Logo
image

ৰূপালী পৰ্দাৰ পৰা ৰাজনীতিলৈঃ বলীউড কুইন হ’লগৈ বিজেপি প্ৰাৰ্থী

হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ’ল ‘বলীউড কুইন’খ্যাত অভিনেত্ৰী কংগনা ৰাণাৱট৷ হিমাচল প্ৰদেশৰ এখন সৰু গাঁৱৰ পৰা ১৬ বছৰ বয়সতে অভিনেত্ৰী হোৱাৰ বাসনাৰে সপোনপুৰীত ভৰি থৈছিল কংগনাই৷ ঘৰৰ পৰিয়ালৰ অমতত গৈ তেওঁ অভিনয়কে কেৰিয়াৰ হিচাপে বাচি লয় আৰু কম সময়ৰ ভিতৰতে হৈ পৰে বলীউডৰ কুইন৷ কংগনাই ঈৰ্ষাতীতভাৱে চাৰিটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ জিনি ইতিহাস সৃষ্টি কৰে মায়াপুৰীত৷ 
হিমাচলৰ ভাম্বলা নামৰ গাঁওখনত ১৯৮৭ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰিছিল কংগনাই৷ তেওঁৰ পিতৃ এজন ব্যৱসায়ী আৰু মাতৃ শিক্ষয়িত্ৰী৷ সৰুৰে পৰাই কংগনাৰ মডেলিং আৰু অভিনয়ত চখ আছিল৷ কিন্তু পিতৃ-মাতৃৰ ইচ্ছা কন্যা চিকিৎসক হওক৷ পৰিয়ালৰ মতৰ বিপৰীতে বুকুত বহুতো সপোন লৈ ১৬-১৭ বছৰতে কংগনা হিমাচলৰ পৰা মুম্বাইলৈ পলাই যায়৷ মুম্বাইত বিভিন্ন মডেলিং প্ৰকল্পত কাম কৰি কংগনাই বহু পৰিশ্ৰমৰ বলত ছবি জগতত প্ৰৱেশ কৰে ২০০৪ চনত৷ তেওঁ অভিনীত প্ৰথম ছবিখন পহলাজ নিলাজী পৰিচালিত ‘আই লাভ ইউ বছ’৷ তাৰ পাছত কংগনাই মহেশ ভাটৰ ‘গেংষ্টাৰ’ত অভিনয় কৰে৷ প্ৰকৃততে ছবিখনত নায়িকা হিচাপে অভিনয় কৰাৰ কথা আছিল চিত্ৰাংগদা সিঙে৷ কিন্তু চিত্ৰাংগদাই কিবা কাৰণত চৰিত্ৰটোত অভিনয় কৰিবলৈ মান্তি নোহোৱাত ১৯ বছৰ বয়সতে কংগনাই ‘গেংষ্টাৰ’ৰ নায়িকা হৈ পৰে৷ গেংষ্টাৰে বলীউডত কংগনাক চিনাকি কৰাই দিলে৷ পৰৱৰ্তী সময়ত হিমাচল কন্যাই ‘অহ লামহে, লাইফ ইন এ মেট্ৰ’, ৱানছ আপন এ টাইম ইন মুম্বাই, মণিকৰ্ণিকা, ধাকড় দৰে ছবিত অভিনয় কৰে৷ তদুপৰি মণিকৰ্ণিকা নামেৰে এটা প্ৰযোজনা সংস্থাও আৰম্ভ কৰে কংকনাই৷  দেশৰ জৰুৰী অৱস্থাক লৈ ইমাৰ্জেন্সি নামেৰে এখন ছবি নিৰ্মাণ কৰিছে কংগনাই৷ ক’ভিড কালত বলীউডৰ স্বজন পোষণ, ষ্টাৰ কিডছ, পৰিয়ালকেন্দ্ৰিক ৰাজ চলাকে ধৰি বিভিন্ন সময়ত বিভিন্ন ইছ্যু লৈ সঘনে সৰৱ হৈ পৰা কংগনাই পাঁচোটাকৈ ফিল্মফেয়াৰ বঁটা, তিনিটা ৰাষ্ট্ৰীয় বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে৷ বলীউডৰ ‘কুইন’ কংগনা ৰাণাৱটৰ সম্পত্তিৰ পৰিমাণ হ’ল ১২৫ কোটি টকা৷ তেওঁ প্ৰতিমাহে ৰ কোটিৰো অধিক টকা আয় কৰে৷ বছৰি আয় হয় ১৫ কোটি টকা৷ তেওঁ এখন চিনেমাৰ বাবে লয় ১৫-১৭ কোটি টকা৷ এটা বিজ্ঞাপনৰ বাবে তেওঁ লয় ২-৪ কোটি টকা৷ তেওঁৰ মুম্বাই আৰু মানালীত আছে কেইবা কোটিটকীয়া বিলাসী ঘৰ৷  ইফালে উত্তৰ প্ৰদেশৰ মীৰাটত ৰামায়ণৰ ‘ৰাম’ হিচাপে খ্যাত জনপ্ৰিয় অভিনেতা অৰুণ গোভিলক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে বিজেপিয়ে৷ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অৰুণ গোভিলৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩৮ কোটি৷ অৰুণ গোভিলে টিভি ধাৰাবাহিকৰ লগতে চিনেমাতো অভিনয় কৰি আহিছে৷ তেওঁ এখন চিনেমাৰ বাবে ৫০-৬০ লাখ টকা লয়৷ শেহতীয়াকৈ তেওঁ ‘অ’এমজি-২’ চিনেমাতো অভিনয় কৰিছিল৷ ‘আৰ্টিকল ৩৭০’ চিনেমাতো তেওঁ ৬৩ লাখ টকা লৈছিল৷ কংগনা পথেৰেই অভিনয় এৰি ৰাজনীতিৰ ময়দানত নমাৰ পৰিকল্পনা কৰিছে অভিনেত্ৰী কীৰ্তি শ্যানন, কাপুৰ পৰিয়ালৰ কৰিণা কাপুৰ, গোবিন্দাকে ধৰি বলীউডৰ তাৰকাই৷ বৃহস্পতিবাৰে মহাৰাষ্ট˜ৰ একনাথ সিন্ধেৰ সিন্ধেসেনা দলত যোগদান কৰিছে অভিনেতা গোবিন্দাই৷ কাপুৰ পৰিয়ালৰ কৰিশ্মা কাপুৰে ৰাজনীতিত যোগ দিয়াৰ কথা বলীউডৰ ভিতৰে-বাহিৰে চৰ্চিত হৈছে৷