ পৰা তেওঁলোকে নেপাললৈ যাত্ৰা কৰাৰ কথা আছিল৷ বিগত পাঁচ বছৰত ৬৩ খন দেশ ভ্ৰমণ কৰি প্ৰায় ১৫৩০০০ কিলোমিটাৰ অতিক্ৰম কৰি আহিছিল৷ শুকুৰবাৰে নিশা তেওঁলোকে কুৰুমাহাটৰ হান্সদিহা বজাৰত তম্বুৰ তলত নিশাটো যাপন কৰি পিছদিনা পুৱা নেপাল অভিমুখে ৰাওনা হোৱাৰ কথা আছিল৷ কিন্তু নিশা হঠাৎ সাতজনীয়া যুৱকৰ দল এটা আহি প্ৰায় ৪০ বছৰীয়া ফাৰ্ণাণ্ডাৰ লগতে তেওঁৰ স্বামীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ এই ঘটনাত বাধা প্ৰদান কৰোতে যুৱকৰ দলটোৱে ফাৰ্ণাণ্ডাৰ স্বামীক তম্বুৰ পৰা উলিয়াই নি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে তেওঁলোকৰ নগদ ধন আৰু অন্যান্য সা-সামগ্ৰী কাঢ়ি লয়৷ ইয়াৰ পাছতে যুৱকৰ দলটোৱে ফাৰ্ণাণ্ডাক দলবদ্ধভাৱে ধৰ্ষণ কৰে৷ নিশা প্ৰায় এঘাৰ  বজাত এদল টহলদাৰী আৰক্ষীয়ে অসহায় অৱস্থাত প্ৰত্যক্ষ কৰে পৰ্যটক দম্পতীক৷ আৰক্ষীৰ দলটো আগবাঢ়ি অহাত ফাৰ্ণাণ্ডা আৰু তেওঁৰ স্বামীয়ে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে যদিও স্পেনিছ ভাষা তেওঁলোকে বুজিব পৰা নাছিল৷ এনে অৱস্থাত গুগলৰ অনুবাদৰ জৰিয়তে নিৰ্যাতনৰ বলি হোৱা পৰ্যটক দম্পতীয়ে আৰক্ষীক ঘটনাৰ বৰ্ণনা দিয়ে৷ ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁলোকক শৰাইয়াহাট সামূহিক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে৷ য’ত মহিলা পৰ্যটকগৰাকী ধৰ্ষিতা হোৱাটো নিশ্চিত হয়৷ পৰ্যটক দুগৰাকী মূলতঃ ব্ৰাজিলৰ যদিও তেওঁলোকে স্পেইনৰ পাৰপত্ৰ ব্যৱহাৰ কৰিছিল৷ দুয়ো মটৰ চাইকেলেৰে পাঁচ বছৰ পূৰ্বে বিশ্ব ভ্ৰমণ কৰাৰ উদ্দেশ্যে ওলাই আহিছিল৷