Logo
image

পুনৰ অৰুণাচল দাবী কৰিলে চীনে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ মাৰ্চঃ শত্ৰুভাৱাপন্ন প্ৰতিবেশী চীনে পুনৰ অৰুণাচল প্ৰদেশ তেওঁলোকৰ দেশৰ অংশ বুলি দাবী কৰিছে৷ সোমবাৰে চীনৰ ‘পিপ’লছ লিবাৰেচন আৰ্মী’য়ে (পিএলএ) অৰুণাচল প্ৰদেশক চীনৰ ভূখণ্ড হিচাপে চিহ্নিত কৰে৷ যোৱা ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ চীনৰ সীমান্তৰ নাতিদুৰৈৰ চেলা পাছত ১৩,০০০ ফুট উচ্ছতাত এটা দ্বি-লেনযুক্ত সুৰংগ পথ উদ্বোধন কৰে৷ ইয়াৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৎপৰতা আৰম্ভ হয় আৰু তেওঁলোকে জাংনান (অৰুণাচল প্ৰদেশৰ চীনা নাম) তেওঁলোকৰ ভূখণ্ড বুলি দাবী কৰে৷ সোমবাৰে একেটা দাবী পিএলএই কৰাত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চীনৰ দাবী অযৌক্তিক বুলি কাঢ়া ভাষাৰে উত্তৰ দিছে৷ উল্লেখ্য, ২০১৭ চনত দালাই লামাৰ চীন ভ্ৰমণৰ পাছৰ পৰা চীনে নিজাববীয়াকৈ অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থান, নদী, পৰ্বত শৃংগৰ নাম তিনিবাৰকৈ নামকৰণ কৰিছে৷ ২০১৭ চনত অৰুণাচল প্ৰদেশৰ ৬ টা স্থানৰ নাম সলনি কৰাৰ পাছত ২০২১ চনত ১৫টা স্থান আৰু ২০২৩ চনত ১১টা স্থানৰ নাম পৰিৱৰ্তন কৰিছিল৷ বিগতবাৰ নাম সলনি কৰা ১১টা স্থান ভিতৰত আছিল ৫টা শৃংগ, দুটা মালভূমি, দুটা আৱাসিক এলেকা আৰু ২খন নদী৷ ভাৰতে অৱশ্যে চীনৰ এই পদক্ষেপ স্বীকাৰ কৰা নাই৷