Logo
image

সমন্বয়ৰ অভাৱঃ গৌৰৱ গগৈক একাষৰীয়া কৰিছে নেকি কংগ্ৰেছে? নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত তৎপৰতা নাই কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দল তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰক লৈ যেন অলপো সন্তুষ্ট নহয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কিয়নো গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছ দলে যিদৰে তৎপৰতা দেখুৱাব লাগিছিল, সেইধৰণে যে দেখুওৱা নাই বিধায়ক অখিল গগৈৰ সংবাদমেলত এই কথাটো স্পষ্ট হৈ পৰিছে। অখিল গগৈয়ে সংবাদমেলত কয় যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ পক্ষত আমি তিনিজন বিধায়ক আছোঁ। কংগ্ৰেছৰ দুজন, মানে এজন দেবব্ৰত শইকীয়া, আনজন তিতাবৰৰ ভাস্কৰ বৰুৱা আৰু শিৱসাগৰত মই। জান-প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লীড দিম। এইটো মোৰ চেলেঞ্জ। বাকী নাজিৰা আৰু তিতাবৰৰ বিধায়কে লীড দিবলৈ কেনদৰে কাম কৰিছে মই নাজানোঁ। 

তেওঁ আৰু কয় যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই, জিলা পৰ্যায়ৰ নেতৃবৰ্গই যিধৰণে কাম কৰিব লাগিছিল, সেইধৰণে কাম কৰা নাই। আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছোঁ যে সমন্বয় একেবাৰে ভাল হোৱা নাই। কাম কৰিবলৈ এইটো এটা সমস্যা হৈছে আমাৰ কাৰণে। তেওঁ আৰু কয় যে এটা কথা খাটাং এতিয়ালৈকে যিটো সমন্বয় হ’ব লাগে, সেয়া হোৱা নাই। তেওঁলোকৰ দলত কি কাম কৰিছে মই নাজানোঁ। কংগ্ৰেছ দলে কাম কৰিছে নে নাই কৰা তেওঁলোকৰ কথা মই নাজানোঁ৷ কিন্তু আমাৰ দলৰ প্ৰত্যকজন কৰ্মীয়ে দিনে-ৰাতিয়ে কাম কৰি আছে। মই নিজে ইয়াত বহি লৈ সংবাদ মাধ্যমত নোলাই ফিল্ডৰ কামখিনি কৰি ল’লো। চৰাইদেউৰ পৰা তিতাবৰলৈকে, মাজুলীৰ পৰা একেবাৰে মাহমৰালৈকে আমাৰ কমিটী বিলাকক যি লজিষ্টিক সমৰ্থন দিব লাগে সেই কামবিলাক কৰি দিলোঁ। বাকী কংগ্ৰেছ দলে কি কৰিছে, কি কৰা নাই নাজানোঁ৷

বিধায়ক গগৈয়ে গৌৰৱ গগৈয়ে শিৱসাগৰ সমষ্টিলৈ অহাৰ কথাটো উল্লেখ কৰে। তেওঁ কয় যে গৌৰৱ গগৈয়ে সিদিনা মোক লগত লৈ লোৱা হ’লে ভাল আছিল বা আজি সমগ্ৰ যোৰহাট লোকসভা সমষ্টিটোৰ য’লৈকে গৈছে ময়ো তেওঁৰ লগত যোৱা হ’লে নিশ্চয় তেওঁৰ সুবিধা হ’লহেঁতেন। এইধৰণৰ সমন্বয় এতিয়ালৈকে হৈ উঠা নাই বুলি বিধায়কজনে আক্ষেপ প্ৰকাশ কৰে।

তেওঁ আৰু কয় যে বাকী সমষ্টিসমূহত কংগ্ৰেছ দলৰ নেতাসকলে কি ভূমিকা লৈছে নাজানোঁ, কিন্তু সোণাৰি, মাহমৰা, ডিমৌ বা থাওৰা বিধানসভা সমষ্টিত আমাৰ সম্পূৰ্ণ টীমটোৱে সুন্দৰভাৱে কাম কৰি আছে। থাওৰাত আমাৰ পূৰ্বৰ পাৰ্থী ধৈৰ্য কোঁৱৰে জান-প্ৰাণ দি কাম কৰি আছে। মৰিয়নি বিধানসভাত আমৰ প্ৰত্যকজন কৰ্মীয়ে কাম কৰি আছে। একেদৰে মাজুলী, তিতাবৰতো তেওঁলোকৰ কৰ্মীয়ে সুন্দৰভাৱে কাম কৰি আছে৷ আনহাতে বাকী অঞ্চলসমূহত কংগ্ৰেছ দলে কেনেধৰণে কাম কৰি আছে, সেই বিষয়ে অখিল গগৈ অজ্ঞ বুলি উল্লেখ কৰি কয় যে গৌৰৱ গগৈক জিকাবলৈ কংগ্ৰেছ দলে সমন্বয় ইয়াতকৈ আৰু বেছি ভাল কৰিব লাগিব।