Logo
image

গৰম পানী খাওক, বহু সমস্যাৰ পৰা উপশম পাব

গৰম পানী সুস্বাস্থ্যৰ বাবে মহৌষধস্বৰূপ৷ পুৱা খালী পেটত  সদায় দুগিলাচ গৰম পানী খাব লাগে৷ প্ৰথমেই দুগিলাচ গৰম পানী খোৱাটো সম্ভৱ নহয় যদিও অভ্যাস কৰিলে ই সম্ভৱ হৈ পৰিব৷ অৱশ্যে গৰম পানী খোৱাৰো এটা নিয়ম আছে৷  গৰম পানী খোৱাৰ  পাছত চাৰি-পাঁচমিনিট সময় একো খাব নালাগে৷ যদি আপুনি ছালৰ সমস্যাত ভুগি আছে আৰু ছালৰ বৰণ উজ্জ্বলতা নাইকিয়া হৈছে তেন্তে নিয়মিত গৰম পানী খোৱাটো অভ্যাস কৰক৷ ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে খৰ-খুজুৱতি সমস্যাৰ পৰাও পৰিত্ৰাণ পাব৷  

১. যিসকল লোকৰ লিভাৰৰ সমস্যা আছে তেওঁলোকে ঠাণ্ডা পানী খোৱাটো উচিত নহয়৷ তেওঁলোকে কুহুমীয়া পানী খাব লাগে৷ 

২.বয়স্ক মানুহৰ কাৰণে গৰম পানী খুবেই উপকাৰী৷ ঠাণ্ডা পানী তৰুণ প্ৰজন্মৰ কাৰণে অপকাৰী নহয় যদিও বয়স্ক লোকে ঠাণ্ডাপানী খোৱাটো উচিত নহয়৷ 

৩.যিসকল লোকৰ হাৰ্টৰ সমস্যা আছে তেওঁলোকে গৰম পানী খালে ৬৬ শতাংশ ইয়াৰ আশংকা নাইকিয়া হ’ব পাৰে৷   ব্ল’কেজ থকা ৰোগীয়ে ৰাতি নিয়মিত এগিলাচ গৰম পানী খাই শুলে হাৰ্টএটেকৰ সম্ভাৱনা কমি থাকে৷

৪. চকু, কাণ আৰু ডিঙিৰ গলাৰ সমস্যাত ভুগিলে পুৱা সোনকালে উঠি গৰম পানী খাব লাগে আৰু গাৰ্গল কৰিব লাগে৷ 

৫. পেটৰ সমস্যাত ভুগিছে নেকি? যিকোনো ধৰণৰ পেটৰ সমস্যা সমাধান কৰিব পাৰে কুহুমীয়া পানীয়ে৷ ওজন কমোৱাৰ বাবে নিতৌ গৰম পানী খাব পাৰে৷ গৰম পানী খালে অলাগতিয়াল মেদ কমি যায়৷ 

৬. প্ৰস্ৰাৱজনিত কোনো ধৰণৰ ৰোগ হ’লে গৰম পানী খোৱাটো অভ্যাস কৰক, শীঘ্ৰে সুফল পাব৷

৭. মাইগ্ৰেন, উচ্চ ৰক্তচাপ, গাঁঠিৰ বিষ বা উচ্চ কলেষ্টে’ৰলৰ মাত্ৰা কমাবলৈ গৰম পানী পান কৰক৷ শৰীৰৰ যিকোনো ঠাইত  হোৱা বিষত যদি এগিলাচকৈ গৰম পানী খাই তেন্তে বিষৰ পৰা উপশম পাব৷ নিয়মিত গৰমপানী খোৱা মানুহৰ বাত বিষ হোৱাৰ সম্ভাৱনা কম৷

৮. শিৰাত কোনো ধৰণৰ বাধা [ব্লকেজ] থাকিলে প্ৰতিদিনে নিয়ম মানি খালী পেটত গৰম পানী খালে বহু উপশম পাব পাৰি৷ হাত-ভৰি জিন জিনাই থাকিলে গৰম পানী খালে উপশম পোৱা যায়৷

৯. ২০ হাজাৰৰো অধিক মাৰ্কিন প্ৰাপ্তবয়স্ক লোকক লৈ এই সমীক্ষা চলোৱা হৈছিল৷ প্ৰাথমিক গৱেষণা চিকাগোৰ আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ এপিডেমিঅ’লজী এণ্ড প্ৰিভেনছনে এই সমীক্ষা চলাইছিল৷