Logo
image

আপুনি ভাল পোৱা এইবোৰ খাদ্য ঘৰৰ কুকুৰক ভুলতো নুখুৱাব

ঘৰত পোহনীয়া কুকুৰ থাকিলে এলাৰ্মৰ প্ৰয়োজন নহয়৷ কুকুৰটোৰ ভুকনিত সহজেই টোপনি ভাগি যায়৷ ঘৰত কুকুৰৰ পোৱালি থাকিলেতো আনন্দৰ সীমাই নোহোৱা হয়৷ পোহনীয়া কুকুৰটোও ঘৰৰ আন সদস্যসকলৰ দৰেই গৃহস্থৰ আপোন হৈ পৰে৷ ফলত নিজে খাই ভালপোৱা খাদ্য কুকুৰটোকো বহুতে খাবলৈ দিয়ে৷ কিন্তু জানি থোৱা ভাল যে এই অভ্যাসে কেতিয়াবা পোহনীয়া কুকুৰটোৰ বাবে বিপদ মাতি আনিব পাৰে৷ আচলতে মানুহে খাই ভালপোৱা সকলো খাদ্য কুকুৰৰ বাবে উপযোগী নহয়৷ উল্লেখ কৰা হ’ল মানুহে খাই ভালপোৱা কোনবোৰ খাদ্য কুকুৰৰ বাবে ক্ষতিকাৰক– 
চকলেটঃ চকলেটত মিথেলজেন্থিন নামৰ এবিধ যৌগ থাকে,  যিটোৱে কুকুৰৰ বিপাকক্ৰিয়া বন্ধ কৰি দিব পাৰে৷ বিশেষকৈ ডাৰ্ক চকলেট খুৱালে কুকুৰৰ ডায়েৰিয়া আৰু বমি হোৱাৰ আশংকা থাকে৷ তদুপৰি অত্যধিক মাত্ৰাত চকলেট খুৱালে কুকুৰৰ হৃদযন্ত্ৰৰ কাৰ্যকাৰিতা কমিবলৈ ধৰে৷ পৰিণতিত কুকুৰটোৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷
গাখীৰঃ দুগ্ধজাত যিকোনো খাদ্য যেনে চানা, পায়স বা মিঠাই  কুকুৰৰ পোৱালিক ভুলতো নুখুৱাব৷ দুগ্ধজাত খাদ্যত থকা শৰ্কৰা আৰু ফেটি এচিডক কুকুৰে হজম কৰিব নোৱাৰে৷ 
আঙুৰ/কিছমিছঃ আঙুৰ বা কিছমিচ কুকুৰক ভুলতো নুখুৱাব৷  এই দুবিধ খাদ্যই কুকুৰৰ কিডনী বিকল কৰাৰ আশংকা বৃদ্ধি কৰে৷ 
পিঁয়াজ-নহৰুঃ কুকুৰৰ খাদ্যত পিঁয়াজ-নহৰুৰ পৰিমাণ বেছি হ’লে এনিমিয়াত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ পিঁয়াজ আৰু নহৰুত থকা উপাদানে কুকুৰৰ দেহৰ লোহিত ৰক্তকণিকা সমূহক ধবংস কৰিবলৈ আৰম্ভ কৰে৷