Logo
image

১২ নিশ্চিত! সোণোৱালৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মাৰ্চ : অসমৰ ১৪ সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১২ খন আসন পোৱাটো নিশ্চিত৷ এই দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোমবাৰে বশিষ্ঠস্থিত দলৰ নিৰ্বাচন প্ৰৱন্ধন কমিটীৰ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে সোণোৱালে৷ তেওঁ আৰু কয়– কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যে চৰকাৰ গঠন হ’ব তাত কোনো সন্দেহ নাই৷ দেশৰ জনগনে ইতিমধ্যে নৰেন্দ্ৰ মোদীক আদৰি লৈছে৷ বিজেপিয়ে ২০১৪ চনত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল৷ বিজেপিৰ সন্মুখত বহু প্ৰত্যাহ৩ান আছিল৷ সেই সময়তো অসমৰ পাহাৰ-ভৈয়ামৰ ৰাইজে ৭খন আসন উপহাৰ দিছিল বিজেপিক৷ বিগত ১০ বছৰত যিমান উন্নয়নমূলক কাম হ’ল, জনসাধাৰণে তাৰ বাবে বিপুলভাৱে বিজেপিক সমৰ্থন কৰিব৷ দেশৰ বিকাশ যাত্ৰাক সফল ৰূপ দিবৰ বাবে নৰেন্দ্ৰ মোদীক জনাদেশ দিব দেশৰ জনগনে৷ সোণোৱালে লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ৩ায়ক পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অন্যান্য কাৰ্যকৰ্তা সকলৰ সৈতেও বৈঠকত মিলিত হয়৷ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীজনে সাংগঠনিক দিশৰ লগতে নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কত পৰামৰ্শ আগবঢ়ায়৷ ইফালে, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি ৰাজ্যিক বিজেপি আৰু অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ মাজত এখন যৌথ বৈঠকত অনুষ্ঠিত হৈ যায়৷ বৈঠকত বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক উপ-সভাপতিদ্বয় নৱ কুমাৰ দলে আৰু অজয় কোঁৱৰ, মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ৩ায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, মুখপাত্ৰ ৰূপম গোস্বামী আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া উপস্থিত থাকে৷ বৈঠকৰ অন্তত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় সমাগত লোকসভা নিৰ্বাচনৰ ১৪ খন আসনৰ ১৪জন প্ৰাৰ্থীৰ হৈ বিজেপি আৰু অসম গণ পৰিষদে যৌথভাৱে প্ৰচাৰ চলাব৷ ইয়াৰ বাবে দুয়োটা দলৰ নেতৃত্বই সাংগঠনিক পৰ্যায়ত ৰাজ্যিকৰ পৰা বুথ পৰ্যায়লৈকে সন্মিলিতভাৱে কাম কৰিব৷ প্ৰতিটো সমষ্টিত আমি বিকাশৰ বাৰ্তা লৈ ৰাইজৰ কাষলৈ যাম৷ প্ৰতিটো সমষ্টিত মিত্ৰজোঁটৰ দল এটা আনটোৰ সহায়ক হ’ব৷ আমাৰ বিশ্বাস ৰাইজে মিত্ৰগোষ্ঠীক আশীৰ্বাদ কৰিব৷

আমাৰ ৰাজনীতি প্ৰেমৰ, বিজেপিৰ ঘৃণাৰ: লুৰীণজ্যোতি 

‘আমাৰ অসম’ৰ নাহৰকটীয়াৰ প্ৰতিবেদক: লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগেই এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাথীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগা প্ৰথমপৰ্যায়ৰ নিৰ্বাচনত ১৪নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাথী লুৰীণজ্যোতি গগৈয়ে আজি নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰ চলায়৷ নাহৰকটীয়াৰ ৰাধা-কৃষ্ণ মিলন মন্দিৰত [ ধৰমশালা ] অনুষ্ঠিত এক দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিত এই নিৰ্বাচনী যুঁজ কেৱল লুৰীণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ মাজত নহয়৷ এই যুঁজ সৰ্বানন্দ সোণোৱাল আনফালে অসম চুক্তি নৎসাত কৰি ৮৫৫জন শ্বহীদক দ্বিতীয়বাৰৰ বাবে হত্যা কৰা বীৰ শ্বহীদসকলৰ আত্মাৰ যুঁজ, এই যুঁজ সৰ্বানন্দ সোণোৱাল আনফালে ‘কা’ৰ নামত শ্বহীদ হোৱা পাঁচজনকৈ শ্বহীদৰ আত্মাৰ যুঁজ, এফালে সৰ্বানন্দ সোণোৱাল, আনফালে ৩৫১টকাকৈ চাহ শ্ৰমিকক মজুৰি দিব নোৱৰাৰ যুঁজ, আদি কথাৰে সভাত বক্তব্য প্ৰদান কৰে লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ লগতে কয় যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ যি আশা যি বিশ্বাস সেয়া আগন্তুক দিনত মই সংসদৰ মজিয়াত ৰূপায়ণ কৰিম আৰু সেয়া নিশ্চিত থাকক৷ ৰাইজে এইবাৰ নিৰ্বাচনত দেখুৱাই দিব লাগিব ৰাইজৰ ওপৰত বিজেপি চৰকাৰে যি জাতিধবংসী সিদ্ধান্ত, প্ৰতাৰণা, অসমৰ সাধাৰণ জনতাৰ ওপৰত কৰা অন্যায় আদিৰ বিৰুদ্ধে যে অসমৰ জনগণ আছে তাক দেখুৱাই দিব লাগিব৷ অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, বিজেপিক উৎখাত কৰিবৰ বাবে জাতীয়তাবাদৰ চেতনাৰ লগত এক হৈ কাম কৰিব লাগিব বুলি উল্লেখ কৰাৰ লগতে বিৰোধীৰ এটাও ভোট যাতে বিভাজন নহয় তাৰ বাবে কাম কৰিব লাগিব৷ বিজেপি দলৰ কটাক্ষ কৰি কয় যে বিজেপি দলে বিভাজনৰ ৰাজনীতি কৰে আৰু আমি সমন্বয়ৰ ৰাজনীতি কৰোঁ৷ বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰে আৰু আমি প্ৰেম, ভালপোৱাৰ ৰাজনীতি কৰোঁ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী সম্পৰ্কত কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানি ৰামেশ্বৰ তেলীক টিকটৰ পৰাই বঞ্চিত কৰিলে আৰু ইয়াৰ পৰা বুজা যায় যে বিজেপি দলে এতিয়া ভয় খাইছে৷ আজিৰ এই সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ উপস্থিত থাকে৷ আজিৰ এই সভাৰ যোগেদি নাহৰকটীয়া অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি চিকুন সোণোৱাল, কমল মজুমদাৰ আদিৰ লগতে বিজেপি, অসম গণ পৰিষদ আদিৰ পৰা অহা প্ৰায় পাঁচ শতাধিক লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে৷