Logo
image

সংগীতৰ মায়াজালেৰে মোহাচ্ছন্ন কৰিবলৈ গুৱাহাটীলৈ আহি আছে জুবিন নটিয়াল

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক,২০ মাৰ্চঃ জুবিন নটিয়ালৰ অনুৰাগীলৈ ভাল খবৰ।  কিয়নো ২৯ মার্চত গুৱাহাটীলৈ আহিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল। অহা ২৯ মাৰ্চত গুৱাহাটীৰ  নেহেৰু ষ্টেডিয়ামত  সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব এই অনুষ্ঠানটো।  গুৱাহাটীত প্ৰথমবাৰৰ বাবে সা ৰে গা মা আৰ্টচ অফ মিউজিকৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত  আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে সা ৰে গা মা আৰ্টচ অফ মিউজিকৰ উদ্যোক্তাসকলে। 

উল্লেখ্য যে সংবাদমেলত কণ্ঠশিল্পী মনিশা হাজৰিকা, ডঃ সংগীতা কাকতি,মৌচুমী বৰাকে ধৰি সংগীত জগতৰ লগত জড়িত কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আনহাতে সিদিনা অনুষ্ঠিত হ'বলগীয়া সংগীতানুষ্ঠানত তিনিগৰাকী আৰ্থিকভাৱে দুৰ্বল তথা বিশেষ ৰোগত আক্ৰান্ত ৰোগী ক্ৰমে - যাদুৰাণী সুস্মিতা তালুকদাৰ, লিম্পী পাঠক আৰু  কাব্যনীল শৰ্মাক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব৷ এই অনুষ্ঠানত জুবিন নটিয়ালৰ উপৰিও অংশ ল'ব ধৰ্মেশ যাদৱেও। দুয়োগৰাকী শিল্পীয়ে গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিব। ধৰ্মেশৰ লগত নৃত্যত অংশ ল'ব অসমৰ  ১২গৰাকী প্ৰতিভাৱান নৃত্য শিল্পীয়ে।