Logo
image

লাডাখ ৰক্ষাৰ বাবে প্রচণ্ড শীততঃ ৱাংচুকৰ অনশন, সঁহাৰি নাই কাৰো

'আমাৰ অসম'ৰ বিশেষ প্রতিবেদন, ১৮ মার্চঃ কেন্দ্ৰীয় চৰকাৰে লাডাখৰ প্ৰতি কৰা বঞ্চনা আৰু প্রতিশ্রুতি দিও পূৰণ নকৰাৰ প্রতিবাদত পৰিৱেশবিদ সোনম ৱাংচুকে প্রচণ্ড শীতত বিগত ১১ দিন ধৰি আমৰণ অনশন অব্যাহত ৰাখিলেও তেওঁৰ প্রতিবাদৰ প্ৰতি দেশৰ অৱশিষ্ট অংশৰ কোনো সঁহাৰি নাই। কেন্দ্ৰীয় চৰকাৰে ৱাংচুকৰ প্ৰতিবাদৰ প্ৰতি যিদৰে সামান্যতমো সঁহাৰি আগবঢ়োৱা নাই, ঠিক সেইদৰে ভাৰতৰ মূলসুঁতিৰ সংবাদ প্রকৃতিক ধ্বংস নকৰিব। অনশনৰত ৱাংচুক মাধ্যমে পৰিৱেশবিদজনৰ আমৰণ অনশনৰ কোনো বা-বাতৰি প্ৰচাৰ কৰা নাই। শূন্য ডিগ্রী তাপমাত্রাত ৱাংচুকে আন আন লাডাখী গাঁওবাসীৰ সৈতে আমৰণ অনশন অব্যাহত ৰাখিছে। আজিৰ দিনটোত তেওঁ দেশৰ নাগৰিকক লাডাখৰ সমর্থনত প্রতীকী অনশন কৰিবলৈ জনোৱা আহ্বান বিভিন্ন স্থানত পালন কৰা হয়। দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমে ৱাংচুকৰ প্রতিবাদৰ বিষয়ে প্রকাশ নকৰাৰ বাবে তেওঁ ভিডিঅ' বাৰ্তাৰ জৰিয়তে লাডাখবাসীৰ দাবী আৰু প্রতিবাদ সন্দৰ্ভত প্রকাশ কৰে। ৱাংচুকে প্রতিদিনে প্রকাশ কৰা ভিডিঅ' বার্তা সম্প্রতি দেশৰ চুকে-কোণে বিয়পি পৰিছে আৰু সৰু সুৰা স্থানীয় সংবাদ মাধ্যমে ৱাংচুকৰ প্ৰতবাদ সন্দর্ভত বাতৰি প্ৰকাশ কৰিছে। শেহতীয়াকৈ তেওঁ মুকলি কৰা ৩.৪২ মিনিটৰ ভিডিঅ' এটা দেশজুৰ ভাইৰেল হৈছে, য'ত তেওঁৰ সৈতে আন ৯০ জন গাঁওবাসীয়ে আমৰণ অনশন অব্যাহত ৰখাৰ বিষয়ে দেশবাসীক জনাইছে। ভিডিঅ'টো ৱাংচুকৰ অনশনৰ নৱম দিনৰ। তেওঁ জনোৱা অনুসৰি লাডাখক কেন্দ্ৰীয় চৰকাৰে ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিব বুলি প্রতিশ্রুতি দিছিল। পিছে সেই প্রতিশ্রুতি মোদী চৰকাৰে নাৰাখিলে। বিজেপি চৰকাৰে কৰা বঞ্চনাৰ প্ৰতিবাদত লাডাখবাসীয়ে কেন্দ্রীয় শাসিত প্রদেশখনৰ লোকসভাৰ একমাত্র আসনখনৰ নিৰ্বাচন বর্জন কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। উল্লেখ্য কেন্দ্রীয় মন্ত্রী নিত্যানন্দ ৰায় নেতৃত্বাধীন উচ্চস্তৰীয় কমিটীৰ সৈতে লাডাখৰ প্ৰতিনিধিৰ বৈঠক অলপতে ব্যর্থ হয়। ফলত কেন্দ্ৰীয় চৰকাৰে পূৰ্বে কেন্দ্রীয় শাসিত প্রদেশখনক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰি ৰক্ষাকবচ প্রদান কৰিব বুলি দিয়া প্রতিশ্রুতি বাস্তৱ হোৱা সম্ভাৱনা সম্প্রতি শেষ হৈছে। সেয়ে লাডাখত মোদী চৰকাৰৰ বিৰুদ্ধে প্রতিবাদৰ ঢৌ উঠিছে আৰু আমৰণ অনশনেৰে সেই প্রতিবাদৰ নেতৃত্ব দিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ সোনম ৱাংচুকে।