Logo
image

গৌৰৱক লৈ নাটক! খুৰাক দীপ গগৈৰ ঘৰত তপন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মাৰ্চ : সময় যিমান অতিক্ৰম কৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ যেন সিমানে শংকাৰ কাৰণ হৈ পৰিছে শাসনাধিস্থ বিজেপি দলৰ বাবে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসভাৰ অন্যান্য মন্ত্ৰীলৈ সকলোৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কেৱল মাত্ৰ গৌৰৱ গগৈ৷ দলীয় নেতা-কৰ্মী আৰু শুভাকাংখীয়ে গৌৰৱ গগৈৰ প্ৰতি যিধৰণে মুকলি সমৰ্থন আগবঢ়াবলৈ আৰম্ভ কৰিছে তাক লৈ যে দিশহাৰা হৈ পৰিছে বিজেপি দল৷ যাৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে গৌৰৱ গগৈ আৰু তেওঁৰ খুড়া তথা প্ৰাক্তন সাংসদ দীপ গগৈক সাঙুৰি তীৰ্যক মন্তব্য কৰে৷ সমষ্টিটোত গৌৰৱ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আনন্দ উৎসাহৰ মাজতে শাসকীয় দলৰ কেতবোৰ কাম-কাজে অসন্তুষ্ট কৰিছে একাংশ ভোটাৰক৷ সম্প্ৰতি যোৰহাটত বাহৰ পাতি সাংসদ তপন কুমাৰ গগৈৰ নিষ্প্ৰভ জনপ্ৰিয়তাক পুনৰ উদ্ধাৰ অভিযানত নামি পৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই সোমবাৰৰ দিনটোত ডিমৌ, শিৱসাগৰ, চৰাইদেউ আদি অঞ্চলত ইটোৰ পিছত সিটোকৈ দলীয় কাৰ্যসূচীত অংশ লয়৷ নিশাৰ ভাগত শিৱসাগৰ চহৰত এক বাইক ৰেলীতো অংশ লয় মন্ত্ৰীজনে৷ এনেবোৰ ৰাজনৈতিক তৎপৰতাৰ মাজতে সাংসদ তপন কুমাৰ গগৈ সোমবাৰে পুৱাই প্ৰাক্তন সাংসদ তথা গৌৰৱ গগৈৰ খুড়া দীপ গগৈৰ বাসগৃহত উপস্থিত হয় ৰাজনৈতিক সমীকৰণৰ অংশ হিচাপে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই গৌৰৱ গগৈ আৰু দীপ গগৈক সাঙুৰি আক্ৰমণাত্মক মন্তব্য কৰিলেও আজি প্ৰাক্তন সাংসদজনে নিজৰ ভতিজা গৌৰৱ গগৈৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়৷ গৌৰৱ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে নাটকৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে শাসকীয় দলৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আজি মূৰৰ কামোৰণিস্বৰূপ হৈ পৰিছে৷ 

গৌৰৱক লৈ মই গৌৰৱ কৰোঁ:  দীপ গগৈ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ: গৌৰৱ গগৈয়ে খুড়া দীপ গগৈক লেং মাৰি সাংসদ হোৱা বুলি অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই যোৰহাটত মন্তব্য কৰাৰ এদিনৰ পাছতে সোমবাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা পুনৰবাৰ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে  হুইল চেয়াৰ লৈ প্ৰাক্তন সাংসদ দীপ গগৈৰ ঘৰত উপস্থিত হয়৷ বিজেপি প্ৰাৰ্থীজন প্ৰাক্তন সাংসদ দীপ গগৈৰ ঘৰলৈ যোৱাটো ৰাজনৈতিক মহলত সৰৱ আলোচনা হৈছে৷ কোনো কোনোৱে প্ৰাক্তন সাংসদজনে বিজেপিলৈ যাবনেকি বুলি সন্দেহ কৰিছে আৰু আন একাংশই এয়া এক নাটক বুলি মন্তব্য কৰিছে৷ অৱশ্যে তপন গগৈ তেওঁৰ ঘৰলৈ যোৱাটো ‘ডেমেজ কণ্ট্ৰোল’ আখ্যা দিছে দীপ গগৈয়ে৷ প্ৰাক্তন সাংসদ গগৈয়ে আজি ‘আমাৰ অসম’ক কয়, ‘‘তেওঁলোকে গৌৰৱ গগৈৰ বদনাম গাইছে৷ সেয়ে ইয়াৰ ডেমেজ কণ্ট্ৰোলৰ বাবে তেওঁ আহিছিল৷” কিন্তু গৌৰৱ গগৈৰ পক্ষত ঠিয় দি প্ৰাক্তন সাংসদজনে কয়, ‘‘গৌৰৱক লৈ মই গৌৰৱ কৰোঁ৷ তাক জয়ী কৰোৱাটো সকলোৰে নৈতিক দায়িত্ব৷ মোৰ নিজৰ ভতিজা বুলিয়েই নহয়, অসমৰ ৰাইজেও তাক দ্বিতীয় হেম বৰুৱা বুলি উল্লেখ কৰে৷ লোকসভাত তাৰ সক্ৰিয় ভূমিকা আৰু এই বয়সতে কংগ্ৰেছ দলৰ উপ দলপতিৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱাটো উলাই কৰিব লগীয়া নহয়, সেয়ে মই তাক লৈ গৌৰৱ কৰিমেই আৰু নিৰ্বাচনত তাৰ বাবে প্ৰচাৰ চলাই যাম৷” উল্লেখ্য, আজি তপন গগৈ সদলবলে যোৰহাট নগৰৰ নাজিৰণীবাৰীত থকা প্ৰাক্তন সাংসদ দীপ গগৈৰ ঘৰত উপস্থিত হয়৷ এই সন্দৰ্ভক গগৈয়ে কয়  তপন গগৈ মোৰ ঘৰলৈ আহিছিল হুইল চেয়াৰ লৈ৷ তেওঁ মোৰ পৰা আশীষ বিচাৰি অহা বুলি কয় যদিও আলোচনাত কোনো ৰাজনৈতিক কথা উত্থাপন কৰা নাছিল৷ মাত্ৰ লোকসভাত বিভিন্নজন সাংসদৰ কাম-কাজ লৈহে [যিবোৰ সাংসদক তেওঁ ঘনিষ্ঠভাৱে পাইছিল] আলোচনা কৰিছিলোঁ৷” তেওঁক নিৰ্বাচনত সহায় কৰিবলৈ বা বিজেপিত যোগদান কৰিবলৈ আহ৩ান জনাইছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দীপ গগৈয়ে কয়, ‘‘সেইটো কৰিবলৈ সাহসো থাকিব লাগিব৷” ইফালে গৌৰৱ গগৈয়ে খুৰাকক লেং মাৰি সাংসদ হোৱা বুলি কৰা সমালোচনা সন্দৰ্ভত দীপ গগৈয়ে কয়, “এইটো আমাৰ ঘৰুৱা কথা, মইহে আসনখন তাক এৰি দিছিলোঁ৷ তৰুণ গগৈৰ বাবেহে মই দুবাৰকৈ কলিয়াবৰৰ সাংসদ হ’ব পাৰিছিলোঁ৷ গৌৰৱক বদনাম দিবৰ বাবে এনেদৰে ক’লেও গৌৰৱক ক্ষতি কৰিব নোৱাৰে৷ মোৰ ঘৰুৱা অসুবিধাৰ বাবেহে পুনৰ নিৰ্বাচন খেলাৰ কথা নেভাবিলো আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বাবেও মই টিকট নিবিচাৰিলোঁ৷” ইফালে গৌৰৱ গগৈ যোৱা দহ বছৰত দীপ গগৈৰ ঘৰলৈ গৈছেনে নাই বুলি মন্ত্ৰী হাজৰিকাই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত দীপ গগৈয়ে কয় যে খুৰাক-ভতিজাকক লৈ এনে প্ৰশ্ন অবান্তৰ৷ গৌৰৱৰ হৈ নিৰ্বাচনী প্ৰচাৰলৈ নোযোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “মোৰ চকুৰ অস্ত্ৰোপচাৰৰ বাবে ভিতৰত সোমাই আছোঁ যদিও সোনকালেই নিৰ্বাচনী প্ৰচাৰলৈ যাম, ইয়াক লৈও কোনেও সন্দেহ কৰা অনুচিত৷” ইফালে কংগ্ৰেছ দলক বৰ্তমান ধবংস কৰিবলৈ উঠি পৰি লগাসকলক কালাপাহাৰৰ লগত তুলনা কৰি দীপ গগৈয়ে কয়, “কালাপাহাৰ বামুণ আছিল, কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছতেই তেওঁ মন্দিৰটো ধবংস কৰিছিল৷” তেওঁ ‘কালাপাহাৰসকল’ৰ পৰা সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ৩ান জনায়৷

বিজেপিয়ে আমাৰ বদনাম কৰিব বিচাৰিছে : গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ ডিমৌৰ প্ৰতিবেদক ঃ বিজেপি দলে আমাৰ জ্যেষ্ঠ সকলকলৈ অপপ্ৰচাৰ চলাইছে আৰু বদনাম কৰিব বিচাৰিছে- মন্ত্ৰী পীয়ুয হাজৰিকাৰ এক মন্তব্যৰ প্ৰতুত্তৰত সোমবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যোৰহাট লোকসভা লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে৷ সোমবাৰে ডিমৌ সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে৷ উল্লেখ্য যে দেওবাৰে যোৰহাটত এখন সভাত অংশলৈ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুয হাজৰিকাই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈক কটাক্ষ কৰি দীপ গগৈক আঁতৰাই গৌৰৱ গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হোৱা বুলি কৈছিল৷ মন্ত্ৰীজনৰ এই মন্তব্য পিছতে আজি গৌৰৱ গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  কয় –প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ কেৱল কংগ্ৰেছ দলৰে নেতা নহয়, তেওঁ অসমৰে এজন সন্মানীয় নেতা৷  প্ৰাক্তন সাংসদ দীপ গগৈ অসমৰ এজন জনপ্ৰিয় নেতা৷ তেওঁ লোকৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি বিজেপি দলে বদনাম কৰিবলৈ চেষ্টা কৰিছে৷  বিজেপি দলৰ মন্ত্ৰী সকলে বোকা ছটিওৱাৰ ৰাজনীতি কৰি অসমীয়া সংস্কৃতি আৰু ভাৰতীয় ৰাজনীতিৰ পৰম্পৰা বিনষ্ট কৰিছে৷ সেয়ে এইবাৰ সকলো ৰাইজে স্বত: স্ফুত ভাৱে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ মন ঠিৰ কৰিছে৷ ইফালে আজি পুৱাই যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে দীপ গগৈৰ বাসগৃহলৈ গৈ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ স্বাস্থ্যৰ বুজ লয়৷ পিছত তপন কুমাৰ গগৈয়ে সাংবাদিকৰ আগত কয় যে মই আজি দীপ গগৈক সৌজন্যমূলক সাক্ষাত কৰো আৰু জ্যেষ্ঠ নেতাজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে পুৱাৰ ভাগত ঐতিহাসিক থাওৰা দ’লত বন্তি জ্বলাই ফুৰা তেৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ থাওৰা দ’লত বন্তি প্ৰজ্বলন কৰি গৌৰৱ গগৈয়ে কয় যে আমাৰ জয় এশ শতাংশ নিশ্চিত আৰু কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি প্ৰথম কেবিনেটতে জাতি ধবংসী কা বাতিলৰ আইন আনিব৷ এইবাৰ বিৰোধী দলৰ কৰ্মী তথা সমৰ্থক সকলে আগতীয়াকৈ বিহুৰ আনন্দ উপভোগ কৰিছে৷ আজি গৌৰৱ গগৈক কেইবা শতাধিক বাইক ৰেলীৰে কংগ্ৰেছ, ৰাইজৰ দ’ল আৰু অসম জাতীয় পৰিষদৰ কৰ্মী সকলে আদৰি আনে৷ গৌৰৱ গগৈৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অজয় কুমাৰ গগৈ, কংগ্ৰেছ নেতা মানস বৰা, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, আপৰ দীপজ্যোতি গগৈয়ে সংগ দিয়ে৷ ইফালে বকতা পাৰিজাতৰ পূৰ্বজ্যোতি সংঘৰ খেলপথাৰত তপন কুমাৰ গগৈক জয়ী কৰিবলৈ মন্ত্ৰী পীয়ুয হাজৰিকাই ৰাইজক আহ৩ান জনায়৷ সভাৰ পূৰ্বে মন্ত্ৰী পীয়ুয হাজৰিকা, সুশান্ত বৰগোঁহাইৰ সৈতে তপন কুমাৰ গগৈয়ে পাৰিজাতৰ চাও চেঙ ৰেণত এগচি বন্তি প্ৰজ্বলন কৰি মলুঙৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে সভাত ঘোষণা কৰে যে এইবাৰ পুনৰ তপন কুমাৰ গগৈ পুনৰ জয়ী হৈ সংসদলৈ যাব আৰু নৰেন্দ্ৰ মোদীয়ে তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী ৰূপে দেশক নেতৃত্ব প্ৰদান কৰিব৷ আজিৰ সভাতে কংগ্ৰেছ দল, ৰাইজৰ দলৰ শতাধিক নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে৷

মই ঠিকা কৰিবলৈ ৰাজনীতিলৈ অহা নাই: গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ নিতাইপানীদিহিঙৰ প্ৰতিবেদক:আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ হাইপ্ৰফাইল সমষ্টি হিচাপে চিহ্নিত হোৱা যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ তথা মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈৰ অপ্ৰতিৰোধ্য প্ৰচাৰ আজি প্ৰতিফলিত হয় শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত৷ উল্লেখ্য, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ নাম ঘোষণা হোৱাৰ পাছতে ডিমৌ সমষ্টিত নৱ-প্ৰজন্মৰ মাজত ব্যাপক উল্লাস পৰিলক্ষিত হোৱা দেখা গৈছে৷ ইতিমধ্যে নৱ-প্ৰজন্মৰ লগতে আবাল বৃদ্ধ-বনিতা তথা সকলো শ্ৰেণী ৰাইজৰ মাজত বিশেষ জনপ্ৰিয়তা থকা গৌৰৱ গগৈয়ে আজি ডিমৌ সমষ্টিত পদাৰ্পণ কৰাৰ লগে লগে ইয়াৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ’ল৷  সাংসদ তথা কংগ্ৰেছ-মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি সমষ্টিটোৰ বৰগুৰি মিচিং গাঁও, দলপা, ককিলামাৰী, বামৰজাবাৰী, লাইবিলকে ধৰি কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে৷ ইফালে অন্তিমখন প্ৰচাৰ সভা নিতাইপুখুৰীত অংশগ্ৰহণ কৰে৷ নিতাইপুখুৰী সাৰ্বজনীন নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি কয় প্ৰয়াত পিতৃৰ আদৰ্শ লৈ ৰাজনীতিলৈ আহিছোঁ৷ ৰাজনীতিৰ লগত জড়িত হৈ ঠিকা বা ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ ৰাজনীতিলৈ অহা নাই৷ যোৰহাট তথা অসমবাসীৰ সমস্যা দিল্লীৰ সাংসদত সজোৰে দাঙি ধৰিবলৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ প্ৰয়োজন৷ প্ৰাৰ্থীজনে ৰাইজৰ মৰম আৰু আন্তৰিকতা দেখি সুখী বুলি উল্লেখ কৰে৷ ইফালে গৌৰৱ গগৈৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰুৱা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য সোণেশ্বৰ দেউৰী,  মনোৰঞ্জন কোঁৱৰ,  বিনোদ কোঁৱৰকে ধৰি কেইবাজনো নেতাই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে৷ গৌৰৱ গগৈক বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতি, নিতাইপুখুৰী মণ্ডল কংগ্ৰেছকে ধৰি একাধিক দল-সংগঠন, ব্যক্তিয়ে সম্বৰ্ধনা জনায়৷ উল্লেখ্য, নৱ-প্ৰজন্মৰ লগতে পুৰণি বিজেপি কৰ্মী তথা সচেতন নাগৰিকে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷

কাম কৰা মানুহক জয়ী কৰাওক: পীয়ূষ

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক : আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰস্থিত জিলা বিজেপি কাৰ্যালয়ত ৫শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে৷ এই উপলক্ষে আয়োজিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহনৰ লগতে বিধায়কদ্বয় ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোঁহাইকে ধৰি শীৰ্ষ বিজেপি নেতা-দলীয় বিষয়ববীয়া আদিয়ে৷ বিজেপিৰ যোগদান কাৰ্সূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী পিয়ূষ হাজৰিকাই দিয়া নিৰ্বাচনী ভাষণত প্ৰধানতঃ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ভাষণৰ আৰম্ভণিতেই হাজৰিকাই কয় যে, যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰকৃততে কলিয়াবৰত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ মন আছিল৷ কিন্তু কংগ্ৰেছ দলে কলিয়াবৰৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিতহে প্ৰাৰ্থিত্ব দিয়ে৷ গৌৰৱ গগৈৰ যোৰহাট লোকসভা সমষ্টিবাসীৰ প্ৰতি আত্মিক সম্বন্ধ নাই আৰু প্ৰকাৰণতে তেওঁৰ বক্তব্যত অপমান-অৱজ্ঞাৰ মনোভাৱ পৰি¦£ূত হৈছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ভাষণত মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ দলক ভ্ৰষ্টাচাৰী, চূড়ান্ত দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰি সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব নোৱৰা, সমাজৰ উন্নয়ন কৰিব নোৱৰা কংগ্ৰেছ দলৰ প্ৰকৃতস্বৰূপ জনাৰ বাবে আজিৰ পৰা জ্ঝবছৰৰ আগতেই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগ দিয়ে বুলি কয়৷ কংগ্ৰেছ দল আৰু চৰকাৰৰ এনে ক্ৰিয়া-কাণ্ডৰ বাবেই এতিয়া সকলোৱে বিজেপি দলত যোগদান কৰি দেশ আৰু জাতিৰ বাবে আত্মনিয়োগ কৰিছে৷ সূতা-কম্বলৰ ৰাজনীতি কৰি দেশৰ শাসনভাৰ কুক্ষিগত কৰা কংগ্ৰেছ দল তিল তিলকৈ নিঃশেষ হ’ব আৰু ইয়াৰ প্ৰতিচ্ছবিখন আগন্তক লোকসভা নিৰ্বাচনৰ ফলাফলত আপোনালোকে দেখিবলৈ পাব৷ ভাষণত মন্ত্ৰীজনে বিজেপিৰ দিনত অসমত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দি পূৰ্বে এনে উন্নয়ন কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা নাছিল বুলি দাবী কৰে৷ বিজেপি দলত আজি যোগদান কৰা প্ৰতিজনকে সমিল-মিলেৰ কাম কৰিবলৈ আহ৩ান জনাই নতুন অসম গঢ়াত জঁপিয়াই পৰিবলৈ হাজৰিকাই আহ৩ান জনায়৷ উল্লেখ্য, কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সদনত বিভিন্ন বিষয়ত অতি সৰৱ হৈ থকা বুলি শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰিকাই কয় যে, সদনত সৰৱ হোৱাতো ডাঙৰ কথা নহয়, টেবুল ঢকিয়াই উন্নয়মমূলক কাম-কাজ কৰিব পৰাতো আচল কথা আৰু সেইকাম বিগত সময়ত তপন কুমাৰ গগৈয়ে কৰিবলৈ সক্ষম হৈছিল৷ কথা বেছিকৈ কোৱা মানুহতকৈ কাম কৰা মানুহক বিজয়ী কৰাব লাগিব আৰু সাংসদৰূপে তপন গগৈয়ে কৰা কামৰ নমুনা যোৰহাট লোকসভা সমষ্টিৰ চুকে-কোণে বিয়পি আছে বুলি দাবী কৰি মন্ত্ৰী হাজৰিকাই আগন্তক নিৰ্বাচনত তপন গগৈয়ে দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যধানত বিজয়ী হ’ব বুলি দাবী কৰে৷ উল্লেখ্য, সোণাৰি পৌৰসভাৰ উপ-পৌৰপতি স্বাক্ষৰ গগৈয়ে আঁতধৰা সভাখনত আদৰণি ভাষণ দিয়ে জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই৷ সভাত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়েও ভাষণ দি দেশৰ আৰু ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত সদায়ে আত্মনিয়োগ কৰিছে আৰু আগলৈয়ো কৰিব বুলি কয়৷ যোগদান কাৰ্যসূচীৰ সভাখনত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদিয়েও ভাষণ দি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাৰ পণ সমষ্টিবাসীয়ে লোৱা বুলি কয়৷ সভাত বিধায়ক সুশান্ত বৰগোহাঁই, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক অনুপসিং ৰাজপুৰোহিত, যুৱ আয়োগৰ উপাধ্যক্ষা অংকিতা দত্ত আদিয়ে অংশগ্ৰহণ কৰে৷