Logo
image

ঔষধৰ দাম বৃদ্ধি হ'লেও নিৰ্বাচনত প্ৰভাৱ নপৰেঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদক, ৩১ মাৰ্চঃ পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱন দায়িনী ঔষধৰ দাম। পেইনকিলাৰসহ ৮০০বিধ ঔষধৰ দাম বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। তেনে সময়ত ঔষধৰ‌ দাম বৃদ্ধিক লৈ উদ্ভট মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

তেওঁ কয় যে ঔষধৰ দাম বৃদ্ধিৰ হৈছে যদিও নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে। ৰাইজে জেনেৰিক ঔষধ ব্যৱহাৰ কৰিলে দাম হ্ৰাসহে পাব। মঙলদৈত জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে কয় যে কোনোবাই সাধাৰণ চোলা নিপিন্ধি যদি ব্ৰেণ্ডেড চোলা পিন্ধে তেন্তে দাম বেছি ভৰিবই লাগিব। 

আনহাতে ঔষধৰ দাম বৃদ্ধি সন্দৰ্ভত দৰং-ওডালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই কয় যে হোটেলত গৈ চিংৰা নাখাই, পিজ্জা খালে অধিক ধন ভৰিবই লাগিব। ৰাইজক সচেতন হৈ জেনেৰিক মেডিচিনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই ঔষধৰ দাম বৃদ্ধিয়ে কোনো কাৰণত নিৰ্বাচনত প্ৰভাৱ নেপেলায় বুলি দাবী কৰে শইকীয়াই। লগতে তেওঁ আয়ুষ্মান কাৰ্ড আৰু অটল কাৰ্ডযোগে ইতিমধ্যে চৰকাৰে ভাৰতীয় নাগৰিকক স্বাস্থ্য সম্পৰ্কীয় সকাহ দি অহা‌ বুলি উল্লেখ কৰে। 

ইফালে যোগদান সমাৰোহত কংগ্ৰেছ এটা ৩০ জনীয়া ব্লক, মণ্ডল পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াৰৰ লগতে দুই শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। যোগদান সমাৰোহত দৰং-ওডালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মীন অধ্যক্ষ গুৰুজ্যোতি দাস, যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি জোনজ্যোতি কাশ্যপ, মঙলদৈ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী অনুপ বৰ্মণ, ছিপাঝাৰৰ প্ৰভাৰী ৰাতুল শৰ্মা, জিলা যুৱ মৰ্চাৰ সভাপতি দিব্যজ্যোতি শৰ্মা, মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱীসহ বিজেপিৰ নীলিমা দেৱী, কুলদীপ বৰুৱা, দেবব্ৰত দত্ত, প্ৰতাপ বৰদলৈ, প্ৰণৱ বৰুৱা আদিয়ে অংশ লয়। জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আৰু সম্পাদক মন্টু ডেকাই আঁতধৰা যোগদান‌‌ সমাৰোহত মন্ত্ৰী জয়ন্ত মল্লই কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছত যিদৰে খহনীয়া হৈছে দলটোৰ প্ৰাৰ্থীয়েও কোনোবা দিনা বিজেপিত যোগদান কৰিব পাৰে৷