Logo
image

অখিলে বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ এটা সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰি আছেঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক্যবাণ আৰম্ভ হৈছে৷ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। 

মন্ত্ৰী বৰুৱাই কয় যে অখিল গগৈয়ে সম্প্ৰতি দুখন মহাকাব্যৰ দুটা ডাঙৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে। তেওঁ কয় যে যেনেকৈ ৰামায়ণত বিভীষণ নামৰ এটা চৰিত্ৰ আছে আৰু মহাভাৰতত শকুনি নামৰ এটা চৰিত্ৰ আছে। অখিল গগৈয়ে আজিৰ তাৰিখত বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ এটা সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে। বিভীষণ এনেকুৱা এটা চৰিত্ৰ যাক আমি ঘৰ শত্ৰু বিভীষণ বুলি কওঁ। যিয়ে ঘৰতে থাকি শত্ৰুতা কৰে। যেনেদৰে বিভীষণে লংকাধিপতি হ’বৰ কাৰণে নিজৰ ভায়েকক কেনেকৈ পৰাস্ত কৰিব লাগে তাৰ সকলো বুদ্ধি প্ৰভূ ৰামচন্দ্ৰক দিছিল, তেনেদৰে অখিল গগৈয়ে সেই ধৰণৰ এটা ব্যৱস্থা কৰি আছে- যিটো ঘৰ শত্ৰু বিভীষণৰ চৰিত্ৰ। দ্বিতীয়তে শকুনি এটা চৰিত্ৰ- যিটো চৰিত্ৰই ভাতৃ হত্যাৰ প্ৰতিশোধ ল’বৰ কাৰণে কৌৰৱ লগত থাকিয়ে কৌৰৱক ধ্বংস কৰাৰ চেষ্টা কৰিছিল। এই শকুনি চৰিত্ৰটো অখিলে খুব সুন্দৰভাৱে ৰূপায়ণ কৰিছে বুলি কয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

তেওঁ আৰু কয় যে বিভীষণ আৰু শকুনি চৰিত্ৰৰ মাজেৰে অখিল গগৈয়ে ধুনীয়াকৈ নিজৰ লগত থকা মানুহখিনিৰ ৰাজনৈতিক হত্যাৰো পৰিকল্পনা কৰি লৈছে আৰু ভৱিষ্যতৰ তেওঁৰ দুৰাকাংক্ষাৰ সপোনটো বাস্তৱ কৰিবৰ কাৰণে বা দুৰাকাংক্ষাৰ যি ৰাজ্য, সেই ৰাজ্যৰ একছত্ৰী সম্ৰাট হ’বৰ কাৰণে তেওঁ সুন্দৰভাৱে কাম কৰি আছে। 

মন্ত্ৰী মল্লই পুনৰ কয় যে তেওঁ নিজেই কৈছে যে গৌৰৱ গগৈয়ে শিৱসাগৰলৈ যাওঁতে তেওঁক লগত লৈ নগ’ল। তেওঁক লগত লৈ নোযোৱা কাৰণে শিৱসাগৰত গৌৰৱ গগৈয়ে যে ভোট কম পাব সেইটো অখিল গগৈয়ে কৈয়ে দিলে। কিন্তু আমি শুনা মতে, তেওঁক দুটা কাৰণত গৌৰৱ গগৈয়ে নিব বিচৰা নাছিল। প্ৰথম কাৰণটো হ’ল গৌৰৱ গগৈয়ে ভাবিছিল যে অখিল গগৈক লৈ গ’লে গৌৰৱ গগৈৰ ভোট কমিব পাৰে। দ্বিতীয় কাৰণটো হ’ল- এচাম কৈছে যে গৌৰৱ গগৈয়ে তেওঁক ফোনত বিচাৰি আছিল, কিন্তু ফোনত যোগাযোগ কৰিব পৰা নাছিল, তেওঁ পলাই ফুৰিছিল। আচলতে কথাটো কি, তেওঁলোকেহে জানে। কিন্তু গৌৰৱ গগৈৰ লগত তেওঁ নিজৰ সমষ্টিটোত নথকাটোৱে প্ৰমাণ কৰে যে গৌৰৱ গগৈক অখিল গগৈয়ে হৰুৱাবৰ বাবে কাম কৰি আছে। একেদৰে লুৰীণ গগৈকো তেওঁ হৰুৱাবৰ বাবে কাম কৰি আছে। তেওঁৰ যিখন দুৰাকাংক্ষাৰ জগত সেই জগতখনত তেওঁ কেনেকৈ একছত্ৰী সম্ৰাট হ’ব পাৰে সেই কামটো কৰি আছে। মন্ত্ৰীজনে পুনৰ কয় যে অখিল গগৈৰ চৰিত্ৰটো একেবাৰে বিভীষণ আৰু শকুনিৰ সমন্বয়ৰ চৰিত্ৰ। এই চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে অখিল গগৈক কূটনৈতিকভাৱে মন্ত্ৰী বৰুৱাই শুভেচ্ছা দিয়ে। কিয়নো ৰাজনীতি, কূটনীতিত এইবিলাক চলে, সেইবাবে তেওঁ অখিলক কূটনৈতিকভাৱে শুভেচ্ছা দি কয় যে এনেকুৱা ধৰণে নিজৰ লগৰ মানুহকে প্ৰতাৰণা কৰাটো অসমীয়া সমাজত বৰ ভাল নেদেখি। এজন অসমীয়া হিচাপে এই কথাটো এবাৰ চিন্তা কৰিবলৈকো মন্ত্ৰী বৰুৱাই অখিল গগৈক আহ্বান জনায়।