Logo
image

বিৰোধী ঐক্যই গৌৰৱ গগৈক জয়ী কৰাবলৈ চেষ্টা কৰাৰ সলনি চিপৰাঙহে মাৰিছেঃ শৃংখল চলিহা

'আমাৰ অসম'ৰ দিচাংমুখৰ প্ৰতিবেদক,৩১ মাৰ্চঃ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা তথা যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী কংগ্ৰেছৰ গৌৰৱ গগৈয়ে দেওবাৰে পুৱা শিৱসাগৰ নগৰস্থিত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বাসগৃহলৈ আহি শৃংখল চলিহাক সাক্ষাৎ কৰে। উল্লেখ্য যে শৃংখল চলিহাৰ পিতৃৰ বিয়োগৰ সময়ত গৌৰৱ গগৈয়ে পৰিয়ালৰ সৈতে প্ৰত্যক্ষভাৱে খবৰ ল'ব পৰা নাছিল৷ সেই উদেশ্যে আৰু সমাগত লোকসভা নিৰ্বাচনত দিহা-পৰামৰ্শৰ লগতে সহযোগিতা বিচাৰি শৃংখল চলিহাৰ সৈতে এক আলোচনাত মিলিত হয়। 

এই সন্দৰ্ভত শৃংখল চলিহাই কয় যে আজি পুৱা প্ৰায় ৯:৩০ বজাত গৌৰৱ গগৈ তেওঁলোকৰ ঘৰলৈ আহে আৰু পৰিয়ালৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত প্ৰায় বিশ মিনিট সময় সামাজিক আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কীয় কিছু আলোচনা কৰা হয়। লগতে তেওঁ কয় যে বিৰোধী ঐক্য মঞ্চই চিপৰাং নামাৰিলে নিৰ্বাচনত গৌৰৱ গগৈ জয়ী হ'ব।

তেওঁ আৰু কয়, "আমি জাতীয়তাবাদী মানুহ। আমি কংগ্ৰেছ-বিজেপিতকৈ জাতীয়তাবাদ শক্তিশালী হৈ থকাটো বিচাৰোঁ। তথাপিও সময় সুযোগ মিলাই ভাবিছো যে অসমৰ কণ্ঠ, ভাৰতৰ কণ্ঠ এজন জিকি যাওক। কিন্তু বিৰোধী ঐক্য মঞ্চৰ একাংশই চিপৰাং মৰাৰ বাবে আমি দু:খিত।" লগতে চলিহাই কয়, "বৰ্তমান সময়ত প্ৰয়োজনীয়তা আছিল এজন যোগ্য প্ৰাৰ্থীক জয়ী কৰাৰ। কিন্তু আমি সেই পৰিৱেশ দেখা নাই। অসমত বিৰোধী ঐক্য হৈছে নে চিপৰাং ঐক্য হৈছে, তাত সন্দেহ আছে। বিৰোধী ঐক্যত থকা প্ৰত্যেকজনে গৌৰৱ গগৈক ঠগিবলৈ চেষ্টা কৰি আছে। গৌৰৱ গগৈক যদি চবেই চিপৰাং মাৰে, তেনেহ'লে নিৰ্বাচনত গৌৰৱ গগৈ জয়ী হোৱাটো সম্ভৱ নহ'ব। এইটো স্পষ্ট কথা আৰু স্পষ্টকৈ আজি গৌৰৱ গগৈক কৈছোঁ। " আন এক বিষয়ত শৃংখল চলিহাই কয় - " ঐক্যবদ্ধ ভাৱে যুঁজিলে গৌৰৱ গগৈ জয় হ'ব। মই কিন্তু কোনো পৰিৱেশ দেখা নাই। সকলোৱে পৃথকে পৃথকে সংবাদ মেল দিছে। আজিৰ দিনত শিৱসাগৰত গৌৰৱ গগৈৰ কোনো এটা অফিচ নাই। তাত আমি দু:খিত আৰু ক্ষোভিত। " আন এক প্ৰসঙ্গত বিৰোধী ঐক্য মঞ্চলৈ লক্ষ্য কৰি শৃংখল চলিহাই কয় - " আচলতে আপোনালোক লগ হৈছে নে ? আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি আছে। " চলিহাই আকৌ কয় - " বিৰোধী দলৰ প্ৰত্যেকেই চিপৰাং মাৰিছে বুলি আমাৰ সন্দেহ হৈছে। সোঁৱে-বাঁৱে থকা মানুহেই গৌৰৱ গগৈক চিপৰাং মাৰিছে। কথাটো হৈছে অসমত যদি পৰিৱৰ্তন লাগে, তেনেহলে ক্ষমতাৰ উৰ্ধত থাকি আমি সকলো একলগ হ'ব লাগিব। যদি গৌৰৱ গগৈক বিৰোধী ঐক্য মঞ্চই যদি চিপৰাং নামাৰে, তেনেহ'লে বীৰ লাচিত সেনাই গৌৰৱ গগৈক সহায় কৰিব। 

আনহাতে সাংবাদিকে অখিল গগৈৰ চিপৰাঙৰ সম্পৰ্কে জানিবলৈ বিচৰাত শৃংখল চলিহাই সাংবাদিকক কয়, " অখিল গগৈয়ে চিপৰাং মাৰিছে নে নাই মৰা সেয়া ভোটৰ ওপৰত নিৰ্ভৰ কৰিব। বিগত বিধানসভাৰ নিৰ্বাচনত বীৰ লাচিত সেনাই অখিল গগৈক ৫৭ হাজাৰ ভোট দিয়াইছিল। তাৰ ওপৰত অখিল গগৈয়ে ভোট দিয়াব পাৰিলে অখিল গগৈৰ ক্ৰেডিট।" উল্লেখযোগ্য যে গৌৰৱ গগৈ আৰু শৃংখল চলিহাৰ সৌজন্যতামূলক সাক্ষাৎকালত কংগ্ৰেছ নেতা শুভমিত্ৰ গগৈ আৰু অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শইকীয়া উপস্থিত থাকে৷