Logo
image

৯ এপ্ৰিলত আছুৰ আৱেদনৰ পুনৰ শুনানি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মাৰ্চ : সংশোধিত নাগৰিকত্ব আইন [কা] বাতিলৰ বাবে দাখিল কৰা লেখ আবেদন সন্দৰ্ভতো ৯ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব উচ্ছতম ন্যায়ালয়ে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে উক্ত আবেদনৰ ভিত্তিত ৰুজু কৰা ডব্লিউ  পি [চি] ১৮৯/২০২৪ নম্বৰৰ সন্দৰ্ভতো শুনানি গ্ৰহণ কৰিব৷ ‘কা’ক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়ত ‘কা’ৰ বিধি বলৱৎকৰণত স্থগিতাদেশ বিচাৰি আছু, যুৱ ছাত্ৰ পৰিষদ, নেছ’, আই ইউ এম এলকে ধৰি বিভিন্ন ব্যক্তি, দল-সংগঠনে দাখিল কৰিছে আবেদন৷ উক্ত আবেদনৰ সন্দৰ্ভত ১৯ মাৰ্চত জৰুৰীভাৱে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক ২ এপ্ৰিলৰ ভিতৰত শপতনামা যোগে নিজৰ স্থিতি অৱগত কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ উক্ত গোচৰ সন্দৰ্ভত ৯ এপ্ৰিলত পুনৰ শুনানি গ্ৰহণ কৰিব বিচাৰপীঠে৷ উল্লেখ্য, ‘কা’ৰ বিধি স্থগিতাকৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন [নেছ’], অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিদষদকে ধৰি অসম, উত্তৰ পূৰ্বাঞ্চল আৰু সমগ্ৰ দেশৰ পৰা ২৫খনৰো অধিক অন্তৱৰ্তকালীন আবেদন দাখিল কৰিছিল আৰু এই আবেদন সমূহৰ ওপৰত ১৯ মাৰ্চত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত সকলো সকলো আবেদনকাৰীৰ ২ এপ্ৰিলৰ ভিতৰত লিখিত মত দাখিল কৰিবলৈ আৰু তাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক ৮ এপ্ৰিলৰ ভিতৰত পৃষ্ঠাজোৰা লিখিত প্ৰতিবেদন ন্যায়ালত দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷৯ এপ্ৰিলত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰা হৈছে৷ শুনানি একেলগে হ’ব যদিও অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে শুনানিৰ বাবে সুকীয়া সময় দিয়াৰ কথা বিচাৰপীঠে দোহাৰে৷ অসম, ত্ৰিপুৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অংকিত যাদৱক নডেল অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়৷ আছু-নেছ’ৰ অধিবক্তা হিচাবেও অংকিত যাদৱে দায়িত্ব পালন কৰি আছে৷ আজিৰ শুনানিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য উপস্থিত আছিল৷ তেওঁলোকে কয়– ‘কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক সংগ্ৰাম আৰু আইনী যঁুজ অব্যাহত থাকিব৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজক উচ্চতম ন্যায়ালয়ে ন্যায় দিব বুলি আশা ৰাখিছোঁ৷ 

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব [সংশোধনী] আইন, ২০১৯ ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচৰা লোকসকলক সহায় আৰু উপযুক্ত তথ্য প্ৰদানৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰে৷ মন্ত্ৰালয়ৰ মতে, নাগৰিকত্বৰ আৱেদনৰ ক্ষেত্ৰত যিকোনো ব্যক্তিক সহায়ৰ প্ৰয়োজন হ’লে ভাৰতৰ যিকোনো ঠাইৰ পৰা পুৱা ৮ বজাৰ পৰা নিশা জ্জ্ব বজাৰ ভিতৰত টোল ফ্ৰী ফোন নম্বৰ ‘১০৩২’ ত যোগাযোগ কৰিব পাৰিব৷ মন্ত্ৰালয়ৰ মুখপাত্ৰই কয়, ‘‘কা-২০১৯ ৰ হেল্পলাইন নম্বৰ ১০৩২ সক্ৰিয় কৰা হৈছে৷ আবেদনকাৰীয়ে ভাৰতৰ যিকোনো ঠাইৰ পৰা টোল ফ্ৰী ফোনৰ জৰিয়তে সহায় আৰু তথ্যৰ বাবে ফোন কৰিব পাৰিব৷ এই হেল্পলাইন নম্বৰৰ সেৱা পুৱা ৮ বজাৰ পৰা নিশা ৮বজালৈ উপলব্ধ হ’ব’৷ ‘কা’ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাত সহায়ক হোৱাকৈ এটা ম’বাইল এপ্লিকেচন ১৫ মাৰ্চৰ পৰাই কাৰ্যক্ষম হৈ আছে৷ ইয়াৰ পূৰ্বে গৃহ মন্ত্ৰণালয়ে ‘কা’ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব বিচৰা লোকৰ বাবে পৰ্টেলো মুকলি কৰিছিল৷ বিতৰ্কিত ‘কা’ৰ ২০১৯ কাৰ্যকৰী কৰাৰ নিয়ম ১১ মাৰ্চৰ দিনা অৱগত কৰা হৈছিল৷ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নথি-পত্ৰবিহীন অ-মুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ ‘কা’ৰ বিধি বলৱৎকৰণক লৈ জাননী জাৰি হোৱাৰ লগে লগে মোদী চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নিৰ্যাতিত অ-মুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰে৷ এই আইনৰ অধীনত চুবুৰীয়া তিনিখন দেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে৷

‘কা’ৰ স্ৰষ্টা কংগ্ৰেছ, বিজেপিয়ে সংশোধনহে কৰিছে: মন্ত্ৰী বিমল বৰা

আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক: ‘নাগৰিকত্ব আইন কংগ্ৰেছেহে আনিছিল৷ ১৯৫৫ চনত কংগ্ৰেছে অনা আইনখনক সংশোধন ঘটাই বলৱৎ কৰা হৈছে৷’ নাগৰিকত্ব সংশোধনী আইনখনৰ সন্দৰ্ভত এনেদৰে কংগ্ৰেছক দোষাৰোপ কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই৷ আজি লক্ষীনগৰস্থিত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত মন্ত্ৰী বৰাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কয় যে, এই আইন বিজেপিয়ে বনোৱা নাই৷ কংগ্ৰেছে ১৯৫৫ চনতে আনিছিল৷ বিজেপি চৰকাৰে ইয়াক সংশোধনীহে কৰিছে৷ এই পুৰণি আইনখনক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ এই আইনখনৰ জৰিয়তে এজনো বিদেশী নাহে৷ অসম জাতীয় পৰিষদে কংগ্ৰেছৰে হোৱা মিত্ৰতাক লৈয়ো সমালোচনা কৰে মন্ত্ৰী বিমল বৰাই৷ আজিও ৮৫৫জন শ্বহীদৰ ৰক্তৰে ৰঞ্জিত কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদে  মিত্ৰতা কৰি অসম আন্দোলনৰ শ্বহীদসকলক দ্বিতীয়বাৰৰ বাবে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ অথচ সদৌ অসম ছাত্ৰ সন্থাই আজিও এই দলটোৰ সৈতে দূৰত্ব বজাই ৰাখি আহিছে৷ কেৱল ক্ষমতাৰ লোভত অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে৷ হঠাৎ আৱিৰ্ভাৱ ঘটা ৰাজনৈতিক দলসমূহে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি নতুন প্ৰজন্মক বিভ্ৰান্তিৰ কৰা বুলি উল্লেখ কৰি কয়– শান্তিপূৰ্ণ পৰিৱেশত উন্নয়ন হ’ব৷ এতিয়া অসমলৈ শান্তি ঘূৰি আহিছে৷ জুইশলা আৰু কেৰাচিন তেলেৰে উন্নয়ন সম্ভৱ নহয়৷ একেখন সংবাদমেলত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰী বৰাই কয় ৰাজনৈতিক দলৰ নেতাসকল ৰাইজতকৈ ঊৰ্ধত নহয়৷ গণতন্ত্ৰত ৰাইজেই ৰজা৷ ৰাজনীতিত আলোচনা-সমালোচনা থাকিবই৷ নিজৰ বক্তব্য দাঙি ধৰাৰ অধিকাৰ সকলোৰে থাকে৷ কিন্তু ইয়াৰ চূড়ান্ত নিৰ্ণয় ৰাইজে কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰৰ ভিতৰত বিশ্বৰ সন্মুখত ভাৰতক গৌৰাৱান্বিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই আৰু কয়– দুয়োখন চৰকাৰৰ দ্বাৰা সৰ্বস্তৰৰ লোক উপকৃত হৈছে৷ অসম বিকশিত দিশেৰে আগুৱাই যাব লাগিব৷ এয়া সময়ৰ চিন্তা আৰু নতুন প্ৰজন্মৰ দাবী৷ অসমত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ লাভ কৰিছে৷