Logo
image

লুই বুটনৰ চোলা পিন্ধিলে দাম বেছি ভৰিবই লাগিবঃ মন্ত্ৰী জয়ন্তমল্ল

‘আমাৰ অসম’ৰ পশ্চিম দৰঙৰ প্ৰতিবেদক, ১ এপ্ৰিলঃ  জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি পাব পহিলা এপ্ৰিলৰ পৰা৷ আঠ শতাধিক ঔষধৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্ব সাধাৰণ৷ তেনে সময়ত ঔষধৰ মূল্যবৃদ্ধিক লৈ অদ্ভূত কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ ঔষধৰ মূল্য বৃদ্ধিৰ হৈছে যদিও নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে৷ ৰাইজে জেনেৰিক ঔষধ ব্যৱহাৰ কৰিলে মূল্য হ্ৰাসহে পাব৷ মঙলদৈত এই দাবী জনস্বাস্থ্য মন্ত্ৰীজনৰ৷ মঙলদৈত জিলা বিজেপি কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত এক যোগদান সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে কয়–‘কোনোবাই সাধাৰণ চোলা নিপিন্ধি যদি লুই বুটনৰ চোলা পিন্ধে তেতিয়াহলে দাম বেছি ভৰিবই লাগিব৷ ‘ৰাইজক জেনেৰিক দৰৱৰ ফাৰ্মাচীত ঔষধ ক্ৰয়ৰ বাবে আহ্বান জনাই সজাগ হ'বলৈয়ো কয় মন্ত্ৰীজনে৷ আনহাতে দৰং-ওডালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত কয়–‘হোটেলত গৈ চিংৰা নাখাই পিজ্জা খালে অধিক ধন ভৰিবই লাগিব৷ ‘ৰাইজ সজাগ সচেতন হৈ জেনেৰিক মেডিচিনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিব লাগে৷ ঔষধৰ মূল্য বৃদ্ধিৰ বিষয়টোৱে কোনো কাৰণত নিৰ্বাচনত প্ৰভাৱ নেপেলায় বুলিও তেওঁ দাবী কৰে৷ আয়ুষ্মাণ কাৰ্ড আৰু অটলকাৰ্ড যোগে ইতিমধ্যে চৰকাৰে ভাৰতীয় নাগৰিকক স্বাস্থ্য সম্পৰ্কীয় সকাহ দি অহাৰ কথাও তেওঁ উল্লেখ কৰে৷ ইফালে যোগদান এই সমাৰোহত কংগ্ৰেছৰ ব্লক, মণ্ডল পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াৰ ৰ লগতে দুই শতাধিক সদস্য ই আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে৷ যোগদান সমাৰোহত দৰং-ওডালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া,  কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মীন অধ্যক্ষ গুৰুজ্যোতি দাস, যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি জোনজ্যোতি কাশ্যপ, মঙলদৈ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী অনুপ বৰ্মণ, ছিপাঝাৰৰ প্ৰভাৰী ৰাতুল শৰ্মা, জিলা যুৱ মৰ্চাৰ সভাপতি দিব্যজ্যোতি শৰ্মা, মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱী সহ বিজেপিৰ নীলিমা দেৱী, কুলদীপ বৰুৱা, দেবব্ৰত দত্ত, প্ৰতাপ বৰদলৈ, প্ৰণৱ বৰুৱা আদিয়ে অংশ লয়৷ জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আৰু সম্পাদক মণ্টু ডেকাই আঁতধৰা যোগদান সমাৰোহত মন্ত্ৰীজনে কংগ্ৰেছত যিদৰে খহনীয়া হৈছে, হয়তো দলটোৰ প্ৰাৰ্থী মাধব ৰাজবংশীয়ে কোনোবা দিনা বিজেপিত যোগদান কৰিব পাৰে বুলি কটাক্ষ কৰে৷