Logo
image

মন্ত্ৰী ৰঞ্জিতৰ চেলেঞ্জঃ বৰপেটাত চি পি আই (এম) জয়ী হ'লে কাটি দিব তেওঁৰ এখন হাত

'আমাৰ অসম'ৰ বৰপেটাৰোডৰ প্ৰতিবেদক,১ এপ্ৰিল:"বৰপেটা লোকসভাৰ পৰা যদি চি পি আই (এম) জিকে, তেন্তে মই এখন হাত কাটি দিম৷"-এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷

উল্লেখ্য যে বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰি 'বুথ শক্তিকৰণ অভিযানত' অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটাৰোডত তেওঁৰ নিজ  বাসগৃহ সন্মুখত বুথ কমিটিৰ পতাকা উত্তোলন কৰে৷ পৰৱৰ্তী সময়ত সাংবাদিকৰে হোৱা কথোপকথনত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীজনে৷ তেওঁ কয় যে বৰপেটা লোকসভা সমষ্টিত যদি চি পি আই (এম) জয়ী হয় তেন্তে তেওঁ এখন হাত কাটি দিব৷ যদি চি পি আই (এম) জয়ী হয় তেন্তে গছৰ পাতে ভোট দিব লাগিব, নহ'লে গছত লাগি থকা নাৰিকল, তামোলে ভোট দিব লাগিব।তেঁও আৰু কয় যে কয় এইবাৰ বিজেপি মিত্ৰজোঁটে অসমত ১১খন আসন লাভ কৰাটো নিশ্চিত৷ যদি সংখ্যালঘুৰ ভোট লাভ কৰে তেন্তে ১৩খন আসন লাভ কৰিব৷ আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভ তেওঁ কয় যে সৰ্বানন্দ সোনোৱালে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে ৫লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। আনহাতে যোৰহাটত তপন গগৈ গৌৰৱ গগৈতকৈ ২লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব।

দেওবাৰে পুৱা বৰপেটাৰোডৰ ১৩০নং বুথ সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটাৰোডত তেওঁৰ নিজ বাসগৃহৰ সন্মুখত দলীয় পতাকা উত্তোলন কৰাৰ লগতে ৬নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ গীতুমণি মণি দেউৰীয়ে অগপৰ পতাকা উত্তোলন কৰে। বৰপেটাৰোড নগৰ মণ্ডলৰ বিষয়ববীয়া, মৰ্চাসমূহৰ বিষয়ববীয়াসকলৰ লগতে বুথৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত দলৰ কাৰ্যকৰ্তাসকলক বুথ শক্তিকৰণ কৰাটো প্ৰথম কৰ্তব্য আৰু দায়িত্ব হিচাপে লৈ সেৱাৰ মনোভাৱেৰে নিজ কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। লগতে বৰপেটা লোকসভা সমষ্টিত সকলোকে হাতীৰ প্ৰতিচ্ছবিত ভোট প্ৰদান কৰি অগপক জয় কৰাবলৈ আহ্বান জনায়। অগপক ভোট দিয়া মানে মোদীক ভোট দিয়া বুলি কয় মন্ত্ৰী দাসে।