Logo
image

কনছাৰ্ট হলত তেজৰ নৈ

মস্কো, ২৪ মাৰ্চঃ ৰাছিয়াত শুকুৰবাৰে মাজনিশা এটা কনছাৰ্ট হ’লত শুকুৰবাৰে তেজৰ নৈ বয়৷ আইছিছ সন্ত্ৰাসবাদীয়ে কৰা এই ভয়ংকৰ আক্ৰমণত এই পৰ্যন্ত ১৯০ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ আনহাতে, আহত হৈছে প্ৰায় দুশৰো অধিক৷ উল্লেখ্য যে ৰাছিয়াৰ ৰাজধানী মস্কোৰ ক্ৰকাছ চিটী হল নামৰ এটা প্ৰেক্ষাগৃহত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজিত হৈ অহা পাঁচজনীয়া সন্ত্ৰাসবাদীৰ দল এটাই এই ভয়াৱহ আক্ৰমণটো সংঘটিত কৰে৷ ৰাছিয়াৰ সংবাদ মাধ্যমসমূহৰ মতে শুকুৰবাৰে সন্ধিয়াৰ পৰা ক্ৰকাছ চিটী হ’ল নামৰ প্ৰেক্ষাগৃহটোত ৰাছিয়াৰ জনপ্ৰিয় ৰ’কবেণ্ড ‘পিকনিক’ৰ সংগীতানুষ্ঠান চলি আছিল৷ প্ৰায় সাত হাজাৰ দৰ্শকৰ আসনযুক্ত প্ৰেক্ষাগৃহটো সেই সময়ত দৰ্শক-শ্ৰোতাৰে ঠাহ খাই আছিল৷ ইয়াৰ মাজতে সন্ত্ৰাসবাদীৰ দলটোৱে বাহিৰত থকা নিৰস্ত্ৰ নিৰাপত্তাৰক্ষীক হত্যা কৰি প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰি দুৱাৰ বন্ধ কৰি দিয়াৰ লগতে যধেমধে গুলীচালনা  কৰিবলৈ ধৰে৷ ফলত লগে লগে প্ৰেক্ষাগৃহটোৰ ভিতৰত হুৱাদুৱা লাগে৷ গুলিবিদ্ধ হৈ ঢলি পৰে ইজনৰ পাছত সিজন৷ আনহাতে, গুলীচালনাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদী দলটোৱে প্ৰেক্ষাগৃহটোত গ্ৰেনেডো নিক্ষেপ কৰে৷ ফলত মুহূৰ্তৰ ভিতৰতে প্ৰেক্ষাগৃহটোৰ ভিতৰচৰা জুই আৰু কলা ধোঁৱাই আগুৰি ধৰে৷ জ্বলি উঠে সমগ্ৰ প্ৰেক্ষাগৃহটো৷ ইপিনে, আক্ৰমণটো সংঘটিত কৰিয়েই সন্ত্ৰাসবাদী দলটো এখন বগা গাড়ীৰে ঘটনাস্থলী ত্যাগ কৰে৷ পাছত আৰক্ষীয়ে পিছ লৈ ব্ৰায়ানস্ক’ অঞ্চলৰ পৰা গাড়ীখন জব্দ কৰাৰ লগতে অত্যাধুনিক মাৰণাস্ত্ৰসহ চাৰিজনক আটক কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা গাড়ীখনৰ পৰা উদ্ধাৰ হয় বৃহৎ সংখ্যক বিস্ফোৰক তথা অন্যান্য মাৰণাস্ত্ৰ৷ পাছত প্ৰেক্ষাগৃহটোৰ পৰা ৬০ জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন তিনিশৰো অধিক লোকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয়৷ আহতসকলক লগে লগে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও সন্ধিয়ালৈকে মৃতকৰ সংখ্যা বৃদ্ধি পায়৷ এই বাতৰি যুগুত কৰাৰ সময়লৈকে নিহতৰ সংখ্যা ১৯০জনলৈ বৃদ্ধি পাইছে৷ চিকিৎসাধীন হৈ থকা সকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ইপিনে, আক্ৰমণটো সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে৷ ইপিনে, প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতি দি সংবাদ মাধ্যমসমূহে প্ৰচাৰ কৰা বাতৰিত কোৱা হৈছে যে ৰাছিয়াৰ জনপ্ৰিয় ৰ’কবেণ্ড ‘পিকনিক’ৰ সংগীতানুষ্ঠানৰ বাবেই প্ৰেক্ষাগৃহটো দৰ্শকেৰে ঠাহ খাই পৰিছিল৷ দৰ্শকৰ ভিৰৰ মাজতে সেনাৰ  পোছাকত অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ দলটো প্ৰৱেশ কৰে৷ আক্ৰমণৰ পৰৱৰ্তী সময়ত ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ এপিনে আহতসকলৰ আৰ্তনাদ আৰু আনপিনে প্ৰেক্ষাগৃহটো আগুৰি ধৰা জুইয়ে ঘটনাস্থলীত অধিক আতংকৰ সৃষ্টি কৰে৷ প্ৰেক্ষাগৃহৰ জুই নুমুৱাবলৈ প্ৰায় এশখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু তিনিখনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া হয়৷ আনহাতে, এই ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণটোক ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে অতি বৰ্বৰ আৰু নৃশংস বুলি অভিহিত কৰিছে৷ লগতে কাইলৈ অৰ্থাৎ ২৪ মাৰ্চৰ দিনটো ৰাছিয়াত ৰাষ্ট্ৰীয় শোক দিৱসৰূপে পালন কৰা হ’ব বুলি ঘোষণা কৰিছে৷ শুকুৰবাৰে মাজনিশা সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাটোক ভাৰত, বৃটেইন, আমেৰিকাকে ধৰি বিভিন্ন দেশসমূহে কঠোৰ ভাষাৰে গৰিহণা দিছে৷

উল্লেখ্য যে সন্ত্ৰাসবাদীৰ আক্ৰমণটো সম্পৰ্কে আগতীয়াকৈ তথ্য লাভ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট˜ৰ চোৰাংচোৱা বাহিনীয়ে৷ এই সম্পৰ্কে হোৱাইট হাউচৰ তৰফৰ পৰা মস্কোক সতৰ্কও কৰি দিয়া হৈছিল৷ ইপিনে, আক্ৰমণটোৰ পাছতে ইয়াৰ আঁৰত একাংশই ইউক্ৰেইনৰ হাত থকাৰ সন্দেহ কৰিছিল যদিও ইউক্ৰেইনে এই অভিযোগ অস্বীকাৰ কৰিছে৷ আক্ৰমণটোৰ পাছতে সমগ্ৰ ৰাছিয়াত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷

স্মৰ্তব্য যে ৰাছিয়াত সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ আক্ৰমণৰ ঘটনা এইটোৱেই প্ৰথম নহয়৷ আজিৰ পৰা ২২ বছৰ পূৰ্বে ২০০২ চনৰ ২৩ অক্টোবৰত মস্কোৰ দ্ৰুভকা থিয়েটাৰত ছেঁ’চেন বিদ্ৰোহীয়ে চলোৱা আক্ৰমণত ১৩০ জন লোকে প্ৰাণ হেৰুৱাইছিল৷ ২১ জন পুৰুষ আৰু ১৯ গৰাকী মহিলা বিদ্ৰোহীয়ে সংঘটিত কৰা উক্ত ঘটনাত বিদ্ৰোহীৰ দলটোৱে ৮০০ লোকক পণবন্দী কৰিছিল৷