Logo
image

আহি আছে জুবিনৰ ‘চিকাৰ’

দিশপুৰ প্ৰেছ ক্লাবত মঙলবাৰে  জুবিন গাৰ্গ অভিনীত  বহুচৰ্চিত ছবি ‘চিকাৰ’ আৰু হিন্দী ভাষাত নিৰ্মাণ কৰা বলীউডৰ ছবি ‘আইৰা’ৰ মুক্তিৰ দিন ঘোষণা কৰা হয়৷ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে  ২০ ছেপ্টেম্বৰত চিকাৰ আৰু ৪ এপ্ৰিলত হিন্দী ছবিখন মুক্তিলাভ কৰিব বুলি ঘোষণা কৰে৷ বিগ ফিল্মছ মিডিয়া আৰু ডিক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহাইৰ৷ কাৰ্যবাহী প্ৰযোজক ৰতন লহকৰৰ সুযোগ্য সন্তান প্ৰণৱ লহকৰ৷ বিশেষকৈ লণ্ডনত আৰু কিছু অংশ অসমত দৃশ্যগ্ৰহণ কৰা ‘চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক৷ ছবিখনৰ সংগীত পৰিচালকো জুবিন গাৰ্গ৷ অন্য দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী সিদ্ধাৰ্থ শৰ্মা (কে কে) আৰু দ্বীপজ্যোতি কেওঁট (মোহন)ক৷ এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে নবাগত  ধ্যানি মহনে৷ ‘চিকাৰ’ৰ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ৷ দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট৷ আগন্তুক দুমাহত তিনিখনকৈ নিৰ্মাণ কৰিবলগীয়া ছবিৰ নাম ঘোষণা কৰাৰ কথা সংবাদমেলত সদৰি কৰে৷ আনহাতে, বিগ ফিল্মছ মিডিয়াৰ বেনাৰত অসম সন্তান ছেম ভট্টাচাৰ্যই নিৰ্মাণ কৰা বলীউডৰ ছবি ‘আইৰা’ ৪ এপ্ৰিলত সমগ্ৰ দেশৰ লগতে লণ্ডন আৰু আমেৰিকাতো মুক্তি দিয়া হ’ব বুলি  সংবাদমেলত জুবিন গাৰ্গে ঘোষণা কৰে৷ কৃত্ৰিম বুদ্ধিমত্তাক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা বিগ বাজেটৰ ছবিখনিৰ চিত্ৰনাট্য ৰচনা কৰিছে ছেম ভট্টাচাৰ্য, ছাৰা বডিনাৰ আৰু শুধাংশু ডুবেই৷ ছবিখনিত অভিনয় কৰিছে ৰোহিত ৰয়, অমিত চানা, কৰিশ্মা কটক, ৰাজেশ শৰ্মা, ফাগুণ থকৰাৰ আদিৰ দৰে বলীউডৰ জনপ্ৰিয় শিল্পীয়ে৷