Logo
image

ধৰিত্ৰী ঘণ্টা, এঘণ্টা বিদ্যুৎ সঞ্চয়ৰ আহ্বান এপিডিচিএলৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ মাৰ্চ : ডব্লিউ ডব্লিউ এফৰ আহ্বান মৰ্মে শনিবাৰে সমগ্ৰ বিশ্বই এঘণ্টাৰ সময়ৰ বাবে ধৰিত্ৰী ঘণ্টা পালন কৰিব৷ জলবায়ু পৰিৱৰ্তন ৰোধ আৰু বিদ্যুৎ ৰাহি কৰাৰ লক্ষ্যৰে বিশ্ববাসীয়ে ২৩ মাৰ্চৰ নিশা ৮.৩০ বজাৰ পৰা নিশা ৯.৩০ বজালৈ সম্পূৰ্ণ  এঘণ্টাৰ বাবে ধৰিত্ৰী ঘণ্টা পালনৰ বাবে সাজু হৈছে৷ এই এঘণ্টা সমগ্ৰ বিশ্ব অন্ধকাৰাচ্ছন্ন হৈ পৰিব৷ কিয়নো প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে  বিশ্ববাসীয়ে অপ্ৰয়োজনীয় লাইটৰ ছুইছ বন্ধ কৰি  ধৰিত্ৰী ঘণ্টা, এঘণ্টা বিদ্যুৎ ধৰিত্ৰ ঘণ্টা পালন কৰিব৷ ডব্লিউ ডব্লিউ এফে ১৮ সংখ্যক ধৰিত্ৰী ঘণ্টাত এঘণ্টাৰ বাবে অলাগতিয়াল বিদ্যুৎ লাইটৰ ছুইছ বন্ধ কৰি ৰখাৰ লগতে মোবাইল, টিভি, লেপটপ, আলোকসজ্জা, বৈদ্যুতিক সা-সৰমঞ্জাম আদিও বন্ধ কৰি ৰাখিবলৈ  আহ্বান জনাইছে৷ ধৰিত্ৰী ঘণ্টা উপলক্ষ্যে অসম বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এলে কাইলৈ নিশা ৮.৩০ বজাৰ পৰা এঘণ্টাৰ বাবে সকলো গ্ৰাহককে প্ৰয়োজন নাথাকিলে উক্ত সময়ছোৱাত বিদ্যুৎ লাইটসমূহ বন্ধ কৰি ৰাখিবলৈ আহ্বান জনাইছে৷ অৱশ্যে এ পি ডি চি এলৰ আহ্বান অনুসৰি ৰাজ্যবাসীয়ে ধৰিত্ৰী ঘণ্টালৈ কিমান সঁহাৰি জনাব সেয়া সময়েহে ক’ব৷ উল্লেখ্য, ধৰিত্ৰী ঘণ্টা হৈছে এক গোলকীয় আন্দোলন৷ বৰ্তমানলৈ বিশ্বৰ ১৯০ খন দেশে এই মহান কাৰ্যসূচীৰ অংশীদাৰ হৈছে৷ বিশ্বৰ লগতে ভাৰততো এইবাৰো পৃথিৱীৰ সুৰক্ষাৰ স্বাৰ্থত ধৰিত্ৰী ঘণ্টা পালন কৰিব৷