Logo
image

অসমত পুনৰ ভূমিকম্পৰ জোকাৰণি

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৮ মাৰ্চঃ অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত সোমবাৰে সন্ধিয়া পুনৰ এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই  জোকাৰি যায়। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে সন্ধিয়া ৫ বাজি ৪১  মিনিট ৪৯  চেকেণ্ডত প্ৰায় ১৩  চেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৩.০ কম্পনাংক। আনহাতে  ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ উত্তৰ পূব দিশত ৫  কিলোমিটাৰ গভীৰতাত। 

অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১২ আৰু ১৩ মাৰ্চত দুটাকৈ  মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল অসমকে ধৰি কেবাখনো ৰাজ্য। ১২ মাৰ্চৰ দিনা জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গোৱালপাৰা জিলাৰ গাতে লগা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলা। ১৩ মাৰ্চৰ দিনা জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া মণিপুৰ ৰাজ্য। বিগত ২০২৩ বৰ্ষটোত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো  কেবাটাও মৃদু আৰু মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল।