Logo
image

ডিব্ৰুগড়ত নিৰ্বাচনী সংঘাতঃ অজাপৰ সভাত বিজেপি কৰ্মীৰ আক্ৰমণ

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৮ মাৰ্চঃ ডিব্ৰুগড়ত তুংগত উঠিছে শাসক-বিৰোধীৰ নিৰ্বাচনী যুঁজ। আকৰ্ষণীয় হৈ উঠিছে আছুৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদকৰ মাজত নিৰ্বাচনী যুঁজ। বিজেপিৰ হেভিৱেট প্ৰাৰ্থী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মাজত তুংগত উঠিছে নিৰ্বাচনী যুঁজ। 

ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত সংঘটিত হয় অসম জাতীয় পৰিষদ আৰু বিজেপিৰ মাজত নিৰ্বাচনী সংঘাত। জানিব পৰা মতে, দেওবাৰে বিয়লিৰ ভাগত চেপনৰ পূজা ফিল্ডত অনুষ্ঠিত হৈছিল অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী সভা। য'ত উপস্থিত আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। চেপন চাহ বাগিচাৰ খেলপথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত লুৰীণজ্যোতি গগৈৰ উপস্থিতিত প্ৰায় দুই শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত। কিন্তু লুৰীণজ্যোতি গগৈ সভাস্থলী ত্যাগ কৰাৰ পিছতে বিজেপিৰ কৰ্মীৰ এটা দলে আক্ৰমণ কৰে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীক। অজাপ আৰু বিজেপিৰ কৰ্মীসকলে 'ভাৰত মাতা কী জয়' আৰু 'জয় আই অসম' শ্লোগান দি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। অৱশ্যে এই ঘটনাত কোনো এজন লোকৰ হতাহত হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। 

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলীয় নেতা-কৰ্মীসকলক লৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে পিছ পৰি থকা নাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ো। গাঁৱে-ভূঁঞে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে অজাপৰ সভাপতিজন৷। উগ্ৰ 'কা' বিৰোধী নেতাজনৰ উত্থানত শংকিত হৈছে উগ্ৰ 'কা' সমৰ্থক সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ লগতে বিজেপি নেতা-কৰ্মীয়ে লুৰীণজ্যোতি গগৈ ফেক্টৰ নহয় বুলি কটাক্ষ কৰিলেও এককথাত ক'ব পাৰি সোণোৱালৰ ভেঁটি কঁপাইছে লুৰীণে!