Logo
image

কাইলৈৰ পৰা বাঢ়িব ঔষধৰ দাম, সুৰাৰো

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ পহিলা এপ্ৰিলৰ পৰা পুনৰ দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ৷ মুঠতে ঔষধ কিনাটো সাধাৰণ মানুহৰ বাবে আৰু কঠিন হৈ পৰিব৷ এতিয়া এনে দিন আহিছে– দেশত, ৰাজ্যত দুখীয়া, মধ্যবিত্ত তথা সৰ্বসাধাৰণ মানুহে শ্ৰম কৰি নিজৰ খোৱাখিনি কোনোমতে যোগাৰ কৰিব পাৰিলেও ঔষধ কিনাটো হয়তো আৰু সম্ভৱ হৈ নুঠিব৷ ভোটৰ বতৰত স্বাভাৱিকতে ৰাইজৰ মাজত গুণগুণনি উঠিছে– ‘এফালে ফ্ৰি চাউল, আনফালে ঔষধৰ চৰা দাম৷’ কেইদিনমানৰ আগলৈকে ৫০০ টকাত পোৱা চাৰিটা ছ’ডিয়াম টেবলেটৰ দাম বাঢ়ি ইতিমধ্যেই ৭৬৪.৯৫ টকা হ’ল৷ কিছুদিন আগলৈকে ৫৫ টকাত পোৱা প্ৰেচাৰৰ টেবলেটৰ দাম ১১৫ টকা হ’ল৷ উল্লেখ্য, ইলেক্টৰেল বণ্ডৰ জৰিয়তে ডাঃ ৰেড্ডিছ লেব, চিপলা লিমিটেডকে ধৰি বিভিন্ন ঔষধ কোম্পানীয়ে শাসকীয় বিজেপি তথা আন ৰাজনৈতিক দললৈ হাজাৰ কোটি টকাৰ চান্দা দিয়াৰ পাছতে এনেদৰে অনিয়ন্ত্ৰিত ৰূপত দেশত ঔষধৰ দাম বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে৷ আনহাতে, কৰনাৰ ঔষধ ৰেমডেচিভিৰৰ পৰা কফ ছিৰাপলৈ লেব পৰীক্ষাত অনুত্তীৰ্ণ নিম্নমানৰ ঔষধ প্ৰস্তুতকৰ্তায়ো বিজেপিসহ ৰাজনৈতিক দলক এহাজাৰ কোটি টকা দিয়াৰ অভিযোগ উঠিছে৷ যেন মাছৰ তেলেৰেই মাছ ভাজি৷ ইয়াৰ মাজতে পহিলা এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ঔষধ কোম্পানীসমূহে এণ্টিৱায়টিক, পেইনকিলাৰসহ ৮০০বিধ ঔষধৰ বৃদ্ধি কৰিছে৷ নেশ্বনেল ফাৰ্মাচিটিকেল প্ৰাইচিং অথৰিটীয়ে এই ঔষধসমূহৰ পুনৰ দাম বৃদ্ধিত মোহৰ লগাইছে৷ দাম বৃদ্ধি কৰা ঔষধ কোম্পানীসমূহে শাসকীয় বিজেপি দলক ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৯১১ কোটি টকাৰ চান্দা দিয়াৰ অভিযোগ উঠিছে৷ সেই টকা ঘূৰাই অনাৰ বাবেই ঔষধৰ দাম বৃদ্ধি কৰি জনতাক ঔষধ কোম্পানীয়ে ৰামটাঙোন সোধোৱা বুলি চৰ্চা হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০২৪ বৰ্ষতে দুবাৰকৈ ঔষধৰ দাম বৃদ্ধি পালে৷ ইয়াৰ পূৰ্বে ১২ শতাংশ ঔষধৰ দাম বৃদ্ধি পাইছিল৷ ২০২২ চনতো ১০ শতাংশ বৃদ্ধি পাইছিল৷ ইয়াৰ পাছতো মাজে সময়ে ঔষধ কোম্পানীসমূহে কম কমকৈ গ্ৰাহকে ধৰিব নোৱাৰাকৈ ঔষধৰ দাম বৃদ্ধি কৰিয়েই আহিছে৷ কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যত প্ৰধানমন্ত্ৰীৰ জন ঔষধি ফাৰ্মাচীৰ জৰিয়তে জেনেৰিক ঔষধ উপলব্ধ বুলি দাবী কৰিলেও বাস্তৱক্ষেত্ৰত এয়া ৰোগীৰ বাবে উপলব্ধ হোৱা নাই৷ সম্প্ৰসাৰণ হোৱাৰ পৰিৱৰ্তে ইখনৰ পাছত সিখন জন ঔষধি ফাৰ্মাচী বন্ধ হোৱাহে পৰিলক্ষিত হৈছে৷ চিকিৎসকেও প্ৰেছক্ৰাইভ নকৰে জেনৰিক ঔষধ৷ ইফালে, পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাব সুৰাৰ দাম৷ সুৰা ব্যৱসায়ীৰ পঞ্জীয়ন মাছুল দুগুণলৈ বৃদ্ধিৰ পাছত এইবাৰ ৰাজ্যৰ সুৰাপায়ীসকলৰ মূৰত ৰামটোঙোন সোধাই বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ দাম পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে৷ উদাহৰণস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ৪০০ টকাত উপলব্ধ ছিগ্ৰাম ইম্পিৰিয়েল ব্লেক হুইস্কীৰ দাম ৪৮ঙ্ম টকালৈ বৃদ্ধি কৰিছে৷ ২৪৫ টকাত উপলব্ধ ছিগ্ৰাম ব্লেণ্ডাৰ্ছ প্ৰাইড হুইস্কীৰ দাম ২৬০ টকালৈ বৃদ্ধি কৰিছে৷ ৩৮০ টকাত উপলব্ধ ডাইৰেক্টৰ স্পেচিয়েল ব্লেক হুইস্কীৰ দাম ৪৫০ টকালৈ বৃদ্ধি পাইছে৷ ৩৫০টকাত উপলব্ধ বেগপিপাৰ ডিলাক্স হুইস্কীৰ দাম ৪১০ টকালৈ বৃদ্ধি পাইছে৷