Logo
image

‘গোপন’ তথ্য বিচাৰি ষ্টেট বেংকক চৰম সীমা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ মাৰ্চঃ ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কোন কৰ্প’ৰেট গোষ্ঠী বা উদ্যোগপতিৰ পৰা কিমান পৰিমাণ ধন ‘দান’ হিচাপে লাভ কৰিছে, সেই তথ্য অতি কৌশলেৰে এতিয়ালৈকে গোপন কৰি ৰাখিছে ভাৰতীয় ষ্টেট বেংকে৷ নৰেন্দ্ৰ মোদী চৰকাৰে ইলেক্ট’ৰেল বণ্ড প্ৰৱৰ্তন কৰাৰ প্ৰথম আৰু প্ৰধান চৰ্তই আছিল দাতাৰ নাম গোপনে ৰখা৷ উচ্ছতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড অসংবিধানিক বুলি ১৫ ফেব্ৰুৱাৰীতে সম্পূৰ্ণ ব্যৱস্থাটো খাৰিজ কৰা স্বত্ত্বেও এই ব্যৱস্থা পৰিচালনা কৰা ষ্টেট বেংকে আজি পৰ্যন্ত কোন দাতাই কোন ৰাজনৈতিক দলক কিমান ‘দান’ দিলে সেই তথ্য গোপন কৰি ৰাখিছে৷ ইয়াৰ বিপৰীতে স্বৰাজোত্তৰ ভাৰতৰে ৰাজনৈতিক দলক চান্দা দিয়াৰ সৰ্ববৃহৎ কেলেংকাৰিটো জনসমক্ষে আনিবলৈ কঠোৰৰ পৰা কঠোৰতৰ হৈছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠ৷ সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়ৰ  সাংবিধানিক বিচাৰপীঠে ষ্টেট বেংকক ইলেক্ট’ৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে৷ অহা বৃহস্পতিবাৰে বিয়লি ৫ বজাৰ ভিতৰত ষ্টেট বেংকে ইলেক্ট’ৰেল বণ্ডৰ ‘ইউনিক আলফা নিউমাৰিক’ নম্বৰসহ সমস্ত তথ্য নিৰ্বাচন আয়োগৰ ওচৰত জমা দিব লাগিব৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন, ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জেবি পাডিৱালা আৰু মনোজ মিশ্ৰৰ সাংবিধানিক বিচাৰপীঠে সোমবাৰে ষ্টেট বেংকক কয়, তেওঁলোকে ইলেক্ট’ৰেল বণ্ডৰ সমস্ত তথ্য পুংখানুপুংখভাৱে বৃহস্পতিবাৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব৷ এই সংক্ৰান্তীয় কেতবোৰ ‘নিৰ্বাচিত’ তথ্য প্ৰকাশ কৰি ষ্টেট বেংকে দায় সাৰিব নোৱাৰিব৷ সকলো তথ্যৰ সৈতে ষ্টেট বেংকে ইলেক্ট’ৰেল বণ্ডৰ ‘ইউনিক আলফা নিউমাৰিক’ নম্বৰো দাখিল কৰিব লাগিব৷ এই সংক্ৰান্তত ষ্টেট বেংকে আদালতৰ পৰা আৰু অধিক নিৰ্দেশ পোৱালৈ অপেক্ষা কৰিব নোৱাৰিব৷ 
তাৎপৰ্যপূৰ্ণ বিষয় এয়াই, এই ‘ইউনিক আলফা নিউমাৰিক ক’ড’ বা অনন্য নম্বৰতে সোমাই আছেদাতা আৰু প্ৰাপক অৰ্থাৎ ‘দান’ লাভ কৰা ৰাজনৈতিক দলৰ সংযোগ৷ সেয়ে ধাৰণা কৰা হৈছে, উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত ষ্টেট বেংকে অহা বৃহস্পতিবাৰে এই নম্বৰৰ তথ্য দাখিল কৰিলে কোন ৰাজনৈতিক দলে কোন দাতাৰ কিমান ধন লাভ কৰিছে, সেয়া মুকলি হৈ পৰিব৷ অৱশ্যে ‘ইউনিক আলফা নিউমাৰিক  ক’ড’ প্ৰকাশ কৰিলেও দাতা আৰু প্ৰাপকৰ সৱিশেষ উন্মোচিত হ’ব বুলি এতিয়াও সংবাদ মাধ্যম নিশ্চিত হ’ব পৰা নাই৷ কিন্তু ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত বিশদ ধাৰণা থকা পক্ষৰ মতে–(১) প্ৰত্যেকখন বণ্ডত একোটাকৈ স্পষ্ট আলফা নিউমাৰিক ক’ড থাকে, (২) এই ক’ড প্ৰত্যেকখন বণ্ডৰ ক্ষেত্ৰত ভিন ভিন, (৩) এই ক’ড বা অনন্য নম্বৰটোৱে দাতা আৰু প্ৰাপক দলৰ মাজত সংযোগ (লিংক) ৰক্ষা কৰে৷ সেয়ে ইউনিক আলফা নিউমাৰিক ক’ড ষ্টেট বেংকে প্ৰকাশ কৰিলে কোন দাতাই কোন দলক কিমান ‘দান’ দিছে সেয়া উন্মোচিত নোহোৱাৰ প্ৰশ্নই নাই বুলি কোনো কোনো পক্ষই দাবী কৰে৷ ষ্টেট বেংকে এতিয়ালৈকে (১) কিমান টকাৰ ইলেক্ট’ৰেল বণ্ড কোনে কিনিছে আৰু (২) ৰাজনৈতিক দলে কিমান টকা পৰিমাণৰ ইলেক্ট’ৰেল বণ্ড বেংকৰ পৰা ভঙাই টকালৈ ৰূপান্তৰিত কৰিছে, সেই তথ্যহে নিৰ্বাচন আয়োগৰ দাখিল কৰিছে৷ উচ্ছতম ন্যায়ালয়ে এতিয়ালৈকে ষ্টেট বেংকে দাখিল কৰা তথ্য ‘নিৰ্বাচিত’ আৰু অসম্পূৰ্ণ বুলি অভিহিত কৰিছে৷ উচ্ছতম ন্যায়ালয়ে বিচাৰিছে, দাতা আৰু প্ৰাপকৰ পাৰষ্পৰিক তথ্য ষ্টেট বেংকে বৃহস্পতিবাৰে প্ৰকাশ কৰক, যিটো সংযোগ ইউনিক আলফা নিউমাৰিক ক’ড’ মুকলি নকৰিলে জনা সম্ভৱ নহয়৷ তাৎপৰ্যপূৰ্ণ যে, এই ক’ড বা অনন্য নম্বৰ সাধাৰণভাৱে পঢ়িব নোৱাৰি, কেৱল ‘আলট্ৰাভায়োলেট লাইট’ৰ দ্বাৰাহে দৃশ্যমান হয় বা পঢ়িব পাৰি৷ কিয়নো প্ৰতিখন ইলেক্ট’ৰেল বণ্ডত এই নম্বৰ থাকিলেও সি আছে অদৃশ্য ৰূপত৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ দাতাৰ নাম গোপন কৰাৰ প্ৰয়াসত দেশৰ সৰ্ববৃহৎ বেংকটোৱে গ্ৰহণ কৰা এই একক আৰু অনন্য পন্থাই অনেকৰে চকু কপালত তুলিছে৷ ইলেক্ট’ৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য প্ৰকাশ হোৱাৰ ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলৰ কোনো হেঁচা নাই৷ একমাত্ৰ উচ্ছতম ন্যায়ালয়েই ইলেক্ট’ৰেল বণ্ডৰ কেলেংকাৰি উন্মোচন কৰিবলৈ সৰ্বোচ্ছ প্ৰচেষ্টা চলাইছে৷