Logo
image

২০৩০ চনৰ ভিতৰত মোদীৰ নেতৃত্বত দেশক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিবঃ সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ "কংগ্ৰেছ মিত্ৰশক্তি হৈছে বিভাজন আৰু ভ্ৰষ্টাচাৰৰ ধ্বজাবাহক৷ বিজেপি নেতৃত্বাধীন এনডিএ সমন্বয় আৰু বিকাশৰ ধ্বজাবাহক৷" নৱগঠিত মাকুম বিধানসভা সমষ্টিকে ধৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত বিপুল প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে। সোণোৱালৰ অগ্ৰগামী নিৰ্বাচনী ৰণডংকাই কংগ্ৰেছ মিত্ৰশক্তিক শলঠেকত পেলোৱাৰ লগতে কংগ্ৰেছ মিত্ৰশক্তিৰ গণভিত্তিক নস্যাৎ কৰিছে। সোণোৱালে বুধবাৰে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন সাংগঠনিক সভাত মিলিত হয় আৰু বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে লোৱা কল্যাণকামী পদক্ষেপসমূহক সাৰোগত কৰি জনসংযোগ অধিক ত্বৰান্বিত কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিবলৈ আহ্বান জনায়। 

সোণোৱালে কয়, "যোৱা ১০ বছৰত কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিধৰণে সুশাসন অব‍্যাহত ৰাখিছে, তাৰেই প্ৰতিফলন হৈছে সম-বিকাশ আৰু সমন্বয়। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বাবেই আজি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিজন লোকে মৰ্যাদাসহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামাজিক ন‍্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিছে সৰ্বস্তৰৰ জনগণে। সেইবাবেই জনতাই ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত অগাধ আস্থা-বিশ্বাস ৰাখিছে। যোৱা ১০টা বছৰত মোদীয়ে সৃষ্টি কৰা এই যোগাত্মক ফলাফলে চৌদিশে পোহৰ বিলাবলৈ সক্ষম হৈছে। প্ৰতিজন নাগৰিকে এতিয়া নিজৰ লগতে পৰিয়াল তথা সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মোৰ দৃঢ় বিশ্বাস যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও মতদানৰ জৰিয়তে নিজৰ শক্তিশালী মনৰ বহিঃপ্ৰকাশ ঘটাব। প্ৰধানমন্ত্ৰী মোদীয়ে আমাক দিয়া লক্ষ‍্য অনুসৰি ভাৰতৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ 'সবকা সাথ, সবকা বিকাশ' সাৰ্বজনীন নীতিৰে দীক্ষিত হৈ আমি ২০৩০ চনৰ ভিতৰত দেশখনক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিব লাগিব। এয়া একমাত্ৰ মোদীৰ নেতৃত্বতহে সম্ভৱ হ'ব। কাৰণ তেখেতৰ দৰে আদৰ্শবান, কৰ্মোদ্যমী আৰু দূৰদৰ্শী নেতাইহে এনেধৰণৰ অসাধ্য সাধন কৰিব পাৰে।"

সোণোৱালে কংগ্ৰেছ মিত্ৰশক্তিক অপশক্তি আখ্যা দি কয়, "কংগ্ৰেছৰ ৬০ বছৰীয়া ৰাজত্বকালত তেওঁলোকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন কৰিব নোৱাৰিলে। ভাৰতৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক দিব পৰা ন্যূনতম সা-সুবিধা যেনে থাকিবলৈ এটা ঘৰ, বিশুদ্ধ খোৱা পানী, পোহৰৰ যোগান ধৰিবলৈ বিজুলী আৰু বিজ্ঞানসন্মত ৰন্ধনপ্ৰণালী দিয়াত কংগ্ৰেছ বাৰুকৈয়ে ব‍্যৰ্থ‍ হৈছিল। ভাল ৰাস্তা, পকী দলং আৰু যাতায়াতৰ অন‍্যান‍্য সা-সুবিধাৰ কথাটো ক'ব‌ই নালাগে। কংগ্ৰেছৰ অপশাসনকালত ৰাইজৰ দুৰাৱস্থাই চূড়ান্ত ৰূপ পাইছিল। এইবোৰ হোৱাৰ মূলতে আছিল কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰদলসমূহৰ সিৰাই সিৰাই সোমাই থকা দুৰ্নীতিৰ মলিয়ন তেজ। কেৱল ৰাইজৰ ধন লুটি-পুতি খোৱাতহে তেওঁলোকৰ নেতা-পালিনেতাসকল ব‍্যস্ত আছিল। বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰি সমাজত বিভেদৰ বীজ সিঁচিছিল কংগ্ৰেছে। এইবোৰ অপৰাধৰ বাবেই আজি কংগ্ৰেছক ভাৰতবৰ্ষৰ জনগণ‌ই শাস্তি দিছে। আজি কংগ্ৰেছৰ দুৰাৱস্থা আপোনালোকে নিজ চকুৰে দেখিবলৈ পাইছে। এসময়ত লোকসভাত কংগ্ৰেছৰ আসন যথেষ্ট আছিল, কিন্তু আজি তেওঁলোকৰ অৱস্থা পুতৌলগা। অৰ্ধশতাধিকতকৈও কম আসন লৈ লোকসভাৰ মজিয়াত তেওঁলোকে নিজৰ দুৰ্বল স্থিতি প্ৰদৰ্শন কৰিবলগীয়া হৈছে। তেওঁলোকৰ ৬০ বছৰীয়া মহাপাপৰ মহাশাস্তি জনতাই ভালকৈয়ে প্ৰদান কৰিছে।"

তদুপৰি সোণোৱালে কয়, "দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত যেতিয়া এনডিএৰ চৰকাৰ চলিছিল, তেতিয়া জনতাই উন্নয়ন আৰু সুশাসনৰ মুখ দেখিবলৈ সক্ষম হৈছিল। একেই শাসন নতুন ৰূপত আৰু অধিক শক্তিশালী ৰূপত যোৱা ১০ বছৰত মোদীৰ নেতৃত্বত দেখিবলৈ সক্ষম হৈছে সকলো শ্ৰেণীৰ জনসাধাৰণে। এতিয়া দেশৰ জনতাই আমেৰিকা, চীন, জাপানৰ দৰে উন্নত ৰাষ্ট্ৰৰ নাগৰিকৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। সেয়েহে এই ধাৰা অব্যাহত ৰাখিবলৈ মোদী ডাঙৰীয়াৰ 'বিকশিত ভাৰত সংকল্প যাত্ৰা'ক আমি আগুৱাই নিব লাগিব। এইবোৰ কাৰণতে এই নিৰ্বাচনটো অত‍্যন্ত গুৰুত্বপূৰ্ণ। অসমৰ ৰাইজে 'বিকশিত অসম, বিকশিত ভাৰত'ৰ লক্ষ‍্য ল'ব লাগিব। দেশৰ অন‍্য সমষ্টিৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিও বিকাশৰ নতুন দিগন্ত চুবলৈ সক্ষম হ'ব বুলি আমি দৃঢ় বিশ্বাসী। ডিব্ৰুগড় শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা, অসম শক্তিশালী হোৱা মানেই ভাৰত শক্তিশালী হোৱা।"

আনহাতে, অহা ৬ এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিটো বুথ কমিটিৰ সভাপতি-সম্পাদক তথা কাৰ্যকৰ্তাৰ ঘৰত দলীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় সোণোৱালে।

তদুপৰি, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক তথা এসময়ৰ খ্যাতিমান যাদুকৰ সদ্যপ্ৰয়াত ৰূপহ চলিহাৰ বাসগৃহত সোণোৱালে উপস্থিত হৈ শোকাকুল পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জনায়। লগতে চলিহাদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। 

আজিৰ বিভিন্ন সভাত কেন্দ্ৰীয় মন্ত্ৰীজনক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মন্ত্ৰী বিমল বড়া, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কত্ৰয় সুৰেন ফুকন, পোনাকণ বৰুৱা, ভাস্কৰ শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে বিভিন্ন পৰ্যায়ৰ নেতা, বিষয়ববীয়া, কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজে।