Logo
image

সোণোৱালৰ মনোনয়ন দাখিল, সংগ দিলে হিমন্তই: অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়িবলৈ হ'লে ডিব্ৰুগড়ক আগুৱাই নিব লাগিব: সোণোৱাল

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ ডিব্ৰুগড়ত শক্তি প্ৰদৰ্শন কৰিলে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দহ সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ সোণোৱালে আনুষ্ঠানিকভাৱে দাখিল কৰিলে মনোনয়ন পত্ৰ। ডিব্ৰুগড় চহৰৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়লৈকে এক বিশাল সমদল বাহিৰ কৰা হয়। পুষ্পসজ্জিত বাহনত উঠি সোণোৱালে জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰে নিজৰ মনোনয়ন পত্ৰ। ইফালে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ পৰাই সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ সভাপতি অতুল বৰাই। পুষ্পসজ্জিত বাহনত আছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা, সঞ্জয় কিষাণ। ইফালে সোণোৱালে মনোনয়ন দাখিলৰ পূৰ্বে পুৰণি হাইস্কুল খেলপথাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰে। 

এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নিজৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ আন্তগাথনি, যোগাযোগ, শিক্ষা আদি সৰ্বদিশত ভাৰতবৰ্ষই শক্তিশালী ৰূপত আত্মপ্ৰকাশ হৈছে। যুৱক-যুৱতী, মহিলা, অন্নদাতা আৰু দৰিদ্ৰ ৰাইজক লৈ ভাৰতবৰ্ষৰ স্বাভিমান, গৰিমা বৃদ্ধি কৰিছে। আমি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰোৱাবলৈ ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়ী কৰাব লাগিব। মাত্ৰ দহ বছৰত ১০ শতাংশ বিপিএলক এপিএললৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ল। আজি সকলোৱে সূলভ মূল্যৰ ঘৰ, শৌচাগাৰ, লাভ কৰিছে। গাঁৱে গাঁৱে ৰাস্তা-ঘাটৰ উন্নয়ন হৈছে। গ্ৰাম্যঞ্চলত বিজুলী-বাতি হৈছে। আজি আমাৰ আন্তগাথনি উন্নয়ন হৈছে। লক্ষ লক্ষ মাতৃ সমাজে অৰুণোদয় আঁচনি লাভ কৰিছে। সেইবাবে এইবাৰ ডিব্ৰুগড়ত সকলোৰে আনন্দ সৰ্বানন্দ হ'ব। ইফালে এই সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, ৰাইজৰ আশীৰ্বাদত ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হোৱাৰ সৌভাগ্য হৈছিল। দলে সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। মোক যিদৰে দুবাৰকৈ বিজয়ী কৰোৱালে, তাতকৈ অধিক ভোটত সৰ্বানন্দ সোনোৱালক জয়ী কৰাব লাগিব। সৰ্বানন্দ সোণোৱাল জিকিলেই ভাৰতত প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। ২০১৯ চনত উত্তৰ-পূবৰ ভিতৰত অধিক ভোটৰ ব্যৱধানত ডিব্ৰুগড়ৰ পৰা আমি জয়ী হৈছিলো। এইবাৰো আমি পূৰ্বৰ অভিলেখ ভংগ কৰিব লাগিব। সৰ্বানন্দ সোণোৱাল অসমৰে নহয় ভাৰতৰ নেতা। উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী কৰাব লাগিব সোণোৱালক। 

সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ বক্তব্যত কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগিতা আগবঢ়াব লাগিব। আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিব লাগিব। এই যাত্ৰাত সকলোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিটোকো শক্তিশালী ৰূপত গঢ় দিয়া হ'ব। সৱকা সাথ সৱকা বিকাশ নীতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাম কৰিছে। সকলোৱে সন্মানসহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ বাবে কাম কৰিছে। এই লক্ষ্যত উপনীত হ'বলৈ হ'লে ডিব্ৰুগড় লোকসভা সমষ্টিকো আগুৱাই নিব লাগিব। বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সম্পূৰ্ণৰূপে সুৰক্ষিত। আগন্তক দিনত এই যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ আমি প্ৰতিগৰাকী সংকল্পবদ্ধ হ'ব লাগিব। উল্লেখযোগ্য যে, এই সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ইউ পি পি এল ৰণ গৌৰা নাৰ্জাৰীৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ১০ টা বিধানসভা সমষ্টিৰ বিধায়কসকলেও উপস্থিত থাকে।