Logo
image

পিতৃৰ চৰণ স্পৰ্শ কৰি মনোনয়ন দাখিল লুৰীণৰঃ সোণোৱালক পৰাভূত কৰাৰ হুংকাৰ

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ পিতৃৰ চৰণ স্পৰ্শ কৰি মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড় চহৰত প্ৰায় পোন্ধৰ সহস্ৰাধিক বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দলৰ নেতা-কৰ্মী তথা সমৰ্থকসকলক লৈ লুৰীণজ্যোতি গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ আনুষ্ঠানিকভাৱে দাখিল কৰে।

লুৰীণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিয়েই বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক পৰাভূত কৰাৰ হুংকাৰ প্ৰদান কৰে। ঐক্যবদ্ধ শক্তিৰ দ্বাৰা প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিব বুলি দাবী কৰিছে লুৰীণজ্যোতি গগৈয়ে। দেশৰ সংবিধান, গণতন্ত্ৰ, সুৰক্ষিত হৈ থাকিব লাগিব বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে দেশৰ সংবিধানৰ মূল গাঁথনিসমূহৰ প্ৰতি প্ৰত্যাহ্বান আহিছে। গণতন্ত্ৰৰ সংবিধান, দেশৰ স্বতন্ত্ৰ ন্যায়পালিকাৰ সাংবিধানিক অনুষ্ঠানসমূহৰ প্ৰতি নামি অহা প্ৰত্যাহ্বানসমূহক ওফৰাই দিবলৈ আমি সকলো অংগীকাৰবদ্ধ। জাতীয় বিষয় আৰু জাতীয় প্ৰশ্নক লৈ নিৰ্বিকাৰ হৈ থকা দেখি বুলি অভিযোগ উত্থাপন কৰি লুৰীণজ্যোতি গগৈয়ে আৰু কয় যে এই নিৰ্বাচন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধি কৰিবলৈ অনুষ্ঠিত কৰা হৈছে। দেশৰ গণতন্ত্ৰলৈ নামি অহা প্ৰচণ্ড ভাবুকিৰ বিপৰীতে এইবাৰ নিৰ্বাচনত সন্মুখ সমৰত যুঁজত অৱতীৰ্ণ হৈছোঁ। এইবাৰ নিৰ্বাচনৰ সুকীয়া লক্ষ্য আৰু উদ্দেশ্য আছে। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে প্ৰয়োজনীয় শক্তিৰ বাবে যুঁজিছো। ঐক্যবদ্ধ শক্তিয়ে আমাৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিব। সাম্প্ৰদায়িকতা বিভাজনৰ বিৰুদ্ধে আমাৰ যুঁজ হ'ব। বিভাজনৰ বিপৰীতে আমাৰ মানুহৰ মাজত সমন্বয়, একতা, গণতান্ত্ৰিক প্ৰমূল্য গঢ় দিয়া।

লুৰীণজ্যোতি গগৈক মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত সংগ প্ৰদান কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সৰ্বানন্দ সোণোৱালক জাতীয় বিশ্বাসঘাটক আখ্যা দি কয় যে লুৰীণজ্যোতি গগৈ অসমৰ জাতীয় কন্ঠ আৰু সৰ্বানন্দ সোণোৱাল অসমৰ জাতীয় বিশ্বাসঘাটক। যেতিয়া 'কা' আহিছিল তেতিয়া তেওঁ দিল্লী আৰু নাগপুৰৰ পক্ষত গুচি গৈছিল। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমীয়া মানুহে যুঁজ কৰাৰ সময়ত পুলিচ-মিলিটাৰী লগাই দিছিল। লুৰীণজ্যোতি গগৈয়ে অসমৰ প্ৰত্যেকটো জাতীয় জীৱনৰ বিষয়সমূহক লৈ মাত-মাতি আহিছে। গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈক যদি আমি দিল্লীলৈ পঠাব পাৰোঁ তেতিয়া অসমীয়া জাতিয়ে গৌৰৱ কৰিব পাৰিব। একেলগে বজ্ৰকন্ঠেৰে যেতিয়া দিল্লীৰ লোকসভাত অসমৰ স্বাৰ্থৰ কাৰণে মাত-মাতিব তেতিয়া অসমীয়া মানুহ হিচাপে গৌৰৱাম্বিত হ'ম। সেয়ে লুৰীণজ্যোতি গগৈক ভোটদানৰ বিপৰীতে জাতীয় বিশ্বাসঘাটক সৰ্বানন্দ সোণোৱালক ভোটদান নকৰিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে।

উল্লেখযোগ্য যে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মনোনয়ন দাখিলৰ পূৰ্বে ডিব্ৰুগড় নিৰ্মালী গাঁও ৰাজহুৱা খেলপথাৰত এখন ৰাজহুৱা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাপি দিয়া হৈছিল। পাঁচজনকৈ যুৱকক হত্যা কৰিছিল সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত। অসমীয়া জাতিক চৰম বিশ্বাসঘাটকতা সোণোৱালক ডিব্ৰুগড় ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে। ইফালে লুৰীণজ্যোতি গগৈক প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, চি পি আই (এম এল)ৰ সাধাৰণ সম্পাদক বিবেক দাস, প্ৰাক্তন বিধায়ক ৰাজু চাহু, প্ৰাঞ্জল ঘাটোৱাৰকে ধৰি বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দলৰ ভালেসংখ্যক নেতাই সংগ দিয়ে।