Logo
image

আয়কৰৰ জালত চট্‌ফটাইছে কংগ্ৰেছে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ কুৰিদিনো সময় বাকী নথকা অৱস্থাত কেন্দ্ৰীয় আয়কৰ বিভাগে দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক চেপি-খুন্দি ক্ৰমাৎআৰ্থিক নিশকটীয়া কৰি পেলাইছে৷ দিল্লী উচ্ছ ন্যায়ালয়ত কংগ্ৰেছ দলৰ দুখনকৈ আয়কৰ পুণৰ্মূল্যায়নৰ আবেদন ১৩ মাৰ্চত খাৰিজ হোৱাৰ পাছত আয়কৰ বিভাগে শতাব্দী প্ৰাচীন দলটোলৈ ৩ খন জাননী প্ৰেৰণ কৰিছে, য’ত কংগ্ৰেছে ভৰিবলগীয়া বকেয়া কৰ, সূদ আৰু জৰিমনাৰ পৰিমাণ হৈছেগৈ ৩,৫৬৭ কোটি টকা৷ আয়কৰ বিভাগে তিনিওখন জাননীৰ জৰিয়তে কংগ্ৰেছ দলক অবিলম্বে ৩,৫৬৭ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিছে৷ শেহতীয়া জাননীত কংগ্ৰেছ দলক ২০১৪-১৫ বিত্তীয় বৰ্ষৰ ৬৬৩ কোটি টকা, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ৬৬৪ কোটি টকা আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ৪১৭ কোটি টকা আদায় দিবলৈ কোৱা হৈছে৷ কংগ্ৰেছ দলক ইয়াৰ পূৰ্বে শুকুৰবাৰে আয়কৰ বিভাগে ১,৮২৩ কোটি টকা আদায়ৰ নিৰ্দেশ দিছিল৷ শেহতীয়া দুখন জাননীৰ ১,৭৪৪ কোটি টকাসহ কংগ্ৰেছৰ বকেয়া কৰ, জৰিমনা-সূদৰ পৰিমাণ হৈছেগৈ ৩,৫৬৭ কোটি টকা৷ আয়কৰ বিভাগে ৰাজনৈতিক দলৰ পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত থকা কৰ ৰেহাইৰ সুবিধা কংগ্ৰেছ দলক প্ৰদান কৰা নাই৷ বৰং দলটোৱে ২০১৪ চনৰ পৰা সংগ্ৰহ কৰা সম্পূৰ্ণ দলীয় পুঁজিৰ ওপৰত আয়কৰ বিভাগে কৰ আৰোপ কৰিছে৷ তদুপৰি দলৰ সাংসদে প্ৰদান কৰা নগদ ধনৰ ৪৯ কোটি টকা চান্দাৰ ওপৰত ১০৬ শতাংশ জৰিমনা বিহিছে, য’ত দলটোৱে ৪৯ কোটি টকা লাভ কৰি জৰিমনা ভৰিবলগীয়া হৈছে ১৩৫ কোটি টকা৷ কংগ্ৰেছ দলৰ ওপৰত আৰোপ কৰা আয়কৰ বিভাগৰ এই বৃহৎ পৰিমাণৰ ধনৰ সিংহভাগেই হৈছে জৰিমনা আৰু সূদ, য’ত বকেয়া কৰৰ পৰিমাণ ন্যূনতম৷ তাৎপৰ্যপূৰ্ণ যে গ্ৰেপ্তাৰ হোৱা বা তালাচী চলোৱা কোনো নেতা বা ব্যক্তিৰ ডায়েৰীত চান্দা বুলি উল্লেখ থকা (প্ৰকৃততে তৃতীয় পক্ষ) ধনৰ ওপৰতো আয়কৰ বিভাগে কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰ আৰোপ কৰিছে৷ স্মৰ্তব্য, ইতিপূৰ্বে আয়কৰ বিভাগে কংগ্ৰেছ দলৰ বেংক একাউণ্টৰ পৰা ১৩৫ কোটি টকা বাজেয়াপ্ত কৰিছে৷ আয়কৰ বিভাগৰ এই পদক্ষেপৰ বিৰুদ্ধে কংগ্ৰেছ দলে আয়কৰ এপিলাইট ট্ৰাইবুনেল আৰু দিল্লী উচ্ছ ন্যায়ালয়ত আবেদন জনাই নিৰাশ হৈছে৷ সোমবাৰে এই বিষয়টো লৈ কংগ্ৰেছ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা৷

কেন্দ্ৰীয় আয়কৰ বিভাগৰ দাবী, আয়কৰ আইনৰ ১৩(১) নম্বৰ ধাৰা উলংঘনৰ প্ৰমাণ পোৱাৰ বাবেই কংগ্ৰেছৰ বিৰুদ্ধে বিপুল অংকৰ ধন বকেয়া কৰ, সূদ আৰু জৰিমনা হিচাপে আদায়ৰ নিৰ্দেশ দিয়া হৈছে৷ কংগ্ৰেছ দলে এই ঘটনাক মোদী চৰকাৰৰ কৰ সন্ত্ৰাস বুলি মন্তব্য কৰিছে৷ কংগ্ৰেছ দলৰ মতে, আয়কৰ বিভাগে যি যি ধাৰাত কংগ্ৰেছৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰিছে আৰু বকেয়া কৰ দাবী কৰিছে, সেই সেই ধাৰা বিজেপিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে গেৰুৱা দলটোৱে ৪,৬০০ কোটিৰো অধিক ধন আয়কৰ বিভাগক প্ৰদান কৰিব লাগিব৷ কংগ্ৰেছ দলৰ প্ৰশ্ন, আয়কৰ আইন উলংঘন আয়কৰ বিভাগে কেৱল কংগ্ৰেছ দলৰ ক্ষেত্ৰতে কিয় দেখিবলৈ পাইছে আৰু ঠিক লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ মাজতে কিয় কৰৰ হাৰাশাস্তি আৰম্ভ কৰিছে? কেৱল কংগ্ৰেছ দলক নিৰ্বাচনৰ মাজত আৰ্থিকভাৱে পংগু কৰি তোলাৰ বাবেই মোদী চৰকাৰৰ নিৰ্দেশত আয়কৰ বিভাগে কেৱল কংগ্ৰেছৰ বিৰুদ্ধে একপক্ষীয় পদক্ষেপ লোৱা বুলি দলটোৱে অভিযোগ তুলিছে৷ আন ৰাজনৈতিক দল, বিশেষকৈ বিজেপিয়ে দলীয় পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত আৰু আয়কৰ প্ৰদানৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰিলেও আয়কৰ বিভাগৰ বিজেপিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ সাহ নাই বুলিও দাবী কৰিছে দলটোৱে৷ কংগ্ৰেছৰ দাবী, এয়া বিজেপি চৰকাৰৰ পূূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ, যিটো আয়কৰ বিভাগে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰূপায়ণ কৰি কংগ্ৰেছ দলক আৰ্থিক দিশত পংগু কৰি পেলাইছে, যাতে দলটোৱে নিৰ্বাচনী প্ৰচাৰত ধন ব্যয় কৰাৰ ক্ষেত্ৰত দলীয় পুঁজি শূন্য হৈ পৰে৷