Logo
image

প্রায় ৭ হাজাৰ কোটি টকা সোমাইছিল বিজেপিৰ পুঁজিত

'আমাৰ অসম'ৰ বিশেষ প্রতিবেদন, ১৮ মাৰ্চঃ নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজনৈতিক দলৰ পুঁজি সংগ্ৰহৰ ব্যৱস্থাত স্বচ্ছতা আনিবলৈ ২০১৮ চনত প্ৰৱৰ্তন কৰা ইলেক্ট্র'বেল বণ্ডৰ জৰিয়তে ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেই কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি দলে ৬৯৮৬.৫ কোটি টকাৰ 'দান' লাভ কৰিছিল। দেওবাৰে নির্বাচন আয়োগে নিজস্ব ৱেবছাইটত প্রকাশ কৰা তথ্যত এই পৰিসংখ্যা প্রকাশ পাইছে। নির্বাচন আয়োগক এই পৰিসংখ্যা প্রকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল। নির্বাচন আয়োগে এই তথ্য দেওবাৰে বিয়লি নিজস্ব ৱেবছাইটত প্রকাশ কৰি জনাইছে যে তেওঁলোকে তথ্যসমূহ উচ্চতম ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ পৰা লাভ কৰিছে। এয়া ষ্টেট বেংকে তেওঁলোকক যোগান ধৰা তথ্য নহয়, বৰং এই তথ্য ৰাজনৈতিক দলসমূহে বন্ধ খামত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে সেই খাম খোলাৰ পৰিৱৰ্তে খামত থকা তথ্য আৰু একে তথ্যৰ ডিজিটেল ৰূপ নির্বাচন আয়োগলৈ পঠিয়াই দি ৱেবছাইটত প্রকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। নির্বাচন আয়োগে এই তথ্য কোন কোন চনৰ সেয়া উল্লেখ কৰা নাই। কিন্তু বিশ্বাস কৰা হৈছে, এই তথ্য ২০১৯ চনৰ ১২ এপ্রিল পর্যন্ত ইলেক্ট্র'ৰেল বণ্ডৰ জৰিয়তে লাভ কৰা ধনৰ হিচাপ। কিয়নো, ৰাজনৈতিক দলসমূহে ২০১৯ চনৰ ১২ এপ্ৰিললৈকে লাভ কৰা ইলেক্টৰেল বণ্ডৰ তথ্যৰ ধনৰ হিচাপহে উচ্চতম ন্যায়ালয়ত বন্ধ খামত দাখিল কৰিছিল।
নির্বাচন আয়োগে নিজস্ব ৱেবছাইটত দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ চনৰ নিৰ্বাচনৰ আগলৈকে প্রায় ৭ হাজাৰ কোটি টকাৰ বিশাল পৰিমাণৰ 'দান' লাভ কৰিছিল। আয়োগৰ তথ্য অনুসৰি সেই ধনৰ পৰিমাণ আছিল ৬,৯৮৬.৫ কোটি টকা। এই পৰিমাণৰ ধন আন কোনো ৰাজনৈতিক দলে লাভ কৰা নাছিল। তথ্য অনুসৰি পশ্চিমবংগৰ তৃণমূল কংগ্রেছে ১,৩৯৭ কোটি টকা, কংগ্রেছ দলে ১,৩৩৪ কোটি টকা, ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ১,৩২২ কোটি টকা লাভ কৰিছিল। ইয়াৰ বাহিৰে কোনো ৰাজনৈতিক দলে সেই সময়ছোৱাত হাজাৰ-কোটি টকাৰ অধিক 'দান' ইলেক্ট'ৰেল বণ্ডৰ জৰিয়তে লাভ কৰিছিল। সেই অনুসৰি বিজু জনতা দলে ৯৪৪.৫ কোটি টকা, ডি এম কেই ৬৫৬.৫ কোটি টকা, অন্ধ্রপ্রদেশৰ বাই এছ আৰ কংগ্রেছে ৪৪২.৮ কোটি টকা, জে ডি (এছ) দলে ৮৯.৭৫ কোটি টকা লাভ কৰিছিল।
এবছৰতকৈ কম সময়ৰ ভিতৰত কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি দলে বিশাল পৰিমাণৰ প্ৰায় ৭ হাজাৰ কোটি টকাৰ 'দান' লাভ কৰাৰ বিষয়টোরে ইলেক্ট'ৰেল বণ্ডৰ জৰিয়তে দলটো যে অস্বাভাবিকভাবে লাভান্বিত হৈছিল, সেয়া প্রতিফলিত হৈছে। এনেদৰে বিশাল পৰিমাণত দলীয় পুঁজি সংগ্ৰহ কৰাৰ উদ্দেশ্যেই নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ কাৰ্যকালত ৰাজনৈতিক দলৰ পুঁজি সংগ্ৰহৰ ব্যৱস্থা ইলেক্ট'ৰেল বণ্ডলৈ পৰিৱৰ্তিত কৰাৰ কাৰণো এতিয়া পৰিষ্কাৰ হৈ পৰিছে। কিয়নো ইলেক্ট'ৰেল বণ্ডৰ জৰিয়তে কোনো উদ্যোগপতি, কর্প'ৰেট সংস্থাই নিজৰ নাম প্রকাশ নকৰাকৈ সীমাহীন পৰিমাণত ৰাজনৈতিক দললৈ দান-বৰঙণি আগবঢ়াব পাৰে। সেইক্ষেত্ৰত দাতাই আয়কৰো ৰেহাই পায়। কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ 'দান' সংগ্ৰহৰ পৰিমাণ দেখিলেই ধৰিব পাৰি, তেওঁলোকে নিজৰ চৰকাৰৰ ক্ষমতা আৰু প্ৰভাৱৰ জৰিয়তে এনেদৰে বিশাল অর্থ দলীয় পুঁজিলৈ গোটাবলৈ সক্ষম হৈছিল। কিয়নো শাসনত নথকা কংগ্ৰেছ দলে বিজেপিৰ সাত ভাগৰ এভাগো 'দান' লাভ কৰা নাছিল।