Logo
image

খালী পেটত অমিতা খালে ওজন হ্ৰাস পায়

পুৱাৰ খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে দিনটোৰ শাৰীৰিক অৱস্থা৷ সেয়ে নিজকে সতেজ কৰি ৰাখিবলৈ বহুতে শুদা পেটত কিবা নহয় কিবা এটা খায়৷ কিন্তু পুষ্টি বিশেষজ্ঞসকলৰ মতে পুৱাই যদি খালী পেটত পকা অমিতা খাব পৰা যায়, তেন্তে অধিক সুফল পোৱা যায়৷ অমিতা স্বাস্থ্যৰ বাবে উপকাৰী৷ খালী পেটত অমিতা খালে দুগুণ উপকাৰ পোৱা যায়৷ বিশেষকৈ কেইটামান শাৰীৰিক সমস্যা থাকিলে পুৱাই উঠি অমিতা খোৱাটো জৰুৰী৷ উল্লেখ কৰা হ’ল কোনবোৰ শাৰীৰিক সমস্যা থাকিলে পুৱাই উঠি অমিতা খাব লাগে–
কোষ্ঠকাঠিন্যঃ অনিয়মীয়া জীৱন-যাপনৰ বাবে বহুতে পেটৰ সমস্যাত ভোগে৷ বিশেষকৈ হজমৰ সমস্যা আৰু কোষ্ঠকাঠিন্য সমস্যাৰ সৃষ্টি কৰে অনিয়মীয়া খাদ্য গ্ৰহণৰ অভ্যাসে৷ এনে ক্ষেত্ৰত পুৱাই উঠি যদি অমিতা খাব পৰা যায় তেন্তে কোষ্ঠকাঠিন্য সমস্যা নাইকিয়া হয়৷ অমিতাত থকা ফাইবাৰে এনে সমস্যা আঁতৰ কৰাত সহায় কৰে৷
ওজন কমায়ঃ নিতৌ খালী পেটত পকা অমিতা খোৱাৰ অভ্যাস কৰিলে দেহৰ অতিৰিক্ত ওজন কমোৱাত সহায়ক হয়৷ পুষ্টিবিশেষজ্ঞসকলৰ মতে অমিতাত থকা ফাইবাৰে দীৰ্ঘসময় পেট ভৰি থকাত সহায় কৰে৷ ফলত সঘনাই ভোক নালাগে৷
ৰোগ-প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ অমিতাত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্টৰ দৰে প্ৰচুৰ উপকাৰী উপাদান থাকে৷ এইবোৰ উপাদানে যিকোনো ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে৷ তদুপৰি খালী পেটত অমিতা খোৱাৰ অভ্যাসে সংক্ৰমণৰ আশংকা কমায়৷ অমিতাই দেহৰ বৰ্জ্য পদাৰ্থসমূহ উলিয়াই দি  শৰীৰ সতেজ কৰি ৰখাত সহায় কৰে৷